নলবাৰীত অগপৰে আসন ভাগ-বাটোৱাৰাক লৈ কৌশলপূৰ্ণ মন্তব্য জয়ন্ত মল্লবৰুৱাৰ; আলোচনাৰে মীমাংসাৰ কথা ক’লে মন্ত্ৰীগৰাকীয়ে
নলবাৰীত নিজৰ প্ৰচেষ্টাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নিৰ্মাণ কৰা প্ৰাক্তন মন্ত্ৰী নগেন শৰ্মাৰ প্ৰতিমূৰ্তি উন্মোচন । উপস্থিত নগেন শৰ্মাৰ সহধৰ্মিণী অলকা দেশাই শৰ্মা ।

Published : January 3, 2026 at 7:42 AM IST
|Updated : January 3, 2026 at 10:40 AM IST
নলবাৰী : বিধানসভা নিৰ্বাচনলৈ কেইটামান দিন বাকী থকাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলবোৰৰ মাজত ব্যস্ততা বৃদ্ধি পাইছে ৷ শাসক-বিৰোধী উভয় পক্ষই এতিয়া প্ৰস্তুতি চলাইছে নিৰ্বাচনী সমৰৰ বাবে ৷ ইয়াৰ মাজতে গুৰুত্বপূৰ্ণ হৈ পৰিছে আসনৰ বুজাপৰা ৷ বিৰোধী ঐক্য বা শাসক মিত্ৰজোঁট, কোনো পক্ষই এই পৰ্যন্ত আসনৰ ভাগ-বাটোৱাৰা সম্পৰ্কে স্থিতি স্পষ্ট কৰা নাই ৷ গতিকে বিভিন্ন সময়ত মিত্ৰতা থকা দলবোৰৰ মাজত দাবী উঠিছে আসন বিচাৰি ৷
একে পৰিৱেশ নলবাৰী জিলাত ৷ নলবাৰী জিলাৰ তিনিখন আসনৰ ভাগ-বাটোৱাৰাকলৈ শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ বিজেপি আৰু অগপৰ স্থানীয় কৰ্মীসকলেও নিজ নিজ পক্ষৰ সমৰ্থনত দাবী জনাইছে ৷ ইয়াৰ মাজতে শুকুৰবাৰে আসন বুজাপৰাক লৈ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷
নলবাৰীত আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত জয়ন্ত মল্লবৰুৱা
নলবাৰীত তিনিখন আসনৰ এখন আসনত হ'লেও অগপক এৰি দিব লাগিব বুলি অগপৰ দাবী সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, "আমাৰ জিলাত বিৰোধী যিমানেই শক্তিশালী হয় সিমানেই ভাল কথা । মিত্ৰদলে শক্তি বৃদ্ধি কৰিব লাগে । এয়া আমাৰ বাবেই ভাল । আমি গোটেই মিত্ৰদলেই এন ডি এ । তাৰ ভিতৰত যাৰ শক্তি বৃদ্ধি হয়, আসনক লৈ দাবী কৰিব পাৰে সকলোৱে । আমাৰ মিত্ৰদলত যিমানবোৰ দল আছে আমি সকলোৱে বহি আলোচনা হ'ব, বৈঠক হ'ব । তাত সিদ্ধান্ত হ'ব ।"
প্ৰাক্তন মন্ত্ৰী নগেন শৰ্মাৰ প্ৰতিমূৰ্তি উন্মোচন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
শুকুৰবাৰে সন্ধিয়া নলবাৰী চহৰৰ মাজমজিয়াত নলবাৰী পৌৰসভাৰ সহযোগত পুৰণি চিকিৎসালয় চৌহদত দেশপ্ৰাণ নগেন শৰ্মা যান-বাহন আস্থান আৰু প্ৰতিমূৰ্তি উন্মোচন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । আনহাতে, প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত নগেন শৰ্মাৰ পত্নী তথা প্ৰাক্তন বিধায়িকা অলকা দেশাই শৰ্মাই । অসম গণ পৰিষদ দলৰ দুটাকৈ কাৰ্যকালৰ মন্ত্ৰী তথা পাঁচ বছৰৰ প্ৰাক্তন বিধায়ক দেশপ্ৰাণ প্ৰয়াত নগেন শৰ্মা ২০০০ চনত নিজ সমষ্টিৰ অন্তৰ্গত বাঁহজানিত বোমা বিস্ফোৰণত নিহত হৈছিল ।

