ETV Bharat / state

আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰি স্বাৱলম্বী স্থাপনা পাত্ৰ; দেখুৱাইছে মহিলা সবলীকৰণৰ পথ

৫০ গৰাকী মহিলাক কৰ্মসংস্থাপন দিয়া স্থাপনাৰ হস্তশিল্পৰ উৎপাদিত সামগ্ৰীসমূহ অসমৰ লগতে ৰাজ্যৰ বাহিৰলৈও ৰপ্তানি । জ্যেষ্ঠ সাংবাদিক কুলগীতা সাউদৰ বিশেষ প্ৰতিবেদন ।

Adar EcoCraft
আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰি স্বাৱলম্বী স্থাপনা পাত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 30, 2026 at 8:45 AM IST

8 Min Read
Choose ETV Bharat

গুৱাহাটী : পানী মেটেকা- যাক মৎস্য পালকসকলে এক প্ৰকাৰ আপদ বুলি গণ্য কৰে । কিয়নো খাল, বিল, পুখুৰী আদিত এই অপতৃণবোৰে মৎস্য পালকসকলক এক প্ৰকাৰ সমস্যাত পেলায় । মেটেকাই আগুৰি ধৰা জলাশয়ত সাধাৰণতে মাছৰ উৎপাদন কম হয় । অৱশ্যে যিবোৰ প্ৰাকৃতিক জলাশয় আছে তাত মেটেকাৰ তলতে বিভিন্ন থলুৱা প্ৰজাতিৰ মাজে বাহ লয় ।

কিন্তু ব্যৱসায়িক ভিত্তিত কৰা মৎস্য পালনত মেটেকা একপ্ৰকাৰ সমস্যা হিচাপে দেখা দিয়ে । সেয়ে এই অপতৃণ আঁতৰাই পৰিষ্কাৰ কৰা হয় আৰু এই আঁতৰোৱা প্ৰক্ৰিয়াটোও একপ্ৰকাৰ সমস্যাজনক ।

আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰি স্বাৱলম্বী স্থাপনা পাত্ৰ (ETV Bharat Assam)

'আপদ'ক 'সম্পদ'লৈ ৰূপান্তৰ

কিন্তু এসময়ত খাল, বিল, পুখুৰী আদিত ছানি ধৰা এই পানী মেটেকাক এক অপতৃণ বা আৱৰ্জনা বা এক কথাত 'আপদ' বুলি ভবা হৈছিল যদিও সেই পানী মেটেকায়ে এতিয়া 'সম্পদ' হিচাপে উন্নীত হৈছে । এসময়ৰ আপদ এই মেটেকা এতিয়া সম্পদলৈ ৰূপান্তৰ হৈ একাংশ লোকৰ বাবে আনিছে স্বাৱলম্বিতাৰ নতুন পথ । কিয়নো পানী মেটেকা প্ৰক্ৰিয়াকৰণৰ জৰিয়তে বিভিন্ন নিত্য ব্যৱহায্য সামগ্ৰী, ঘৰ সজোৱা সামগ্ৰী তথা অন্যান্য ডেকৰেটিভ ডিজাইন সৃষ্টিৰে প্ৰচুৰ ধন উপাৰ্জনৰ পথ সৃষ্টি হৈছে ।

Adar EcoCraft
আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰি স্বাৱলম্বী স্থাপনা পাত্ৰ (ETV Bharat Assam)

মেটেকাৰ উদ্যোগ

আনহাতে, বৰ্তমান নতুন প্ৰযুক্তি আৰু কৌশল উদ্ভাৱনৰ ফলত মেটেকাৰ সৈতে বহু লোক জড়িত হৈ নিজৰ লগতে আন দহজনৰ বাবেও উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছে । বৰ্তমান ই এক উদ্যোগ হিচাপে গঢ় লৈ উঠিছে আৰু এই মেটেকাৰ পৰা সামগ্ৰী প্ৰস্তুত উদ্যোগৰ সৈতে বহু উদ্যোগী জড়িত হৈ আছে । তেনে এগৰাকী মহিলা উদ্যোগী হৈছে গুৱাহাটীৰ স্থাপনা পাত্ৰ ।

