ETV Bharat / state

আমি শইকীয়া মানুহো লাইন পাতিবলগা হৈছে: তেজপুৰত এছ আৰ বিসংগতিক লৈ ভোটাৰৰ বিষোদগাৰ

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেজপুৰত ভোটাধিকাৰ সংকট । প্ৰায় ৩ হাজাৰ লোক শুনানিত হাজিৰ ।

SR controversy in Tezpur
তেজপুৰত এছ আৰ শুনানিত উপস্থিত হোৱা একাংশ লোক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 6:24 PM IST

6 Min Read
Choose ETV Bharat

তেজপুৰ : "মোৰ নাম তাৰিক শইকীয়া । মই বেচেৰীয়া মুছলিম গাঁৱৰ বাসিন্দা । এতিয়া যি দেখিছো আমি শইকীয়া মানুহো লাইন পাতিবৰ বাবে উপস্থিত হ'বলগা হৈছে, এইটো চৰকাৰৰ দিনত । কি হ'ব নাজানো আৰু । বি এল অ'ৱে আমাৰ ঘৰত গৈ সকলো কৰি-মেলি আহিছে । আমাৰ ফোন নম্বৰ, চহী লৈ সকলো কৰি অহাৰ পিছতো আমালৈ নোটিচ পঠাইছে । মই নাই বুলি, ডেথ বুলি, এবছেণ্ট বুলি এখন নোটিছ পঠাইছে ।" এয়া হৈছে তেজপুৰৰ এজন ভোটাৰৰ এছ আৰ সন্দৰ্ভত অভিযোগ ।

২০২৬ চনৰ অসম বিধানসভাৰ নির্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে নির্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ চমুকৈ এছ আৰৰ (SR) বাবে বিশেষকৈ মধ্য অসমত বৃহৎ ৰাজনৈতিক বিতর্কৰ সৃষ্টি হৈছে । বিজেপিয়ে সংখ্যালঘু মুছলমানক হাৰাশাস্তি কৰাৰ লগতে ফৰ্ম ৭ ব্যৱহাৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম বাদ পৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলসমূহে । ফলস্বৰূপে বিভিন্ন গোচৰৰ সন্মুখীন হৈছে ৷

তেজপুৰত এছ আৰ শুনানিত উপস্থিত হোৱা একাংশ লোক (ETV Bharat Assam)

সংখ্যালঘু মুছলমানৰ বাবে 'মিঞা' শব্দটো ব্যৱহাৰ কৰি বিজেপি কৰ্মীসকলক নিৰ্বাচনী প্ৰপত্ৰ ৭ৰ আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে স্বীকাৰ কৰাৰ পিছতে বিষয়টো তীব্ৰতৰ হৈ পৰে । এই ব্যৱস্থাৰে ভোটাৰৰ নাম বাদ পৰাৰ অভিযোগত শুনানিৰ বাবে মাতি অনা ব্যক্তিসকলে তেওঁলোকৰ অভিমত প্ৰকাশ কৰে ।

তেজপুৰত চলি থকা এছ আৰৰ শুনানিৰ পৰা নিৰ্বাচনৰ পূৰ্বে এই প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত ভোটাৰসকলে এই প্ৰক্ৰিয়াটোৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে ।

SR controversy in Tezpur
তেজপুৰত এছ আৰ শুনানিত উপস্থিত হোৱা একাংশ লোক (ETV Bharat Assam)

তেজপুৰ সমষ্টিৰ প্ৰায় তিনি হাজাৰ এনে লোকক বিশেষ পুনৰীক্ষণৰ জৰিয়তে বুধবাৰে সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ মাতি আনিছে । এইসকল লোকৰ সকলোৰে বিসংগতি, কোনোবা যদি মৃত আন কোনোবাক ভোটাধিকাৰৰ পৰা কৰ্তন হৈছে । তেজপুৰ ১০নং ৱাৰ্ডৰ এগৰাকী ভোটাৰ । তেওঁৰ পিতৃৰ ভোটাধিকাৰ ১৯৬৬ চনৰ পৰা আছে আৰু এতিয়া তেওঁৰ নাম কৰ্তন কৰা হৈছে ।

SR controversy in Tezpur
তেজপুৰত এছ আৰ শুনানিত উপস্থিত হোৱা একাংশ লোক (ETV Bharat Assam)

তেওঁ কয়, "প্ৰথমে মোৰ নাম ভোটাৰ লিষ্টত আছিল । এইবাৰ বি এল অ' গৈ পুনৰ নাম লৈ আহিছে । তাৰ পিছতো মোৰ নাম ভোটাৰ লিষ্টত নাই । দুদিন পূৰ্বে ভোটাৰ লিষ্টত নাম নাই বুলি ঘৰত গৈ খবৰ দিয়ে । মোৰ দেউতা ভাৰতীয়, মোৰ ল'ৰা ভাৰতীয় আৰু মই বাংলাদেশী ! এইটো কেনেধৰণৰ কথা ।"

তেওঁ কয় যে কৰ্মচাৰীসকলে ভালদৰে তথ্য সংগ্রহ নকৰাৰ বাবে এই অসুবিধাৰ সৃষ্টি হৈছে । কাৰণ বি এল অ'ৱে ঘৰলৈ গৈ ভালদৰে যদি তথ্য সংগ্ৰহ কৰিলে হয়, এই সমস্যাৰ সৃষ্টি নহ'লহেঁতেন ।

