ETV Bharat / state

পুনৰ চাব বিচাৰে নেকি জুবিন গাৰ্গৰ কফিনত বন্দী নশ্বৰদেহ ? নলবাৰীৰ এগৰাকী শিল্পীৰ অনন্য প্ৰয়াস

চাৰিদিনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কফিনবন্দী নশ্বৰদেহৰ প্ৰতিমূৰ্তি সাজি উলিয়াইছে নলবাৰীৰ ভাস্কৰ্য শিল্পী কিশোৰ বেজবৰুৱাই ।

Nalbari sculptor's Zubeen's statue
জুবিন গাৰ্গৰ কফিনবন্দী নশ্বৰদেহৰ প্ৰতিমূৰ্তি নিৰ্মাণ নলবাৰীৰ শিল্পীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 8:06 PM IST

6 Min Read
Choose ETV Bharat

নলবাৰী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ এটা মাহ অতিক্ৰম কৰিলে । এতিয়াও লাখ লাখ জুবিন অনুৰাগী শোক সাগৰত ডুব যায় আছে । কোনেও যেন ভাবিব পৰা নাই তেওঁ যে নাই ! কিন্তু এই চৰম সত্যক মানি লোৱাৰ বাহিৰে উপায় নাই । যদিও মৃত্যু চিৰন্তন সত্য, কিন্তু জুবিন গাৰ্গৰ এই মৃত্যুক কোনেও সহিব পৰা নাই । যাৰবাবে প্ৰাণৰ শিল্পীগৰাকীক শদিয়াৰ পৰা ধুবুৰী, বৰাক-ব্ৰহ্মপুত্ৰ সকলোতে শ্ৰদ্ধাঞ্জলি জনাই থকা হৈছে ।

লগতে প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে এইগৰাকী জনতাৰ শিল্পীক নিজ নিজ ধৰণে জীয়াই ৰখাৰ চেষ্টা কৰিছে । তেনে এক ব্যতিক্ৰমী কাম কৰিছে নলবাৰীৰ এগৰাকী ভাস্কৰ্য শিল্পীয়ে । জুবিন গাৰ্গৰ কফিনত বন্দী পাৰ্থিৱ শৰীৰ চাৰিদিনত সাজি উলিয়াইছে এইগৰাকী জুবিন অনুৰাগী শিল্পীয়ে ।

পুনৰ চাব বিচাৰে নেকি জুবিন গাৰ্গৰ কফিনত বন্দী নশ্বৰদেহ ? নলবাৰীৰ এগৰাকী শিল্পীৰ অনন্য প্ৰয়াস (ETV Bharat Assam)

ওচৰৰ পৰা প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ প্ৰত্যক্ষ কৰাৰ সৌভাগ্য নোহোৱাসকলৰ সুবিধাৰ্থে এই প্ৰয়াস ভাস্কৰ্য শিল্পী কিশোৰ বেজবৰুৱাৰ । আনহাতে, কফিনবন্দী এই নশ্বৰদেহৰ প্ৰতিমূৰ্তি লৈ বিভিন্ন ঠাইত সমদলো উলিওৱা হৈছে । লগতে অজস্ৰ লোকে শ্ৰদ্ধা জ্ঞাপন কৰিছে ।

সংগীত জগতৰ মহানায়কৰ মহাপ্ৰয়াণৰ আজি এমাহ এদিন । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকাকুল সমগ্ৰ ৰাজ্য । সকলোৰে হিয়াৰ আমঠুগৰাকীক অকালতে হেৰুৱাই ম্ৰিয়মাণ ৰাজ্যবাসী । সৰ্বস্তৰৰ ৰাইজে প্ৰাণৰ কণ্ঠশিল্পীগৰাকীলৈ যাচিছে প্ৰাণ উজাৰি শ্ৰদ্ধা ।

কোনোবাই যদি জুবিন গাৰ্গৰ কালজয়ী গীত গাই শ্ৰদ্ধাঞ্জলি যাচিছে, আন কোনোৱে আকৌ নিজৰ শিল্পকলাৰে যাচিছে শ্ৰদ্ধা । তাৰ মাজতে নলবাৰীৰ এইগৰাকী ভাস্কৰ্য শিল্পীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ কফিনবন্দী নশ্বৰদেহৰ প্ৰতিমূৰ্তি সাজি যাচিছে আন্তৰিক শ্ৰদ্ধাঞ্জলি ।

নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বগুৰিহাটী গাঁৱৰ ভাস্কৰ্য শিল্পী কিশোৰ বেজবৰুৱাই তেওঁৰ নিজৰ শিল্পকলাৰ মাজেৰে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি থকা মৰম আৰু হিয়াভৰা শ্ৰদ্ধা জনাই আন দহজনকো শ্ৰদ্ধাঞ্জলি জনোৱাত সহায় কৰি দিছে ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অসমলৈ অনাৰ পিছত সকলোৱে হিয়া ঢাকুৰি কান্দিছিল । এবাৰ ওচৰৰ পৰা শিল্পীগৰাকীক শেষ শ্ৰদ্ধা যাচিবলৈ সকলোৱে আগ্ৰহ কৰিছিল । কিন্তু গ্ৰামাঞ্চলৰ বহু লোকৰ বাবে সেই সময়ত হয়তো সেয়া সম্ভৱ পৰ নাছিল ।

Nalbari sculptor's Zubeen's statue
জুবিন গাৰ্গৰ কফিনবন্দী নশ্বৰদেহৰ প্ৰতিমূৰ্তি নিৰ্মাণ নলবাৰীৰ শিল্পীৰ (ETV Bharat Assam)

প্ৰাণৰ শিল্পীগৰাকী অসম ভূমি পোৱাত গুৱাহাটীত লাখ লাখ অনুৰাগীয়ে শেষবাৰলৈ চাবলৈ ভিৰ কৰিছিল । তাৰ মাজতে যিসকল লোক থাকি গৈছিল, বিশেষকৈ গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী অঞ্চল নলবাৰীৰ ভিন্ন প্ৰান্তৰ লোকসকলক এবাৰ ওচৰৰ পৰা তেখেতৰ কফিনবন্দী পাৰ্থিৱ শৰীৰটো প্ৰত্যক্ষ কৰাৰ সৌভাগ্য প্ৰদান কৰাৰ বাবে প্ৰতিমূৰ্তিৰ ৰূপত সাজি উলিয়ায় কিশোৰ বেজবৰুৱাই ।

আনহাতে, এমাহ এদিনলৈও কিশোৰ বেজবৰুৱাৰ এই সৃষ্টিক নলবাৰীৰ ভিন্ন প্ৰান্তলৈ সমদল কৰি উলিয়াই নি যচা হৈছে শ্ৰদ্ধাঞ্জলি ।

তেওঁৰ প্ৰচেষ্টা সন্দৰ্ভত ভাস্কৰ্য শিল্পী কিশোৰ বেজবৰুৱাই কয়, "মই দাদাৰ এই মূৰ্তিটো এই কাৰণে সাজি উলিয়াবলৈ মনতে প্ৰয়াস কৰিলোঁ যে সেই সময়ত বহু লোকে দেখা পোৱা নাছিল । টিভি অথবা ছ'চিয়েল মিডিয়াত দেখিছে । ওচৰৰ পৰা বহু লোকে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰটো দেখা পোৱাৰ সৌভাগ্য হোৱা নাছিল । যাৰ বাবে মই মনে মনে এই কামটো কৰাৰ বাবে মনতে ঠিৰাং কৰিছিলো ।"

Nalbari sculptor's Zubeen's statue
জুবিন গাৰ্গৰ কফিনবন্দী নশ্বৰদেহৰ প্ৰতিমূৰ্তি নিৰ্মাণ নলবাৰীৰ শিল্পীৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "মই কাকো গম পাবলৈ দিয়া নাছিলো । কিয়নো যদি কেনেবাকৈ ক'ৰবাত ভুল হয় মই লাজ পাম । সেয়েহে কাকো নজনোৱাকৈ ঘৰতে অকলে প্ৰাণৰ শিল্পীগৰাকীৰ কফিনত বন্দী নশ্বৰদেহটো সাজি উলিয়ালোঁ । এইটোৰ নিৰ্মাণ সম্পূৰ্ণ হওঁতে মোৰ চাৰিদিন সময় লাগিছিল ।"