Adar EcoCraft
আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰি স্বাৱলম্বী স্থাপনা পাত্ৰ (ETV Bharat Assam)

স্থাপনা পাত্ৰই পানী মেটেকাৰ পৰা বিভিন্ন সামগ্ৰী উৎপাদনৰ সৈতে জড়িত হৈ স্থাপন কৰা উদ্যোগৰ জৰিয়তে নিজে সংস্থাপিত হোৱাৰ লগতে আন বহুতকে পৰোক্ষ বা প্ৰত্যক্ষভাৱে জীৱিকাৰ পথ দেখুৱাইছে ।

স্থাপনা পাত্ৰৰ ব্যতিক্ৰমী যাত্ৰা

২০১৯ চনত কলেজত চাকৰি কৰি থকাৰ সময়ত বান্ধৱী এগৰাকীৰ সৈতে কৰা এক গৱেষণাৰ পৰাই আৰম্ভ হৈছিল স্থাপনাৰ এই উদ্ভাৱনীমূলক তথা ব্যতিক্ৰমী যাত্ৰা । উক্ত গৱেষণাৰ জৰিয়তে পানী মেটেকাৰ পৰা বিভিন্ন ধৰণৰ আকৰ্ষণীয় আৰু ব্যৱহাৰোপযোগী সামগ্ৰী প্ৰস্তুত কৰিব পৰা সম্ভাৱনাৰ বিষয়ে জানিব পাৰি মেটেকা শিল্পৰ প্ৰতি আকৰ্ষিত হৈছিল গুৱাহাটীৰ স্থাপনা পাত্ৰ ।

Adar EcoCraft
আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰি স্বাৱলম্বী স্থাপনা পাত্ৰ (ETV Bharat Assam)

অৱশ্যে মেটেকাক লৈ কিবা এটা কৰাৰ প্ৰয়াস কৰা সময়তে কোভিড পৰিৱেশৰ সৃষ্টি হয় । এই কোভিডসৃষ্ট পৰিৱেশ আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁ আহমেদাবাদলৈ যাবলগীয়া হৈছিল যদিও মেটেকা শিল্পক লৈ দেখা সপোনটো তেওঁ বুকুত বান্ধি ৰাখিছিল ।

আদৰ ইক'ক্ৰাফট আৰু স্থাপনাৰ মেটেকা উদ্যোগ

পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীলৈ ঘূৰি আহি মাত্ৰ ২ লাখ টকাৰ মূলধনেৰে এবছৰ পূৰ্বে আৰম্ভ কৰে ‘আদৰ ইক'ক্ৰাফ্ট’ (Adar EcoCraft) নামৰ এক পৰিৱেশ-অনুকূল আৰু বহনক্ষম উদ্যোগ । এই সন্দৰ্ভত উদ্যমী মহিলা স্থাপনা পাত্ৰই ইটিভি ভাৰতৰ আগত কয়, "বৰ্তমান বজাৰত মেটেকাৰ উৎপাদিত সামগ্ৰীসমূহে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে ।

Adar EcoCraft
পানী মেটেকা উদ্যোগৰ সম্ভাৱনীয়তা (ETV Bharat Assam)

গ্ৰাহকসকলে বৰ্তমান ‘এৰিষ্টেটিক লিভিং’ (Aesthetic Living)ৰ গুৰুত্ব বুজি উঠিছে আৰু সম্পূৰ্ণ প্ৰাকৃতিক সামগ্ৰীসমূহক আদৰি লৈছে । অতি পাতল এই সামগ্ৰীসমূহ প্ৰস্তুত কৰাৰ বাবে পানী মেটেকাবোৰ নগাঁও, কোকৰাঝাৰ আৰু গুৱাহাটীৰ দীপৰ বিলৰ সমীপৱৰ্তী অঞ্চলৰ পৰা সংগ্ৰহ কৰা হয় ।"

