ETV Bharat / state

দুবাৰকৈ কৰ্কটৰ চিকাৰ হৈও হাৰ নমনা মহিলাগৰাকী: বহুতে তেওঁৰ পৰা লৈছে জীয়াই থকাৰ প্ৰেৰণা

৩ সন্তানক হেৰুওৱাৰ দুখ, স্বামীক হেৰুওৱাৰ বেদনা... তাৰ পিছত দুবাৰকৈ কৰ্কট ৰোগত আক্ৰান্ত । কিন্তু এতিয়াও তেওঁ বহুতকে দি আছে কৰ্কটৰ সৈতে যুঁজাৰ সাহস ।

Guwahati cancer warrior woman
দুবাৰকৈ কৰ্কটৰ চিকাৰ হৈও হাৰ নমনা মিনতি বৰঠাকুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 7:56 PM IST

15 Min Read
Choose ETV Bharat

গুৱাহাটী : মিনতি বৰঠাকুৰ । প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী এগৰাকী মহিলা । বিগত কেইবা দশক ধৰি তেওঁ এখন যুদ্ধ চলাই আছে । এই যুদ্ধখন তেওঁ অকলেই চলাই নিছে । ব্যক্তিগত জীৱনত মৃত্যুৰ সৈতে যুঁজ দি জয়ী হোৱা প্ৰায় ৭৯ বছৰীয়া মিনতি বৰঠাকুৰে অজস্রজনক জীৱন যুঁজত আগুৱাই যোৱাৰ মানসিক শক্তি, প্ৰেৰণা দি আহিছে । অদমনীয় মনোবলেৰে তেওঁ যুঁজ দিছে কৰ্কট ৰোগৰ বিৰুদ্ধে । সাধাৰণতে কৰ্কট ৰোগ বুলিলেই মানুহৰ মনত এক ধৰণৰ ত্ৰাস আৰু ভয় ভাবৰ উদয় হয় ।

কেন্সাৰ বা কৰ্কট ৰোগৰ নাম শুনিলেই স্বাভাৱিকতে এজন লোকে সন্মুখত মৃত্যুক দেখা পায় । কিন্তু সেই মৃত্যুক জিনি তেওঁ হৈ পৰিছে অজেয় । দুবাৰকৈ জটিল কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখৰ পৰা ঘূৰি অহা এইগৰাকী অদমনীয় মনোবলৰ গৰাকী মিনতি বৰঠাকুৰ আজি কৰ্কট ৰোগীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে । এইগৰাকী মহিলাৰ প্ৰেৰণাদায়ক কাহিনীৰে এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে । ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত তেওঁ ব্যক্ত কৰিলে মনৰ কথা ।

দুবাৰকৈ কৰ্কটৰ চিকাৰ হৈও হাৰ নমনা মিনতি বৰঠাকুৰ (ETV Bharat Assam)

প্ৰথমবাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ কিদৰে দিছিল যুঁজ ?

কটন মহাবিদ্যালয়ত (বৰ্তমান বিশ্ববিদ্যালয়) অধ্যাপনা কৰি থাকোতে মিনতি বৰঠাকুৰৰ শৰীৰত ধৰা পৰিছিল কৰ্কট ৰোগ । বহুদিনৰ পৰা হৈ থকা পেটৰ অসুখ লাহে লাহে মিনতিৰ শৰীৰত কৰ্কট ৰোগলৈ পৰিৱৰ্তিত হৈছিল । বহু পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসাৰ পিছতো এই ৰোগ তেওঁৰ শৰীৰত পেট, যকৃত, হাঁওফাঁও, অগ্ন্যাশয় আদিলৈ বিয়পি পৰাৰ পিছতহে ধৰা পৰিছিল । ১৯৯৪ চনৰ এপ্ৰিল মাহত মুম্বাইৰ টাটা হাস্পতালত তেওঁৰ ৰোগ ধৰা পৰে ।

