কচুতলিৰ ঘটনা : বহু আৰক্ষী বিষয়া আৰু জোৱানলৈ জাননী জাৰি ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ
সমগ্ৰ ঘটনাৰ পাছত অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগে এটা গোচৰ ৰুজু কৰিছিল । সেই গোচৰৰ ভিত্তিত আয়োগে ২৮ গৰাকীকৈ আৰক্ষীলৈ জাননী জাৰি কৰিছে ।

Published : May 24, 2026 at 11:09 PM IST
গুৱাহাটী: সোণাপুৰৰ কচুতলিত উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত প্ৰতিবাদকাৰী নিহত হোৱা ঘটনা সন্দৰ্ভত কঠোৰ হৈছে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগ । ২০২৪ বৰ্ষৰ শেষৰফালে সোণাপুৰৰ কচুতলিত উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত দুই প্ৰতিবাদকাৰী নিহত হৈছিল । সোণাপুৰৰ কচুতলিত চৰকাৰী আৰু জনজাতীয় বেল্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে কেইবাটাও পৰ্যায়ত উচ্ছেদ অভিযান চলাইছিল । এই ঘটনাক লৈ স্থানীয় লোকৰ প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷
পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে এই উচ্ছেদ কাৰ্যসূচীত স্থগিতাদেশ জাৰি কৰিছিল । সেই ঘটনাক লৈ অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগে এটা গোচৰ ৰুজু কৰিছিল । সেই গোচৰক লৈ কঠোৰ হৈছে আয়োগ । বিপদৰ সন্মূখীন হ'ব পাৰে বহু আৰক্ষী বিষয়া আৰু জোৱান । আয়োগৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে কেইবাগৰাকী বিষয়া আৰু জোৱানলৈ ।

উল্লেখ্য যে, কচুতলিত চলা উচ্ছেদস্থলীত আৰক্ষীৰ গুলীত মৃত্যু হৈছিল দুই যুৱকৰ । ২০২৪ চনত সোণাপুৰৰ কচুতলিত চলিছিল উক্ত উচ্ছেদ অভিযান । দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ বাবে প্ৰস্তাৱিত চৰকাৰী ভূমিত দীৰ্ঘদিনে বাস কৰি আহিছিল একাংশ সংখ্যালঘু লোকে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খহনীয়াত আক্ৰান্ত হৈ অহা লোক সকলে ইয়াত ঘৰ-বাৰী সাজি বাস কৰিছিল । প্ৰশাসনে ঘৰ খালী কৰিবলৈ নিৰ্দেশনা দিছিল । কিন্তু প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰা সকলক উচ্ছেদ কৰিবলৈ অভিযান চলাইছিল আৰক্ষী-প্ৰশাসনে । উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে একাংশ বেদকলকাৰীয়ে আক্ৰমণ কৰিছিল । পৰিস্থিতিৰ অৱনতি ঘটাত আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰিবলগীয়া হৈছিল ।
তদানীন্তন উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাৰ নেতৃত্বত সোণাপুৰ আৰু ক্ষেত্রী থানাৰ আৰক্ষীৰ দল উচ্ছেদস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে গুলীচালনা কৰিছিল । সেই ঘটনাত দুজন যুৱকৰ মৃত্যু হৈছিল । হাইদৰ আলী আৰু জুৱাহিদ আলীৰ আৰক্ষীৰ গুলীত মৃত্যু হৈছিল ।

সমগ্ৰ ঘটনাৰ পাছত অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগে এটা গোচৰ ৰুজু কৰিছিল । সেই গোচৰৰ ভিত্তিত আয়োগে ২৮ গৰাকীকৈ আৰক্ষীলৈ জাননী জাৰি কৰিছে । এই ২৮ জনীয়া তালিকাত আছে তদানীন্তন উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকা, সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰকজ্যোতি শইকীয়া, ক্ষেত্রী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ বুঢ়াগোঁহাইকে ধৰি কেইবাগৰাকীও আৰক্ষী বিষয়া আৰু জোৱান । জাননীযোগে আয়োগৰ দ্বাৰা প্ৰত্যেককে ঘটনা সন্দৰ্ভত লিখিতভাৱে প্ৰত্যুত্তৰ দিবলৈ দিয়া হৈছে ।
আনহাতে, এই ঘটনা সন্দৰ্ভত আয়োগে বহুকেইগৰাকী প্ৰশাসনিক বিষয়ালৈও জাননী প্ৰেৰণ কৰা হৈছে । কচুতলিৰ হিংসাত্মক ঘটনাত আৰক্ষীয়ে চলোৱা গুলীত দুজন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল আৰু ২২ জন আৰক্ষীকে ধৰি কমেও ৩৫ জন লোক আহত হৈছিল ।
লগতে পঢ়ক: কচুতলিৰ উচ্ছেদক লৈ উচ্চ ন্যায়ালয়ৰ নতুন আদেশ

