চিৰ তৰুণ হৈ থাকিব বিচৰা মানুহজন গ'লগৈ...
গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ ।

Published : February 22, 2026 at 9:29 PM IST
গুৱাহাটী : পঞ্চভূতত বিলীন হ'ল অসমৰ সংবাদ জগতৰ মহীৰূহ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷ দেওবাৰে বিয়লি প্ৰায় ৩ মান বজাত সম্পন্ন হোৱা শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বড়া, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে অসমৰ সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তি ।
৭০ বছৰৰো অধিক সময় অসমৰ সংবাদ জগতক প্ৰতিনিধিত্ব কৰা প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী বিমল বড়াই কয়, "অসমৰ সংবাদ জগতৰ এগৰাকী মহীৰূহ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মহাপ্ৰয়াণে কেৱল অসমৰ সংবাদ জগতখনেই নহয়, অসমৰ ইতিহাস জীৱন্ত সাক্ষী স্বৰূপ এইগৰাকী ব্যক্তিয়ে বহন কৰি লৈ আছিল । তেখেতৰ মহাপ্ৰয়াণত আমি মৰ্মাহত । তেখেতে জীৱনকালত বহুকেইখন দৈনিক বাতৰি কাকতত সম্পাদনা কৰিছিল । যোৱা দশকসমূহত অসমত যি জলন্ত সমস্যা আছিল, সেই জলন্ত সমস্যাসমূহক লৈও তেখেতৰ স্পষ্ট নিৰ্ভীকতাৰে প্ৰকাশ কৰা মতে অসমখনক এক সুস্থিৰ পদক্ষেপলৈ আগুৱাই অহাৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আগবঢ়াইছিল ।"
শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, "নিঃস্বাৰ্থভাৱে ৰাজ্যখনক ভালপোৱা, বিশেষভাৱে অসমৰ সংবাদক্ষেত্ৰখনত মৃত্যুৰ সময়লৈকে সেৱা আগবঢ়োৱা সম্ভৱতঃ ভাৰতবৰ্ষ বা বিশ্বৰ ভিতৰত বয়োজ্যেষ্ঠ সাংবাদিক বুলি ক'লেও ভুল কোৱা নহ'ব । ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসানৰ খবৰে আমাক সকলোকে মৰ্মাহত কৰিছে । আমি সকলো শোকত ম্ৰিয়মাণ হৈ আছোঁ । ৰাজ্যখনৰ যিবোৰ জলন্ত বিষয়, বিশেষকৈ ৰাজ্যখনৰ সুৰক্ষা, সাহিত্য-সাংস্কৃতিক বিষয়সমূহত তেখেতৰ উল্লেখনীয় মতে ৰাজ্যখনক সাহস দিছিল । শত্ৰু কোন মিত্ৰ কোন বহু বছৰ ধৰি তেওঁ আমাক স্মৰণ কৰাই আছিল ।"
সঁচাকৈয়ে এটা যুগৰ অৱসান হ'ল । কেৱল সংবাদ জগতে নহয় তেওঁৰ বিয়োগে সমগ্ৰ অসমকে শোকস্তব্ধ কৰিছে । কাৰণ বিভিন্ন সংকটৰ সময়ত তেওঁ নিৰ্ভীকতাৰে হাতত কলম তুলি লৈছিল । জীৱনৰ অন্তিম পৰ্যায়লৈ ৰাইজৰ স্বাৰ্থত সাংবাদিকতা ক্ষেত্ৰখনৰ সৈতে তেওঁ জড়িত হৈ আছিল । সংবাদক্ষেত্ৰখনত তেওঁৰ অৱদান চিৰস্মৰণীয় হৈ ৰ'ব । কিয়নো প্ৰবীণ সাংবাদিকগৰাকীয়ে অসম ট্ৰিবিউন গ্ৰুপৰ পৰা আৰম্ভ কৰি আজিৰ বাতৰি কাকতলৈ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ হৈ সেৱা আগবঢ়াইছিল । আনকি তেওঁক এসময়ত এছিয়াৰ আটাইতকৈ বয়সীয়াল সক্ৰিয় সম্পাদক বুলিও গণ্য কৰা হৈছিল ।
১৯৯১ চনত চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত 'আজিৰ বাতৰি' কাকতত সম্পাদক হিচাপে যোগদান কৰিছিল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে । তাৰ পিছত 'দৈনিক অসম', 'দৈনিক জনমভূমি' আৰু সাপ্তাহিক 'প্ৰাগজ্যোতিষ'ৰ দৰে কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ লগতে ইংৰাজী কাকতৰো সম্পাদক আছিল তেওঁ ।
অৱশ্যে দেশত জৰুৰীকালীন অৱস্থাৰ সময়ত বাতৰি কাকতৰ ওপৰত প্ৰদান কৰা চেন্সৰৰ সমৰ্থন কৰি তেওঁ বৌদ্ধিক তথা সংবাদ জগতৰ বহুলোকৰ সমালোচনাৰো সন্মুখীন হৈছিল । কিন্তু যি সময়ত নিষিদ্ধ সংগঠন আলফা সক্ৰিয় আছিল সেই সময়ত আলফাৰ বিৰুদ্ধে তেওঁৰ পদক্ষেপে সকলোকে আচৰিত কৰিছিল । ৰাজহুৱাকৈ আলফাৰ বিৰোধিতাও কৰিছিল । যাৰ বাবে নিষিদ্ধ সংগঠনৰ পৰা বহুবাৰ ভাবুকিও লাভ কৰিছিল তেওঁ ।
অৱশ্যে তেওঁ সকলো বিষয় অস্বীকাৰ কৰি নিৰন্তৰ সামাজিক কামত লাগি থাকিল । তেওঁ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ।
২০১৯ চনত অসম চৰকাৰে তেওঁক সাংবাদিকতাৰ জীৱনজোৰা অৱদানৰ বাবে 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা' প্ৰদান কৰে । ইয়াৰোপৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগে লোকপ্রীয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা, সাংস্কৃতিক মহাসভা অসমে 'সংবাদ শিৰোমণি'কে ধৰি বিভিন্ন বঁটাৰে বিভিন্ন সময়ত সন্মানিত কৰা হৈছে জ্যেষ্ঠ সাংবাদিকগৰাকীক ।
সেই নিৰ্ভীক সাংবাদিকগৰাকীয়ে দেওবাৰে ৯৭ বছৰ বয়সত মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰি সকলোকে কন্দুৱাই থৈ যায় ।
লগতে পঢ়ক :সংবাদ জগতৰ মহীৰূহ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ জীৱন নাটৰ যৱনিকা