সেই সময়ত টাটা হাস্পতালৰ চিকিৎসকসকলে চিকিৎসা প্ৰদান কৰিলেও তেওঁ আৰু মাত্ৰ কেইমাহমানহে জীয়াই থাকিব বুলি মত প্রকাশ কৰিছিল । শৰীৰৰ বহু স্থানতে টিউমাৰ থকাৰ বাবে অপাৰেশ্যন বা ছাৰ্জাৰী কৰা নাইবা ৰেডিঅ'থেৰাপী দিয়া সম্ভৱ নাছিল । সন্মুখত আছিল মৃত্যু । কিন্তু সেই সময়ত মিনতি বৰঠাকুৰে পৰিয়ালটোৰ কথা চিন্তা কৰি সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁ বাচি থাকিবলৈ অহোপুৰুষাৰ্থ কৰিব । ১৯৯৪ চনৰ ৩০ এপ্ৰিলত টাটা হাস্পতালতে তেওঁৰ চিকিৎসা আৰম্ভ কৰা হয় আৰু পিছলৈ গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা চলে ।

Guwahati cancer warrior woman
দুবাৰকৈ কৰ্কটৰ চিকাৰ হৈও হাৰ নমনা মিনতি বৰঠাকুৰ (ETV Bharat Assam)

মিনতি বৰঠাকুৰে অত্যন্ত সাহস আৰু ধৈৰ্যৰে চিকিৎসাৰ প্ৰতিক্ৰিয়াসমূহৰ লগত যুঁজ দিয়ে । সেই সময়ত তেওঁৰ প্ৰতিদিনে ২৫-৩০ বাৰলৈকে বমি আৰু পাইখানা হৈছিল । যি খাই তাকেই লগে লগে শৰীৰৰ পৰা তেনেদৰেই ওলাই গৈছিল । বাৰে বাৰে তেজ ল'বলগীয়া হৈছিল । শুকাই-ক্ষীণাই তেওঁৰ শৰীৰত হাড় আৰু ছালহে বাকী আছিলগৈ । চুলি সকলোবোৰ সৰি গৈছিল, গাৰ ৰং হালধীয়া আৰু ক'লা হৈ পৰিছিল । লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা হৈছিল । কিন্তু তেওঁ হতাশ হোৱা নাছিল । তেওঁ যোগাসন, প্রাণায়াম, ধ্যান আদিৰ সহায়ত মনক প্রফুল্ল কৰি ৰাখিবলৈ অহৰহ যত্ন কৰিছিল । খোৱা-বোৱা, ভ্রমণ, প্রাণায়াম আদি কৰি বেমাৰৰ কষ্ট লাঘৱ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল ।

স্বামী নিকুঞ্জ বিহাৰী বৰঠাকুৰে বিভিন্ন ঠাইৰ পৰা কেঞ্চাৰ সম্পৰ্কীয় বহুতো গ্রন্থ কিনি আনি মিনতি বৰঠাকুৰক দিছিল আৰু সেই কিতাপবোৰ পঢ়ি তেওঁ গম পাইছিল যে পৃথিৱীত এনে কিছুমান ৰোগী আছে যি শেষ স্তৰৰ পৰাও জীৱন ঘূৰাই পাইছে । তেতিয়াই এই কথা তেওঁৰ মনলৈ আহিছিল যে যদি পৃথিৱীত কিছুমান মানুহে এনেদৰে সুস্থ হ'ব পাৰে তেওঁনো কিয় নোৱাৰিব । এই উদ্দেশ্য আগত ৰাখি তেওঁ অধ্যয়নৰ যোগেদি লাভ কৰা জ্ঞানৰ যোগেদি আগুৱাই গৈ লাভ কৰিছিল সফলতা । শৰীৰত থকা টিউমাৰবোৰ লাহে লাহে সৰু হৈ আহিবলৈ ধৰিলে আৰু সুস্থ হোৱাৰ ফালে আগবাঢ়িল । কিতাপবোৰ পঢ়ি তেওঁ ইয়াকো গম পাইছিল যে পৃথিৱীত এনে কিছুমান ৰোগী আছে যি কৰ্কটৰ পৰা উপশম পোৱাৰ পিছত কৰ্কট ৰোগীসকলৰ বাবে কাম কৰে আৰু সাহায্য আগবঢ়ায় । মিনতি বৰঠাকুৰেও সেই লক্ষ্যৰেই আগবাঢ়িল । এক দীঘলীয়া সময় কৰ্কট ৰোগেৰে যুঁজ দি জয়ী হৈ তেওঁ সমাজৰ হকে কাম কৰাৰ বাবে আগুৱাই যায় ।

