ETV Bharat / state

ৰূপেশ গোৱালাৰ বিধায়ক পুঁজিৰে নিৰ্মাণ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি

তিনিচুকীয়া জিলাৰ ফিল’বাৰী গাভৰুভেটিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন ৷ স্বামীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি আৱেগিক হৈ পৰে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ ৷

Statue of the late cultural icon Zubeen Garg
ফিল’বাৰী গাভৰুভেটিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 4, 2026 at 10:59 AM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত ফিল’বাৰী গাভৰুভেটিত শুকুৰবাৰে এক আৱেগিক পৰিৱেশত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই যৌথভাৱে প্ৰতিমূৰ্তিটো উন্মোচন কৰে ।

প্ৰতিমূৰ্তি উন্মোচন কৰি গৰিমা শইকীয়া গাৰ্গ আৱেগিক হৈ পৰে । তেওঁ কয়, “জুবিন আজিও মানুহৰ হৃদয়ত জীয়াই আছে । মানুহে তেওঁক যিমান মৰম, সন্মান আৰু স্বীকৃতি দি আহিছে, এই প্ৰতিমূৰ্তি সেই অকৃত্ৰিম ভালপোৱাৰেই এক অনন্য নিদৰ্শন ।” গৰিমান শইকীয়া গাৰ্গে জুবিনক দিয়া এই মৰম আৰু সন্মানৰ বাবে ফিল’বাৰী গাভৰুভেটিৰ ৰাইজ, আয়োজক সমিতি আৰু সকলো অনুৰাগীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

ফিল’বাৰী গাভৰুভেটিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন (ETV Bharat Assam)

উল্লেখ্য যে, বিধায়ক ৰূপেশ গোৱালাৰ বিধায়ক পুঁজিৰ পৰা আৱণ্টন দিয়া ১০ লাখ টকাৰে প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে । ফিল’বাৰী গাভৰুভেটি কলা-কৃষ্টি সংঘৰ বাকৰিত স্থাপন কৰা এই প্ৰতিমূৰ্তিয়ে অঞ্চলটোৰ সাংস্কৃতিক পৰিচয় অধিক সমৃদ্ধ কৰাৰ লগতে জুবিন গাৰ্গৰ সংগীত, শিল্প আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ এক স্থায়ী স্মাৰক হিচাপে পৰিগণিত হ’ব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰে ।

Statue of the late cultural icon Zubeen Garg
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন (ETV Bharat Assam)

বিধায়ক ৰূপেশ গোৱালাই ভাষণত কয়, ‘‘জুবিন গাৰ্গ কেৱল এজন সংগীতশিল্পী নহয়, তেওঁ অসমৰ সংস্কৃতি, ভাষা আৰু জাতীয় চেতনাৰ এক শক্তিশালী প্ৰতীক । তেওঁৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যেই বিধায়ক পুঁজিৰ জৰিয়তে এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে ।’’

Statue of the late cultural icon Zubeen Garg
স্বামীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি আৱেগিক হৈ পৰে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ (ETV Bharat Assam)

প্ৰতিমূৰ্তি উন্মোচন উপলক্ষে দিনজোৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় । স্থানীয় শিল্পী, সাংস্কৃতিক কৰ্মী, গণ্য-মান্য ব্যক্তি আৰু অসংখ্য জুবিন অনুৰাগীৰ উপস্থিতিত অনুষ্ঠানস্থলী উৎসৱমুখৰ পৰিৱেশেৰে মুখৰিত হৈ উঠে ।

Statue of the late cultural icon Zubeen Garg
স্বামীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি আৱেগিক হৈ পৰে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ (ETV Bharat Assam)

ফিল’বাৰীত আয়োজিত এই অনুষ্ঠানটোৱে স্থানীয় ৰাইজৰ লগতে জুবিন অনুৰাগীসকলৰ মাজত গভীৰ উৎসাহ আৰু আৱেগৰ সৃষ্টি কৰে । বহুতে এই পদক্ষেপক অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু আগন্তুক প্ৰজন্মক জুবিন গাৰ্গৰ কৰ্ম আৰু আদৰ্শৰ সৈতে পৰিচিত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ বুলি অভিহিত কৰে ।

লগতে পঢ়ক : জুবিন গাৰ্গক বুকুত বান্ধি ৱাশ্বিংটনত বিশ্বকাপৰ খেল উপভোগ কৰিলে দুই অসমীয়াই

লগতে পঢ়ক : এইবাৰ ৰূপালী পৰ্দাই ক'ব 'লভ ইউ জুবিন দা'