নিৰ্মাণশৈলী সন্দৰ্ভত তেওঁ কয়, "পেৰিচৰে নিৰ্মাণ কৰা হৈছে প্ৰতিমূৰ্তিটো । যাৰবাবে খুব কম সময়ত অতি খৰতকীয়াকৈ সাজিবলগীয়া হৈছে । কিয়নো পেৰিচেৰে বেছি সময়লৈ সাজি থাকিব নোৱাৰি, গোট মাৰিলে অসুবিধা হয় । তাৰ পিছতে এইটো মই সাজি উলিওৱাৰ চাৰিদিন পিছতহে সকলোৱা গম পাইছে । মোক গাঁওবাসীয়েও ইয়াত যথেষ্ট উৎসাহ দিছে । পৰৱৰ্তী সময়ত জুবিনদাৰ কফিনবন্দী পাৰ্থিৱ শৰীৰৰ এই প্ৰতিমূৰ্তিটো বিভিন্ন ঠাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে নিয়া হৈছে । য'ত অজস্ৰ অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি যাচে ।"

তেওঁ পুনৰ কয়, "ভাস্কৰ্য শিল্পীসকলে জীৱিত কালত বিভিন্ন সময়ত বিভিন্নজনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰে । এনেকুৱা শৱদেহ অথবা কফিনবন্দী নশ্বৰ দেহ বহুতে নবনায় । মই এই চিন্তা-চৰ্চা ২০১১ চনতেই কৰিছিলোঁ, যেতিয়া ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণ ঘটিছিল । মই তেতিয়া ভূপেন হাজৰিকাৰো এটা কফিনবন্দী নশ্বৰদেহৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিলোঁ । এতিয়া জুবিন গাৰ্গৰ নিৰ্মাণ কৰিছোঁ । য'ত দিনে-নিশাই অহৰহ লোকে মোৰ ঘৰলৈ আহিও প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি দি যায় ।"

জুবিন গাৰ্গৰ কফিনবন্দী নশ্বৰদেহৰ প্ৰতিমূৰ্তিটো সোণাপুৰ সমাধিক্ষেত্ৰলৈ নিয়া হ'ব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "কালিৰে পৰা বিভিন্নজনে ছ'চিয়েল মিডিয়াত এই শৱদেহৰ প্ৰতিমূৰ্তিটো সোণাপুৰলৈ নিয়া হ'ব বুলি অপপ্ৰচাৰ চলাই আছে । ৰাইজ, জুবিন ফেন ক্লাবে যদি বিচাৰে নিশ্চয় মই এই প্ৰতিমূৰ্তিটো সোণাপুৰলৈ লৈ যাম । সদ্যহতে সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই । তেনে ক্ষেত্ৰত এতিয়াই ভবা নাই তেনেকৈ । যদি বিচাৰে তালৈ লৈ যাম ।"

Nalbari sculptor's Zubeen's statue
জুবিন গাৰ্গৰ কফিনবন্দী নশ্বৰদেহৰ প্ৰতিমূৰ্তি নিৰ্মাণ নলবাৰীৰ শিল্পীৰ (ETV Bharat Assam)

এই সন্দৰ্ভত তেওঁ লগতে কয়, "যিহেতু নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই সমাধিক্ষেত্ৰৰ, তালৈ নিলে মূৰ্তিটো নষ্ট হোৱাৰ উপক্ৰম হ'ব । কিয়নো এই প্ৰতিমূৰ্তিটো পেৰিচেৰে নিৰ্মাণ কৰা হৈছে । সকলো নিৰ্মাণ হৈ যোৱাৰ পিছত যদি বিচৰা হয় মই তালৈ লৈ যাম ।" লগতে অপপ্ৰচাৰ নচলাবলৈও অনুৰোধ জনায় ভাস্কৰ্য শিল্পী কিশোৰ বেজবৰুৱাই ।

আনহাতে, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ সকলো উদঘাটন সোনকালে হোৱাটো বিচাৰে শিল্পী কিশোৰ বেজবৰুৱাই । তেওঁ কয়, "এইক্ষেত্ৰত অকল মই বুলিয়েই নহয়, সকলোৱে ন্যায় বিচাৰি আছে । বৰ্তমান যি স্থিতিত ন্যায় প্ৰক্ৰিয়া চলি আছে, তাতোকৈও অধিক ক্ষিপ্ৰতাৰে চলি অতি সোনকালে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক আৰু দোষীক উচিত শাস্তি প্ৰদান কৰা হওক ।"

লগতে পঢ়ক :জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ ৰাওনা এছ আই টিৰ দল
লগতে পঢ়ক :দানবীৰ জুবিন; এজন ছাত্ৰৰ কিডনী সংৰোপণৰ বাবে প্ৰদান কৰিছিল ৫.৫০ লাখ, চকুলো টুকি স্মৰণ মাতৃৰ