Guwahati cancer warrior woman
দেশ-বিদেশত কৰ্কট ৰোগৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচীত অংশ লৈছে মিনতি বৰঠাকুৰে (ETV Bharat Assam)

দ্বিতীয়বাৰ কৰ্কট ৰোগৰে যুঁজ :

সেয়া ২০০৯ চনৰ কথা । স্বামী ঘৰৰ চাদত খোজকাঢ়ি থাকোতে পিছল খাই পৰি কঁকালৰ হাড় (Pelvis Bone) ভাগি গৈছিল । গতিকে বহুদিন হাস্পতালত থাকিবলগীয়া হ'ল । সেই সময়ত তেওঁক শোৱাপাটীতে সকলো বস্তুৰ যোগান ধৰিবলগীয়া হৈছিল । সেইবাবে মিনতি বৰঠাকুৰৰ ঘৰুৱা কাম বাঢ়ি যোৱাত নিজৰ খোৱা-বোৱা, আসন-প্রাণায়াম আদি কৰাৰ বাবে সময় নোহোৱা হৈছিল । সেই সময়ত মিনতি বৰঠাকুৰক পিঠিৰ বিষ এটাই বৰকৈ আমনি কৰিবলৈ ল'লে ।

ইতিমধ্যে তেওঁৰ স্বামীয়ে খোজকাঢ়িব পৰা হৈছিল । গতিকে লগে লগে মিনতি বৰঠাকুৰক তেওঁ মুম্বাইলৈ লৈ গ'ল । সকলো পৰীক্ষা-নিৰীক্ষাৰ পিছত মিনতি বৰঠাকুৰৰ 'Pelvis Region' আৰু 'Back Bone'ত ৰোগটো ধৰা পৰিল আৰু পুনৰ চতুৰ্থ স্তৰ পাইছেগৈ বুলি চিকিৎসকে জনালে । তেতিয়া তেওঁ বুজিব পাৰিলে যে কেঞ্চাৰ ৰোগীয়ে নিজৰ যত্ন কেতিয়াও এৰিব নোৱাৰে, যত্ন এৰিলেই এই ৰোগে পুনৰ দেখা দিয়ে । দ্বিতীয়বাৰ পত্নীৰ দেহত ৰোগে থিতাপি লোৱাৰ ঘটনাটো সহজভাৱে ল'ব নোৱাৰিলে স্বামীয়ে ফলত নিশা প্ৰায় ৪ বজাত তেওঁৰ হার্ট একেট হ'ল আৰু কেইছেকেণ্ডমানৰ ভিতৰতে তেখেতে প্ৰাণ ত্যাগ কৰিলে । মুম্বাইৰ হোটেলৰ ৰূমত অকলশৰে চিঞৰি চিঞৰি সকলোকে জগাই মিনতি বৰঠাকুৰে স্বামীক হাস্পতাললৈ নিলে যদিও বচাব নোৱাৰিলে ।

Guwahati cancer warrior woman
কৰ্কটৰ বিৰুদ্ধে যুঁজ দিয়া মিনতি বৰঠাকুৰক বিভিন্ন সন্মানেৰে সন্মানিত (ETV Bharat Assam)

