ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ বুজ ল'বলৈ মৌচন্দা পথাৰত মন্ত্ৰী-বিধায়কৰ সোঁত

মেটমৰা উপহাৰ লৈ অসম পাবহি প্ৰধানমন্ত্ৰী । প্ৰধানমন্ত্ৰীক আদৰিবলৈ গাত তত নাই মন্ত্ৰী-বিধায়কৰ ।

State BJP president Dilip Saikia took stock of the preparations for the PM Rally in Kaliabar
মোদীৰ জনসভাৰ প্ৰস্তুতি সন্দৰ্ভত বিশেষ বৈঠকৰ অন্তত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 16, 2026 at 6:33 PM IST

3 Min Read
Choose ETV Bharat

কলিয়াবৰ: কলিয়াবৰৰ মৌচন্দা পথাৰত এতিয়া যুদ্ধকালীন প্ৰস্তুতি । ৰাজ্যৰ মন্ত্ৰী-বিষয়াৰ পৰা মিত্ৰজোঁটৰ অগপ-বিজেপি দলৰ নেতা-কৰ্মীৰ দিবা-নৈশ ব্যস্ততা কলিয়াবৰত । এই ব্যস্ততাৰ মাজতে উপস্থিত হয় বিজেপিৰ অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংসদ সাধাৰণ সম্পাদক, বিধায়ক দিপ্লুৰঞ্জন শৰ্মা, ৰাজ্যিক সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুসহ বিজেপি নেতৃত্ব আৰু মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা ।

সভাস্থলীতে দুই দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত হয় এক সভা । উক্ত সভাত দেশৰ প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ সন্দৰ্ভত দুয়োদলৰ নেতা-কৰ্মীৰে আলোচনা সম্পন্ন হয় ।

প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতি সন্দৰ্ভত দিলীপ শইকীয়া (ETV Bharat Assam)

আলোচনাৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, ‘‘চল্লিশ বছৰৰ অন্তত কলিয়াবৰলৈ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মেটমৰা উপহাৰ লৈ কলিয়াবৰলৈ আহিব । আমি অধীৰ আগ্ৰহেৰে প্ৰধানমন্ত্ৰীৰ আগমনলৈ বাট চাই আছোঁ । কলিয়াবৰবাসী ৰাইজৰ যি আতিথ্য পৰায়ণতা আছে আৰু আমাৰ ইয়াত যিখন ইয়াত বিশাল সভা হ'ব ৷ সেই সভাত এক লাখ ত্ৰিশ হাজাৰৰো অধিক লোক উপস্থিত হ'ব বুলি আশা কৰিছোঁ ।’’

শইকীয়াই পুনৰ কয়, "তাৰ কাৰণে আমি অগপ-বিজেপি দুয়োটা মিত্ৰদলে পূৰ্ণ প্ৰস্তুতি চলাইছোঁ । আজি কাৰ্যকৰ্তাসকলৰ মাজত প্ৰস্তুতি সম্পৰ্কে বৈঠকত মিলিত হৈছোঁ । কাৰ্যকৰ্তাসকলে দিন-ৰাতি একাকাৰ কৰি সভাখন সাফল্যমণ্ডিত কৰাৰ বাবে চেষ্টা চলাই আছে । প্ৰধানমন্ত্ৰীয়ে প্ৰায় সাত হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষ কাজিৰঙা এলিভেটেড্ কৰিডৰৰ শিলান্যাস কৰিব । আটাইতকৈ ভাল কথা হ'ব দেশৰ প্ৰথমখন শ্লীপাৰ দবা থকা বন্দে ভাৰত এক্সপ্ৰেছৰ সেৱা কামাখ্যাৰ পৰা হাওৰালৈ এই কলিয়াবৰৰ পৰা মুকলি কৰিব । লগতে ডিব্ৰুগড়ৰ তথা দেশৰ আন ঠাইৰ ৰে'ল সেৱাও মুকলি কৰিব ।"

State BJP president Dilip Saikia took stock of the preparations for the PM Rally in Kaliabar
মৌচন্দা পথাৰত প্ৰস্তুতিৰ বুজ ল'বলৈ মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)

প্ৰধানমন্ত্ৰীৰ প্ৰথম দিনাৰ কাৰ্যসূচী সম্পৰ্কে শইকীয়াই কয়, "১৭ জানুৱাৰীত গুৱাহাটীৰ বাৰ হাজাৰৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিবলগীয়া বাগুৰুম্বা নৃত্যানুষ্ঠানতো প্ৰধানমন্ত্ৰী উপস্থিত থাকিব । বিহু, ঝুমুইৰ এতিয়া বাগুৰুম্বা, কাইলৈ হয়তো মিছিং বা আন জনগোষ্ঠীৰ নৃত্যও হ'ব । গতিকে, অসমৰ চৰকাৰখনে বা দেশৰ চৰকাৰখনে কেৱল দলং, হাস্পতাল, ৰাস্তা-ঘাট নিৰ্মাণ কৰিছে এনে নহয়, অসমৰ কৃষ্টি-সংস্কৃতিকো জগতসভালৈ নিয়াৰ প্ৰয়াস কৰিছে । এনে কিছু অদ্ভূত কাম, যিবোৰ আমাৰ মনতে আছিলে, সেই সকলোবোৰ এই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ কৰি দেখুৱাইছে ।"

State BJP president Dilip Saikia took stock of the preparations for the PM Rally in Kaliabar
প্ৰস্তুতি সন্দৰ্ভত বিশেষ বৈঠক (ETV Bharat Assam)

আনহাতে, বৃহস্পতিবাৰে কলিয়াবৰৰ মৌচন্দা পথাৰৰ প্ৰধানমন্ত্ৰী আগমনৰ কামৰ অগ্ৰগতিৰ পৰ্যবেক্ষণৰ বাবে উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী কেশৱ মহন্ত । স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে মন্ত্ৰী পীযুয হাজৰীকাই সভাস্থলী পৰিদৰ্শন কৰে । অহা ১৮ জানুৱাৰী তাৰিখে ভোগালী বিহুৰ সময়তে এক মহৎ উদ্দেশ্য লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী কলিয়াবৰত পদাৰ্পণ কৰিব । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ৬৯৯৭ কোটি টকা ব্যয় সাপেক্ষ ৩৪.৫ কিলোমিটাৰ দৈৰ্ঘৰ এক এলিভেটেড কৰিডৰৰ এই অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিব ।"

এই কৰিডৰৰে কলিয়াবৰৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক আকৰ্ষণীয় পৰিৱৰ্তন হ'ব । এই পৰিৱৰ্তনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষা আৰু যাতায়ত সূচল কৰিব বুলি সকলোৰে আশা প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

লগতে পঢ়ক: পলাশবাৰীত তৃতীয় বিকল্পৰ সন্ধান কৰিব লাগিব : হেমাংগ ঠাকুৰীয়াৰ সন্মুখতে মুখ্যমন্ত্ৰীৰ মন্তব্য

সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰাৰ ষড়যন্ত্ৰ হিমন্ত বিশ্ব এণ্ড কোম্পানীৰ : গৌৰৱ গগৈ