১৫ বিধৰো অধিক সামগ্ৰী আৰু দেশজুৰি চাহিদা

আদৰ ইক'ক্ৰাফ্টত বৰ্তমান ১০০ টকাৰ পৰা ২০০০ টকা মূল্যৰ ভিতৰত প্ৰায় ১৫ বিধ ভিন্ন সামগ্ৰী পোৱা যায় । ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল ঘৰুৱা ব্যৱহায্য সামগ্ৰী । তাৰ ভিতৰত আছে ডাইনিং টেবুল ৰাণাৰ, ফ্ল'ৰ ৰাণাৰ আৰু ডাইনিং মেট, আকৰ্ষণীয় বেগ আৰু বিভিন্ন প্ৰকাৰৰ বাস্কেট, লেম্প ছেট আদি ।

Adar EcoCraft
আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰি স্বাৱলম্বী স্থাপনা পাত্ৰ (ETV Bharat)

তেওঁ লগতে কয় , "উৎপাদিত সামগ্ৰীসমূহ কেৱল অসমৰ বিভিন্ন প্ৰান্ততে সীমাবদ্ধ থকা নাই; বৰঞ্চ দিল্লী, বেংগালুৰু, কেৰালা, কলকাতা আৰু আহমেদাবাদ আদিৰ দৰে দেশৰ কেইবাখনো আগশাৰীৰ মহানগৰীলৈ ৰপ্তানি হৈছে ।" আনকি এই ঠাইসমূহত তেওঁৰ বহু নিয়মীয়া গ্ৰাহক গঢ়ি উঠিছে ।

মহিলা সবলীকৰণ আৰু ভৱিষ্যতৰ পৰিকল্পনা

এই সন্দৰ্ভত স্থাপনা পাত্ৰই কয়, "বৰ্তমান মোৰ এই উদ্যোগটোৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ৫০ গৰাকী মহিলা জড়িত হৈ আছে । এই মহিলাসকল চৰকাৰৰ ‘স্কিল ইণ্ডিয়া’ (Skill India) আঁচনিৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত ।"

Adar EcoCraft
পানী মেটেকা উদ্যোগৰ সম্ভাৱনীয়তা (ETV Bharat Assam)

দেশীয় বজাৰৰ সমান্তৰালকৈ আন্তৰাষ্ট্ৰীয় বজাৰখন দখল কৰাৰ লগতে গুৱাহাটীত ‘আদৰ ইক'ক্ৰাফ্ট’ৰ এটা নিজস্ব শ্ব’ ৰূম খোলাৰ পৰিকল্পনা কৰিছে এইগৰাকী মহিলা উদ্যোগীয়ে । স্থাপনা পাত্ৰৰ এই প্ৰচেষ্টাই প্ৰমাণ কৰিছে যে দৃঢ় ইচ্ছা আৰু সঠিক পৰিকল্পনা থাকিলে পেলনীয়া সামগ্ৰীৰেও গ্ৰাম্য অৰ্থনীতি আৰু মহিলা সবলীকৰণৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব পৰা যায় ।

পানী মেটেকাৰ বিষয়ে কিছু তথ্য

পানী মেটেকাৰ বৈজ্ঞানিক নাম হৈছে Eichhornia crassipes । ইয়াৰ পাতবোৰ ডাঠ, মিহি আৰু থিয় হয় । পানী মেটেকাৰ আকৰ্ষণীয় শেঁতা বেঙুনীয়া বা গুলপীয়া বৰণৰ ফুল ফুলে । সাধাৰণতে পানী মেটেকা অতি দ্ৰুতগতিত বাঢ়ে আৰু পানীৰ সোঁত বা জলাশয় বন্ধ কৰি পেলাব পাৰে ।