এই ঘটনাৰ পাছত মিনতি বৰঠাকুৰে নিজৰ ৰোগকলৈ লেখমানো চিন্তা নকৰিলে । কাৰণ স্বামী ঢুকোৱাৰ পিছত তেওঁৰ নিজৰ জীৱনটো মূল্যহীন হৈ পৰিছিল । কিন্তু ৰোগটোৱে তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে প্ৰভাৱ বিস্তাৰ কৰিছিল । আনকি বি বৰুৱা হাস্পতালৰ পৰা তেওঁক পঠিয়াই দিয়াৰ পিছত দিছপুৰ হাস্পতালৰ পৰাও তেওঁক ঘৰলৈ ঘূৰাই পঠিওৱা হৈছিল । চিকিৎসকৰ মতে তেওঁ আৰু বেছিদিন বাচি নাথাকে । শয্যাগত হৈ পৰিছিল তেওঁ । কিন্তু তাৰ পাছতো হতাশ হোৱা নাছিল । ঘৰলৈ অহাৰ পিছত একান্তচিত্তে প্রাণায়াম আৰু ধ্যান কৰি প্ৰায় ৮ মাহ কটোৱাৰ পিছত তেওঁ লাহে লাহে সুস্থ হ'বলৈ আৰম্ভ কৰিলে । অসুস্থ হৈ থকাৰ সময়তে বিশিষ্ট বুদ্ধিজীৱী প্ৰয়াত হোমেন বৰগোহাঞিৰ সহযোগত এখন গ্ৰন্থ লিখি উলিয়াইছিল । গ্ৰন্থখনৰ নাম হৈছে 'কলিজা কাঁইটে বিন্ধিলে যি চৰায়ে গান গায়'।

বহু কৰ্কট ৰোগীৰ বাবে প্ৰেৰণাৰ উৎস মিনতি বৰঠাকুৰ :

প্ৰথমবাৰ কৰ্কট ৰোগৰ পৰা উপশম লাভ কৰাৰ পিছত ২০০০ চনৰ পৰা মিনতি বৰঠাকুৰে গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰোগীসকলৰ বাবে বিনামূলীয়াকৈ সেৱা আগবঢ়ায় । সেই সময়ত কেঞ্চাৰ ৰোগীসকলৰ বাবে কাম কৰা অসমত আৰু কোনো নাছিল বাবে সকলো ৰোগীয়ে তেওঁক সহজেই আঁকোৱালি লৈছিল । তেওঁক লগ পালেই অনেকে সাৱটি ধৰিছিল আৰু সোমবাৰে তেওঁ আহিব বুলি ৰোগীসকলে অপেক্ষা কৰিছিল ।

Guwahati cancer warrior woman
অসম চৰকাৰ সতী সাধনী বঁটা প্ৰদান মিনতি বৰঠাকুৰক (ETV Bharat Assam)

মিনতি বৰঠাকুৰে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰোগীসকলক মনোবল বঢ়াবৰ বাবে সজাগতা আনিবলৈ ভাষণ দিয়া আৰম্ভ কৰাৰ লগতে খোৱা-বোৱা কেনেদৰে কৰিব লাগে, কি কি বস্তু তেওঁলোকৰ শৰীৰৰ বাবে বেছি উপকাৰী আৰু কি কি বস্তু তেওঁলোকে খোৱা বাদ দিলে ভাল, দীঘল উশাহ লৈ ধ্যান-প্রাণায়াম কৰি খোজকাঢ়িলে আৰু কিদৰে উশাহ ল'লে অক্সিজেন বেছিকৈ শৰীৰে পাব পাৰে, কোন কোন ব্যায়াম কেঞ্চাৰ ৰোগীসকলে কৰিব পাৰে আৰু কিমান কৰিব পাৰে, কেঞ্চাৰ ৰোগীৰ খাদ্য প্ৰস্তুত কৰাৰ নিয়ম কি আদিৰ বিষয়ে ভাষণ দিবলৈ ল'লে । লগতে তেওঁলোকৰ লগত নাচি-বাগি গীত গাই তেওঁলোকৰ মনোৰঞ্জন কৰিবলৈ আৰু তেওঁলোকৰ বাবে সৰ্বধৰ্মৰ প্ৰাৰ্থনা কৰিবলৈকো আৰম্ভ কৰিলে ।