মূৰ্তি উন্মোচন কৰি সাংবাদিকৰ আগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, "আজি নলবাৰীত, বিশেষকৈ মই ব্যক্তিগতভাৱে বহুদিনৰ পৰা এটা কাম কৰাৰ চেষ্টা কৰি আছিলোঁ, বিশেষ কাৰণত ইয়াক আমি সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ । আমাৰ শ্ৰদ্ধাৰ এই সমষ্টিৰ প্ৰাক্তন বিধায়ক অসমৰ প্ৰাক্তন মন্ত্ৰী নগেন শৰ্মা ডাঙৰীয়াৰ নামত এটা যান-বাহন আস্থান আমি নামকৰণ কৰিছোঁ । আৰু লগতে তেখেতৰ এটা পূৰ্ণায়ৱ মূৰ্তি ইয়াত স্থাপন কৰিছোঁ । তেখেতৰ মূৰ্তিটো স্থাপনৰ কাম মই ইয়াৰ আগৰবাৰ বিধায়ক থাকোতে ২০১২ চনতে আৰম্ভ কৰিছিলোঁ । কিন্তু বিশেষ কিছুমান অসুবিধাৰ কাৰণে এই কামটো সম্পূৰ্ণ হৈ উঠা নাছিল । আজি মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ যে মোৰ ইমান দিনৰ পৰিকল্পনা এটাৰ পূৰ্ণাংগ ৰূপ দিব পাৰিলোঁ ।"

সাজু হৈ উঠিছে নতুন জিলা আয়ুক্তৰ কাৰ্যালয়
ইপিনে এক আটকধুনীয়া সংহত জিলা আয়ুক্তৰ কাৰ্যালয় লাভৰ দিশে প্ৰজ্ঞা নগৰী নলবাৰী । নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নিৰ্মাণ কৰা হৈছে ৮ মহলীয়া এটি অত্যাধুনিক সংহত জিলা আয়ুক্তৰ কাৰ্যালয় । প্ৰায় ৫০ কোটি টকা ব্যয়সাপেক্ষে ২২ বিঘাকৈ ভূমিত নিৰ্মাণ কৰা হৈছে সংহত জিলা আয়ুক্তৰ কাৰ্যালয়টো ।
জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিভাগৰ লগতে শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ, নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সংলগ্ন হ’ব সংহত জিলা আয়ুক্তৰ কাৰ্যালয়টোৰ সৈতে । শুকুৰবাৰে সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদৰী কৰে এই কথা ৷

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে ২৬ জানুৱাৰীৰ সন্ধিয়া ১০০০ ল’ৰা-ছোৱালীয়ে বন্দে মাতৰম পৰিৱেশন কৰিব এই নিৰ্মীয়মাণ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগণত । আনহাতে, এই আয়ুক্তৰ কাৰ্যালয়টো মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । উক্ত আয়ুক্তৰ কাৰ্যালয়টো মুকলিৰ পিছতে পিছপিনে থকা এডোখৰ ভূমিত নিৰ্মাণ হ'ব আন এক অত্যাধুনিক আৱৰ্ত ভৱন । এই ভৱনকেইটা মুকলি হোৱাৰ পিছত নলবাৰীৰ যিমানবোৰ চৰকাৰী কাৰ্যালয় ভাৰাঘৰত আছে, সেই সকলো কাৰ্যালয় পুৰণি জিলা আয়ুক্তৰ কাৰ্যালয়ত সংলগ্ন কৰা হ'ব বুলিও মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় ।