অসমৰ মেটেকা উদ্যোগ

কিন্তু বৰ্তমান এই পানী মেটেকাৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ গঢ় লৈ উঠিছে । চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ডত পানী মেটেকা উদ্যোগৰ বাবে বিভিন্ন ধৰণৰ প্ৰকল্প তথা আৰ্থিক সুবিধা প্ৰদান কৰা হয় । আনহাতে, যুৱ উদ্যোগীসকলৰ বাবে এই উদ্যোগটোৰ এক বিশাল সম্ভাৱনা আছে ।

Adar EcoCraft
আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰি স্বাৱলম্বী স্থাপনা পাত্ৰ (ETV Bharat)

সাধাৰণতে পানী মেটেকাৰ শুকান ডাঠ কাণ্ডৰ পৰা বিভিন্ন সুন্দৰ আৰু আকৰ্ষণীয় সামগ্ৰী তৈৰি কৰা হয় । ইয়াৰ দ্বাৰা বেগ, বিভিন্ন ধৰণৰ ঘৰ সজোৱা সামগ্ৰী, পাটী, ফুলদানি আদি কুটিৰ শিল্পৰ সামগ্ৰী বনোৱা হয় । বৰ্তমান অসমত পানী মেটেকাৰ দ্বাৰা তৈয়াৰী হস্তশিল্পৰ দ্বাৰা বহু যুৱক-যুৱতী তথা মহিলা স্বাৱলম্বী হৈছে ।

মেটেকা উদ্যোগৰ আৰম্ভণি

২০০৮ চনত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিত্ত নিগম চমুকৈ নেডফি আৰু উত্তৰ-পূৰ্বাঞ্চল পৰিষদে (এনইচি) শিপিনীসকলক হস্তশিল্পৰ কেঁচামাল হিচাপে মেটেকাক প্ৰচাৰ কৰাৰ উদ্যোগ লৈছিল । এই উদ্যোগৰ প্ৰশিক্ষণৰ বাবে ১০০০ উদ্যোগীক লক্ষ্য কৰি সামৰ্থ্য বিকাশ, বজাৰ সংযোগ আদিৰ জৰিয়তে পদক্ষেপ আৰম্ভ কৰিছিল । ইয়াৰ পিছত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ (এএছআৰএলএম) অধীনস্থ আত্মসহায়ক গোটসমূহক প্ৰশিক্ষণ দি মেটেকাৰ পৰা লাগতিয়াল সামগ্ৰী, গৃহসজ্জাৰ সামগ্ৰী আদি প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত লয় ।

Adar EcoCraft
আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰি স্বাৱলম্বী স্থাপনা পাত্ৰ (ETV Bharat Assam)

প্ৰথমাৱস্থাত সংস্থাটোৱে অসমত ছটা মণ্ডলত মুঠ ৬০০ লোকক সামৰি এই প্ৰকল্পটো পৰীক্ষামূলক হিচাপে আৰম্ভ কৰে । এই মণ্ডলকেইটা হ’ল দৰং জিলাৰ অন্তৰ্গত পূব মংগলদৈ, কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কচুগাঁও, নগাঁও জিলাৰ অন্তৰ্গত দলংঘাট, তিনিচুকীয়া জিলাৰ অন্তৰ্গত গুঁইজান, মাজুলী আৰু ধেমাজি ।

বজাৰ সম্ভাৱনীয়তা

বৰ্তমান পানী মেটেকা উদ্যোগে অসম তথা সমগ্ৰ ভাৰততে এক লাভজনক আৰু পৰিৱেশ-অনুকূল কুটীৰ শিল্প হিচাপে মূৰ দাঙি উঠাৰ লগে লগে ইয়াৰ বজাৰ সম্ভাৱনীয়তাও বৃদ্ধি পাইছে । এসময়ত অপতৃণ বা আপদ হিচাপে গণ্য কৰা পানী মেটেকাক বৰ্তমান 'আৱৰ্জনাৰ পৰা সম্পদ'লৈ (Weed to Wealth) ৰূপান্তৰিত কৰা হৈছে । ২০২৪ চনত অসমৰ 'পানী মেটেকা শিল্প'ই ভৌগোলিক সূচাংক (GI Tag) লাভ কৰাৰ পিছত ইয়াৰ বজাৰৰ মূল্য আৰু চাহিদা বহুলভাৱে বৃদ্ধি পাইছে ।