মিনতি বৰঠাকুৰে প্রথমতে কটন কলেজত ২০০০ চনৰ ১ জানুৱাৰীত ৰোগী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া এটি ধ্যান আৰু পৰামৰ্শৰ বাবে কেন্দ্ৰ খুলিছিল । সেই কেন্দ্ৰৰ যোগেদি বিশেষভাৱে তেওঁ ৰোগীসকলৰ আত্মবিশ্বাস বঢ়াবলৈ প্ৰয়াস কৰিছিল । লগতে হতাশগ্ৰস্ত ছাত্ৰ-ছাত্ৰীসকলকো মনৰ শক্তি বঢ়াই জীৱন যুদ্ধত জয়ী হ'বলৈ পাঠদান কৰিছিল । পিছে মিনতিয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত এই কেন্দ্ৰটো নিজৰ ঘৰলৈ লৈ আহে । তেতিয়াৰ পৰাই আজি পর্যন্ত এই কেন্দ্ৰই ৰোগী আৰু নিৰোগী সকলো লোককে বিনামূলীয়াকৈ সেৱা কৰি আহিছে । এই কেন্দ্ৰৰ দ্বাৰা বহু ৰোগীয়ে চিকিৎসাৰ লগতে মিনতি বৰঠাকুৰে শিকোৱা জীৱনশৈলী গ্ৰহণ কৰি সুফল পাবলৈ সক্ষম হৈছে ।

Guwahati cancer warrior woman
বহু বছৰ ধৰি কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি আহিছে মিনতি বৰঠাকুৰে (ETV Bharat Assam)

তদুপৰি যিসকল ৰোগীয়ে আৰম্ভণিৰ পৰাই মিনতি বৰঠাকুৰৰ উপদেশ শিৰোগত কৰিছে তেওঁলোকৰ ৰোগ সোনকালে ভাল হৈছে । আনকি মিনতি বৰঠাকুৰৰ কেন্দ্ৰত শিক্ষা লৈ বহু আত্মবিশ্বাস নথকা আৰু হতাশাত ভুগি থকা ছাত্ৰ-ছাত্ৰীয়ে জীৱনত নিজক প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে । মিনতি বৰঠাকুৰে কেঞ্চাৰ ৰোগৰ বিষয়ে সচেতনতা বৃদ্ধি কৰিবলৈ আৰু এই ৰোগক ৰোধ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে । ২০০১ চনৰে পৰাই তেওঁ দেশে-বিদেশে, চহৰে-নগৰে, গাঁৱে গাঁৱে সজাগতাৰ বাবে কাম কৰি আহিছে । তেওঁ ভাৰতবৰ্ষৰ প্ৰায় সকলো প্ৰদেশৰ চুকে-কোণে ভ্ৰমণ কৰিছে ।