আন এগৰাকী ১০নং ৱাৰ্ডৰ ভোটাৰ । তেওঁ যোৱা নিৰ্বাচনত ভোটদান কৰিছে, কিন্তু এইবাৰ বি এল অ'ৱে গৈ তেওঁ সংশোধনীৰ বাবে আহিব লাগে বুলি কৈ আহিছে । এগৰাকী প্ৰথম ভোটাৰ, তেওঁ ভোটাৰ তালিকাত নাম অহা নাই ।

SR controversy in Tezpur
তেজপুৰত এছ আৰ শুনানিত উপস্থিত হোৱা একাংশ লোক (ETV Bharat Assam)

তেজপুৰ বেচেৰীয়া মুছলিম গাঁৱৰ তাৰিক শইকীয়া । তেৱোঁ মৃত ! তাৰিক শইকীয়াই কয়, "মই শইকীয়া হৈয়ো এতিয়া আহি ইয়াত থিয় হৈছোঁ । এই চৰকাৰৰ দিনত কি হয় নাজানো । বি এল অ'ৱে ঘৰলৈ গৈ সকলো তথ্য লৈ আহিছে । তাৰ পিছতো মোৰ নাম নাই, মই মৃত বুলি ঘৰলৈ নথি-পত্ৰ প্ৰেৰণ কৰিছে । আমাৰ তেজপুৰ চহৰৰ হাটীপিলখানাত নিজৰ নামত মাটি আছে । তাৰ পিছতো আমি ভোটাৰ তালিকাৰ সংশোধনীৰ বাবে আহিবলগা হৈছে ।"

তেওঁ কয়, "সমগ্ৰ প্ৰক্ৰিয়াটো যি হৈছে, এই চৰকাৰৰ ওপৰত আস্থা কি থাকিব । বি এল অ'ৱে সকলো তথ্য সংগ্ৰহ কৰিছে । তাৰ পিছত মুখ্যমন্ত্ৰীলৈ থেলিলে কেনেকৈ হ'ব । বেচেৰীয়া মুছলিম গাঁৱৰ প্ৰায় ৩০০ লোকলৈ এই একেই নোটিচ আহিছে ।"

আনহাতে, এই বিশেষ পুনৰীক্ষণ সন্দৰ্ভত কংগ্ৰেছ দলৰ নেত্ৰী পল্লৱী শইকীয়াই কয়, "এই বিশেষ প্ৰক্ৰিয়াটো এক বিসংগতি আৰু বিজেপি দলে নিজে কৰিছে । বি এল অ'ৱে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে । হয় বি এল অ'ৱে ভালদৰে কাম কৰা নাই, নহ'লে চৰকাৰে খেলিমেলি কৰিছে । কাৰণ বি এল অ' যেতিয়া ঘৰলৈ গৈছে, মানুহজনৰ উপস্থিতি পাইছে, তেওঁৰ চহী আনিছে । তাৰ পিছতো তেওঁৰ নাম নাই । তাৰমানে আমি কি ক'ম, বিজেপিয়ে জানি-বুজি কৰিছে ।"

SR controversy in Tezpur
তেজপুৰত এছ আৰ শুনানি (ETV Bharat Assam)

তেওঁ লগতে কয়, "এই যি প্ৰপত্ৰ পূৰণ কৰিছিল, সকলো বিজেপিৰ লোক । তাৰ উপৰি এজন মানুহে সাত-আঠখন প্ৰপত্ৰ পূৰণ কৰিব নোৱাৰে । তাৰ পিছতো ১০০ৰো ওপৰত এই প্ৰপত্ৰ পূৰণ কৰা হৈছে আৰু চৰকাৰ সম্পূৰ্ণ নিমাত হৈ আছে । মানুহক হাৰাশাস্তি কৰিছে । গতিকে চৰকাৰে এই বিষয়ে পদক্ষেপ গ্ৰহণ কৰিব লাগে । বি এল অ'ৱে নিজে গৈছে, মানুহৰ উপস্থিতি পাইছে । তাৰ পিছতো মানুহজন মৃত বুলি লিখিছে ।"

আনহাতে, কেইদিনমান পূৰ্বে এগৰাকী প্ৰণীতা ভূঞা নামৰ বিজেপিৰ হলেশ্বৰৰ নেত্ৰীয়ে নিজে কৈছে যে বিজেপিৰ কাৰ্যালয়ত বহি এই কাগজসমূহত চহী কৰিছে আৰু তেওঁলোকে নাজানো বুলিও কৈছে । এয়া সম্পূৰ্ণ বিসংগতি বুলি তেওঁ মন্তব্য কৰে ।

উল্লেখ্য যে এই বিশেষ পুনৰীক্ষণৰ প্ৰক্ৰিয়া ৩১ জানুৱাৰীলৈ চলি থাকিব । তেজপুৰ সমষ্টিৰ প্ৰায় ৩ হাজাৰোধিক লোকৰ এই পৰ্যায়ত তথ্য সংগ্ৰহ কৰিব ।

লগতে পঢ়ক :মোৰ কাম হ'ল মিঞাক কষ্ট দিয়া, 'ছাৰ' আহিলে ৪-৫ লাখ মিঞা ভোট কাটিব লাগিব : খোলাখুলিকৈ কৈ দিলে মুখ্যমন্ত্ৰীয়ে
লগতে পঢ়ক :এছ আৰৰ যোগেদি অসমত বিষবাষ্প বিয়পাবলৈ বিচৰা হৈছে : বিৰোধীয়ে মুখ্য নিৰ্বাচনী বিষয়াক দিলে স্মাৰক পত্র