ETV Bharat / state

পৰিৱেশ সংৰক্ষণ সজাগতাৰ উদ্দেশ্য়ে বাটৰ নাট প্ৰদৰ্শন

প্ৰতিবছৰে ৫ জুনত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । পৰিৱেশ সংৰক্ষণ, সুৰক্ষা সজাগতাই হৈছে এই দিৱসৰ উদ্দেশ্য় ।

Street play performance for environmental conservation awareness in Titabor
পৰিৱেশ সংৰক্ষণ সজাগতাৰ উদ্দেশ্য়ে বাটৰ নাট প্ৰদৰ্শন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 2:13 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: আজি বিশ্ব পৰিৱেশ দিৱস । পৰিৱেশ সংৰক্ষণ, সুৰক্ষা, ভৱিষ্যতৰ কৰ্মপন্থা নিৰ্ধাৰণ আৰু পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ বাবে প্ৰতিবছৰে ৫ জুনত এই দিৱস পালন কৰি অহা হৈছে । ইয়াৰ সৈতে সংগতি ৰাখি যোৰহাটৰ বিভিন্ন ঠাইতো আয়োজন কৰা হয় ভিন্ন কাৰ্যসূচীৰ ।

গছ থাকিলেহে মানুহ থাকিব । গছেই যদি নাথাকে মানু্হ যেনেকৈ জীয়াই থাকিব । বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যোৰহাটৰ বিভিন্ন স্থানত গছ পুলি ৰোপণৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰি উদযাপন কৰা হয় এই দিৱস । ৰং হামদৈ ফাউণ্ডেচনৰ উদ্যোগত যোৰহাট জিলাৰ তিতাবৰৰ প্ৰাগজ্যোতিকা বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীসকলে পৰিৱেশন কৰে 'পৃথিৱীৰ অসুৰ' নামেৰে এখন সজাগতামূলক বাটৰ নাট ।

পৰিৱেশ সংৰক্ষণ সজাগতাৰ উদ্দেশ্য়ে বাটৰ নাট প্ৰদৰ্শন (ETV Bharat Assam)

যোৱা পহিলা জুনৰ পৰা প্ৰকৃতিক সুৰক্ষা কৰা, গছপুলি ৰোপণেৰে পৃথিৱীখন কেনেকৈ সেউজীয়া কৰিব পাৰি ,গছ কাটিলে মানুহ আৰু জীৱ- জন্তুৰ বাবে কিমান ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব সেই বিষয়ে ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ পৰিৱেশন কৰা হয় এই বাটৰ নাটখনি ।

Street play performance for environmental conservation awareness in Titabor
পৰিৱেশ সংৰক্ষণ সজাগতাৰ উদ্দেশ্য়ে বাটৰ নাট প্ৰদৰ্শন (ETV Bharat Assam)

তিতাবৰ ষ্টেচন তিনিআলিত অনুষ্ঠিত কৰা বাটৰ নাটৰ জৰিয়তে প্রকৃতিয়ে যে অমাক সকলো দিছে; কিন্তু প্ৰকৃতিক আমিহে একো দিব পৰা নাই সেই বিষয়টো উপস্থাপন কৰা হয় । তদুপৰি নাটকখনৰ মাজেদি দিনক দিনে উষ্ণতা বৃদ্ধি, সঘনাই জলবায়ুৰ পৰিৱৰ্তন, ভয়ানক প্ৰদূষণৰ বাবে ৰক্ষা হ'বলৈ প্ৰত্যেকগৰাকী ব্যক্তিয়ে কি কৰিব লাগে তাৰ এক সুন্দৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ।

Street play performance for environmental conservation awareness in Titabor
পৰিৱেশ সংৰক্ষণ সজাগতাৰ উদ্দেশ্য়ে বাটৰ নাট প্ৰদৰ্শন (ETV Bharat Assam)

এই সন্দৰ্ভত এগৰাকী উদ্য়োক্তাই কয়, "আমি কেনেকৈ পৰিৱেশ সংৰক্ষণ কৰিব লাগে বা পৰিৱেশৰ প্ৰতি জনসাধাৰণক কেনেদৰে সচেতন কৰিব পাৰো সেই উদ্দেশ্য় আগত ৰাখিয়ে যোৱা পহিলা জুনৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে এই সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছিল । এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি প্ৰথমদিনা গোলাঘাট জিলাৰ বিভিন্ন ঠাইত বৃক্ষৰোপণ কৰা হয় । দ্বিতীয়দিনা তিতাবৰত প্ৰায় ২০০ জোপা গছপুলি ৰোপণ কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় ।"

লগতে পঢ়ক:বীজ বোমা, সেউজ সৈনিক আৰু সেউজ বিস্ফোৰণ: এখন 'খাদ্য অৰণ্য'ৰ আঁৰৰ এক নিপোটল কাহিনী

পকেটৰ ধনেৰে সেউজ বিপ্লৱ : মাজুলীৰ প্ৰকৃতিপ্ৰেমী বুবুল হাজৰিকাৰ কাহিনী...

বিশ্ব পৰিৱেশ দিৱস : প্ৰধানমন্ত্ৰী মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বাৰ্তা