ভাৰতবৰ্ষৰ বাহিৰৰ বহু দেশত তেওঁ ভ্ৰমণ কৰি সেই দেশৰ ৰোগীসকলৰ লগত হাস্পতালত বা ৰটাৰী ক্লাবত নাইবা সমাজৰ যিকোনো অনুষ্ঠানতে তেওঁ এই কাম কৰিছে । বৰ্তমানলৈকে তেওঁ পৃথিৱীৰ ২৪ খন দেশ ভ্রমণ কৰিছে । মালদ্বীপ, শ্রীলংকা, বাংলাদেশ আৰু মৰিচাছৰ হাস্পতালসমূহতো তেওঁ ৰোগীসকলৰ বাবে সেৱা আগবঢ়াইছে । মিনতি বৰঠাকুৰে ইউ এছ এ, গ্রেট ব্ৰিটেইন, অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, ফ্রান্স, ছুইজাৰলেণ্ড, ইটালী, ভেটিকানচিটি, জার্মানী, অষ্ট্ৰিয়া, বেলজিয়াম, লাক্সেমবার্গ, নেডাৰলেণ্ড, থাইলেণ্ড, ইণ্ডোনেছিয়া, ছিংগাপুৰ, বাংলাদেশ, নেপাল, ভূটান, শ্রীলংকা, মালদ্বীপ, ইজিপ্ত আৰু মৰিচাছ আদি দেশ ভ্ৰমণ কৰি কৰ্কট ৰোগীৰ বাবে সেৱা আগবঢ়াই আহিছে । পৃথিৱীৰ যিকোনো দেশলৈ, যিকোনো গাঁৱলৈ কেঞ্চাৰৰ বাবে কাম কৰিবলৈ মাতিলে মিনতি বৰঠাকুৰ সকলো সময়তে যাবলৈ সাজু থাকে । এতিয়ালৈকে তেওঁ হাজাৰ হাজাৰ প্ৰেৰণামূলক ভাষণ দিছে । যাৰ দ্বাৰা ৰোগীয়ে লাভ কৰে জীৱন যুঁজৰ অদম্য শক্তি ।

কৰ্কট ৰোগৰ সজাগতাৰ ক্ষেত্ৰত তেওঁ ৰাইজক উদ্দেশ্যি কয়, "মানুহে জীৱনত ২-৩ বাৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰিব লাগে । কাৰণ যদি সোনকালে কৰ্কট ৰোগ ধৰা পৰে তেনেহ'লে ভাল হোৱা একেবাৰে সম্ভৱ । কিন্তু দেৰিকৈ ধৰা পৰিলে ভাল হোৱা সম্ভৱ নহয় । গতিকে নিজেও শৰীৰৰ ওপৰত যত্ন ল'ব লাগিব । ব্যায়াম কৰিব লাগে, বিশেষকৈ প্ৰাণায়াম বা দীঘলকৈ উশাহ লোৱা এইবিলাক মানুহে কৰিব লাগে । কৰ্কট ৰোগীসকলে এইবোৰ কৰিব লাগে । ৰোগীসকলে ভয় খাব নালাগে । কাৰণ ভয় খালে বেমাৰটোৱে চল পাব আৰু বাঢ়িহে যাব । ইয়াৰ বিৰুদ্ধে সাহসেৰে যুঁজিব লাগিব...।"

কৰ্কট ৰোগৰ গৱেষণাৰ বাবে দেহদান :

কৰ্কট ৰোগৰ ক্ষেত্রত গৱেষণা কৰিবৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মিনতি বৰঠাকুৰে নিজৰ দেহদান কৰিছে । ২০১৪ চনত মিনতি বৰঠাকুৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীসকলৰ লগত আৰু পৰিয়ালৰ সদস্যসকলৰ লগত আলোচনা কৰি কাছাৰীত এফিডেভিট কৰি মৃত্যুৰ পিছত নিজৰ শৰীৰটো কেঞ্চাৰৰ গৱেষণাৰ বাবে দান কৰিবলৈ মনস্থ কৰি লিখা-পঢ়া কৰে । কেৱল সেয়াই নহয় জীৱনত আৰ্জিত ধন তেওঁ কৰ্কট ৰোগীৰ সেৱাৰ নামতে ব্যয় কৰিছে ।

Guwahati cancer warrior woman
সমাজ হিতৈশী বঁটা ২০২৪ প্ৰদান মিনতি বৰঠাকুৰক (ETV Bharat Assam)

মিনতি বৰঠাকুৰৰ গ্ৰন্থ সম্ভাৰ :

কৰ্কট ৰোগৰ অভিজ্ঞতাৰ পৰা মিনতি বৰঠাকুৰে লিখা প্ৰথমখন গ্ৰন্থ আছিল ২০০৪ চনত প্ৰকাশিত 'মোৰ অসুখৰ এবছৰ : এজন কেঞ্চাৰ ৰোগীৰ অভিজ্ঞতা' । বৰ্তমানলৈ গ্ৰন্থখনৰ বহুকেইটা সংস্কৰণ ওলাইছে আৰু বহুকেইটা ভাষাত অনুবাদ কৰি প্ৰকাশ কৰা হৈছে । গ্ৰন্থখন বাংলা, হিন্দী, ইংৰাজী আৰু বড়ো ভাষালৈকো অনূদিত হৈছে । ইয়াৰ পিছত মিনতিৰ নিজৰ জীৱনৰ ভিত্তিত ৰচনা কৰা 'কলিজা কাঁইটে বিন্ধিলে যি চৰায়ে গান গায়' গীতিমালিকা নেওগৰ লগত প্রশ্নোত্তৰ হিচাপে লিখা গ্ৰন্থখন প্ৰকাশ পায় । আনহাতে ইংৰাজী গ্রন্থ 'The Hardworking Nyishi of Arunachal Pradesh' মিনতি বৰঠাকুৰৰ তৃতীয়খন গ্ৰন্থ । তেওঁৰ চতুৰ্থখন গ্রন্থ হৈছে 'The Concept of Meditation and its Application to the Younger Generation'। ইয়াৰ উপৰিও মিনতি বৰঠাকুৰে কেঞ্চাৰ সম্পৰ্কীয় আৰু মনৰ শক্তিৰ বিষয়ে বহু প্ৰবন্ধ আৰু নাৰীসকলক লৈ প্ৰেৰণামূলক গল্প বাতৰি কাকতত প্ৰকাশ কৰিছে ।

মিনতি বৰঠাকুৰলৈ বিভিন্ন সন্মান :

মিনতি বৰঠাকুৰৰ জীৱন আধাৰিত নিৰ্মাণ কৰা হৈছে ৩ খন তথ্যচিত্ৰ । বিভিন্ন পুৰস্কাৰেৰে সন্মানিত হোৱা মিনতি বৰঠাকুৰক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰতো বহুবাৰ সন্মানিত কৰা হৈছে । তেওঁ ৰটাৰী ক্লাবৰে জড়িত হৈ বহু প্ৰশংসনীয় কাম কৰি আহিছে । ১৯৯১ চনৰ জুলাই মাহত তেওঁ ৰটাৰী ক্লাবৰ প্ৰথম মহিলা সম্পাদক আৰু ১৯৯৩ চনত মহিলা সভানেত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল ।

২০০৩-০৪ চনত তেওঁ ৰটাৰীৰ 'Assistant Governor' হিচাপে ৰটাৰীৰ 'District 3240' হৈ সেৱা আগবঢ়ায় । প্ৰেৰণাদায়িনী মিনতি বৰঠাকুৰ আন্তঃৰাষ্ট্ৰীয় ৰটাৰীৰ বহুকেইটা সন্মানেৰে সন্মানিত হৈছে । কেঞ্চাৰ ৰোগীসকলৰ বাবে কৰা কামৰ বাবে দেশ-বিদেশৰ বহু সন্মানেৰে সন্মানিত হৈছে । মিনতি বৰঠাকুৰৰ বিষয়ে ৩ খন তথ্যচিত্ৰ নিৰ্মিত হৈছে । তাৰে দুখন ৫ মিনিটৰ ক্ৰমে ডাঃ বাট্ৰাছ আৰু প্ৰসূন বৰদলৈয়ে আৰু এখন ২৮ মিনিটৰ ৰশ্মি বৰুৱাই কৰি উলিয়াইছে ।

মিনতি বৰঠাকুৰক ২০০৭ চনত নাগালেণ্ডৰ গৱৰ্ণৰৰ বঁটা, ২০০৮ চনত 'Dr. Batras' নামৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ 'Positive Health Hero' বঁটা, ২০১২ চনত আন্তঃৰাষ্ট্ৰীয় ৰটাৰীৰৰ 'Four Avenues of Service', ২০১৪ চনত ৰটাৰী ইণ্টাৰনেশ্যনেলৰ সৰ্বোচ্চ সন্মান 'Service Above Self' বঁটা, ২০১৬ চনত প্ৰাগ চেনেলৰ প্ৰাগ সন্মান বঁটা আদি বহু বঁটাৰে সন্মানিত কৰা হয় ।

সংক্ষেপে মিনতি বৰঠাকুৰ :

মিনতি বৰঠাকুৰৰ পিতৃ ভূমিদেৱ গোস্বামী আৰু মাতৃ মোক্ষদা দেৱী । পিতৃ অসম কৰ বিভাগৰ বিষয়া আছিল । নগাঁও চহৰত পিতৃৰ পুৰণি ঘৰত মিনতি বৰঠাকুৰৰ জন্ম হৈছিল । মিনতি বৰঠাকুৰে তেনেই চালুকীয়া অৱস্থাৰে পৰাই গীত গাই, নাচি সকলোৰে দৃষ্টি আকর্ষণ কৰিব পাৰিছিল । অত্যন্ত মেধা সম্পন্ন মিনতি বৰঠাকুৰ কটন মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক আছিল । ৰক্ষণশীল পৰিয়ালৰ সন্তান হিচাপে ইমান মেধাৱী হোৱা সত্ত্বেও মিনতি বৰঠাকুৰৰ বিয়া দেউতাকে বি এ পৰীক্ষা শেষ হোৱাৰ লগে লগে পাতি দিছিল ।

মিনতি বৰঠাকুৰৰ স্বামী প্রয়াত নিকুঞ্জ বিহাৰী বৰঠাকুৰ দেৰগাঁৱৰ নেঘেৰিটিং পৰিয়ালৰ বৰঠাকুৰ, অৰ্থাৎ প্ৰধান পুৰোহিতৰ ঘৰৰ সন্তান আছিল । তেখেত অসম ইঞ্জিনীয়াৰিং কলেজৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল আৰু সুখ্যাতিৰে বি ই পৰীক্ষা পাছ কৰি অসম জনস্বাস্থ্য কাৰিকৰী বিভাগত যোগদান কৰিছিল । তেওঁ সেই বিভাগত আয়ুক্ত-সঞ্চালকৰূপে বহুদিন কাম কৰি অৱসৰ গ্ৰহণ কৰিছিল । মিনতি বৰঠাকুৰৰ ব্যক্তিগত জীৱনো যথেষ্ট বেদনাদায়ক । বিবাহৰ পিছত তেওঁলোকে এটাৰ পিছত আন এটাকৈ তিনিটি সন্তানক হেৰুৱাবলগীয়া হৈছিল । সেই সময়ৰ চিন্তা-ভাবনাৰ বাবে মিনতি বৰঠাকুৰৰ 'Psychological Stress Disorder' হৈছিল ।

অৱশ্যে মিনতি বৰঠাকুৰে বিবাহৰ পাছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দর্শন বিভাগত এম এ পাছ কৰে । ১৯৭৭ চনত মিনতি বৰঠাকুৰে কটন মহাবিদ্যালয়লৈ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা বদলি হৈ আহিছিল । কটন মহাবিদ্যালয়ত চাকৰি কৰাৰ সময়ত তেওঁ বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছেমিনাৰলৈ নিজৰ লেখা প্ৰেৰণ কৰিছিল আৰু গৱেষক হিচাপেও অংশগ্ৰহণ কৰিছিল । এই সকলোবিলাকৰ মাজতো মিনতিৰ পেটৰ অসুখটো ভাল হোৱা নাছিল । অসুখটোৱে প্ৰায়েই তেওঁক আমনি কৰিছিল । পাছলৈ গৈ সেই পেটৰ অসুখে কৰ্কট ৰোগ হিচাপে ধৰা পৰিছিল ।

লগতে পঢ়ক :এগৰাকী শিক্ষকৰ চিন্তাৰ ফচল : লখিমপুৰত গ্ৰাম্য কৃষি পৰ্যটনৰ নতুন ৰূপ 'বনফুল'