Adar EcoCraft
পানী মেটেকা উদ্যোগৰ সম্ভাৱনীয়তা (ETV Bharat Assam)

মেটেকা উদ্যোগৰ বজাৰ আৰু ইয়াৰ বিভিন্ন দিশ

পানী মেটেকাৰ শুকুৱাই লোৱা ডাঠ ঠাৰিৰ (কাণ্ড) পৰা লেডীজ হেণ্ডবেগ, বিভিন্ন বেগ, ডাইনিং টেবুল মেট, মেট (কঠ), ফাইল ক'ভাৰ, টুপী, বিভিন্ন ধৰণৰ বাস্কেট, গৃহসজ্জাৰ সামগ্ৰী, আনকি জৈৱ-উন্নত কাগজ (যেনে- 'কুম্ভী কাগজ') আৰু চটি জোতা আদি প্ৰস্তুত কৰা হয় ।

মহিলা সবলীকৰণ আৰু নিয়োগত গুৰুত্বপূৰ্ণ ভূমিকা

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু নেডফিৰ দৰে প্ৰতিষ্ঠানৰ সহযোগত মৰিগাঁও, মাজুলী, ধেমাজি আৰু দৰং আদি জিলাৰ বহু আত্মসহায়ক গোটৰ গ্ৰামীণ মহিলাই এই উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হৈছে । এই উদ্যোগৰ লগত নিতৌ নতুন নতুন উদ্যোগীৰ সংযোজন ঘটি আছে । ইয়াৰ জৰিয়তে মহিলা সবলীকৰণ আৰু নিয়োগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।

Adar EcoCraft
আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰি স্বাৱলম্বী স্থাপনা পাত্ৰ (ETV Bharat Assam)

বজাৰ সংযোগ

দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত চৰকাৰী হস্তশিল্প মেলাসমূহত এই সামগ্ৰীসমূহৰ এক বৃহৎ বজাৰ আছে । আনহাতে, বৰ্তমান ইণ্টাৰনেটৰ যুগত এই সামগ্ৰীসমূহ Asomicart প'ৰ্টেল, Traditional NorthEast, Amazon আৰু চৰকাৰী GeM (Government e-Marketplace) প'ৰ্টেলৰ জৰিয়তে বিক্ৰী কৰা হৈছে ।

আন্তঃৰাষ্ট্ৰীয় চাহিদা

প্লাষ্টিকৰ বিকল্প হিচাপে থকা গোলকীয় চাহিদাৰ বাবে জাপান, আমেৰিকা আদি বিদেশৰ বজাৰতো পানী মেটেকাৰে নিৰ্মিত সামগ্ৰীয়ে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । পৰিৱেশ সংৰক্ষণ কৰাৰ লগতে গ্ৰামীণ অৰ্থনীতিক মজবুত কৰাত পানী মেটেকা উদ্যোগে বৰ্তমান এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । (এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত যুগুত কৰা হৈছে) ।

গুৱাহাটীৰ পৰা জ্যেষ্ঠ সাংবাদিক কুলগীতা সাউদৰ প্ৰতিবেদনৰ ভিত্তিত আজিজুৰ ৰহমান হাজৰিকাৰ দ্বাৰা সম্পাদিত

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণ প্ৰকল্পত কুম্ভিলক বৃত্তি!!! গৱেষক ড০ শৈলেন্দ্ৰ বৰঠাকুৰৰ গুৰুতৰ অভিযোগ
লগতে পঢ়ক :শ্বিলঙৰ অসম ৰেজিমেণ্ট চেণ্টাৰৰ যুদ্ধ স্মাৰকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি