ETV Bharat / state

পবিত্ৰ মক্কা শ্বৰীফ আৰু মদিনা লৈ যাত্ৰাৰ পূৰ্বে হজ যাত্ৰীসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা

হজ যাত্ৰীৰ ম'বাইলত থাকিব ৰাজ্যিক হজ কমিটীৰ এপ আৰু ঘড়ীৰ ব্যৱস্থা ৷ এই কথা কয় অসম চৰকাৰৰ ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানে ।

A night-view of the holy Kaaba during Hajj in Mecca
মক্কাত হজৰ সময় পবিত্ৰ কাবাৰ দৃশ্য (AFP)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 7:54 AM IST

4 Min Read
Choose ETV Bharat

ধুবুৰী : অসমৰ গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীৰ খিলঞ্জীয়া লোকসকলৰ বিভিন্ন সমস্যাৰ ক্ষিপ্ৰ সমাধান কৰা, লগতে দেশী মুছলমান লোকসকলৰ ক্ষেত্ৰত দেশী উন্নয়ন পৰিষদ শীঘ্ৰে গঠন কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনাইছে অসম চৰকাৰৰ ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানে ।

ইপিনে, গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীৰ লোকসকলক অসম চৰকাৰে খিলঞ্জীয়া বুলি ঘোষণা কৰাৰ পিচতো বসুন্ধৰা আঁচনিত গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীৰ লোকসকলে যথেষ্ট সমস্যাৰ সম্মুখীন হোৱাত ক্ষোভ ব্য়ক্ত কৰে অসম চৰকাৰৰ ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষগৰাকীয়ে ।

হজ যাত্ৰীসকলৰ প্ৰশিক্ষণ সম্পৰ্কত ৰাজ্যিক হজ কমিটীৰ অধ্য়ক্ষ (ETV Bharat Assam)

অসম চৰকাৰৰ ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানে সোমবাৰে ধুবুৰীত আৱৰ্ত ভৱনত জিলা হজ কমিটীৰ বিষয়ববীয়াৰে হজ যাত্ৰীসকলৰ প্ৰশিক্ষণ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বেঠকত মিলিত হয় ৷ ইয়াৰ পিচতেই তেওঁ সাংবাদিকৰ আগত এই বিষয়ে উল্লেখ কৰি চৰকাৰক বিহিত ব্য়ৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ।

আগন্তুক ৰমজান মাহ শেষ হোৱাৰ পিচতে মক্কালৈ যোৱাৰ উদ্যেশ্যে ৰাজ্যৰ হজ যাত্ৰীসকলৰ মাজত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি সাংবাদিকৰ আগত তেওঁ সদৰী কৰে ৷ ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষগৰাকীয়ে কয়, "ৰমজান মাহ শেষ হোৱাৰ পিচতে হজ যাত্ৰীসকলে পবিত্ৰ মক্কা শ্বৰীফ আৰু মদিনা লৈ যাত্ৰা আৰম্ভ কৰিব । ইয়াৰ পূৰ্বে ৰাজ্যিক হজ কমিটীৰ বহু কৰিবলগীয়া কাম আছে ।"

হজ যাত্ৰীক উপযুক্ত প্ৰশিক্ষণৰ ব্য়ৱস্থা :

অসম, মেঘালয়, নাগালেণ্ড,মিজোৰামকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ পাঁচখন ৰাজ্যৰ হজ কমিটীৰ দায়িত্বত থকা ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষগৰাকীয়ে কয়, "হজ যাত্ৰীসকলৰ বিদেশী ৰাষ্ট্ৰলৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নহয় আৰু তাৰ বাবে হজ যাত্ৰীসকলক যাতে উপযুক্ত প্ৰশিক্ষণ দিব পৰা যায়, সেই উদ্যেশেৰে অসমৰ বিভিন্ন প্ৰান্তৰ জিলা হজ কমিটীৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰা হৈছে ।"

সেই উদ্দেশ্য়ে ধুবুৰী জিলালৈ তেওঁ অহাৰ কথাও উল্লেখ কৰে । জিলা হজ কমিটীসমূহৰ ভূমিকা এইক্ষেত্ৰত যথেষ্ট আছে বুলি উল্লেখ কৰি ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষগৰাকীয়ে কয়, "কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ জৰিয়তে ৰাজ্যৰ হজযাত্ৰীসকলৰ ভেকচিনেচন লোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে ।"

ছৌদি চৰকাৰৰ সহযোগিতাৰ আশ্বাস :

প্ৰতিটো চৰকাৰী বিভাগে ৰাজ্যিক হজ কমিটীক সহযোগ কৰি থকাৰ কথা তেওঁ উল্লেখ কৰে । অসম, উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ হজ যাত্ৰীসকলে আৰৱত হজ পালন কৰি সফলতাৰে দেশলৈ ঘূৰি আহিব বুলি তেওঁ আশাবাদী বুলি মন্তব্য কৰে । ছৌদি চৰকাৰেও ভাৰতৰ হজ যাত্ৰীসকলৰ বাবে সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ৰাজ্যিক হজ কমিটীক অৱগত কৰাৰ কথা অধ্য়ক্ষগৰাকীয়ে ব্যক্ত কৰে ।

Hajj preparation of State Hajj Committee
হজ যাত্ৰীসকলৰ প্ৰশিক্ষণ সম্পৰ্কীয় বৈঠক (ETV Bharat Assam)

আনহাতে ধুবুৰী জিলাৰ স্থানীয় কিছুমান সমস্যাৰ ওপৰতো তেওঁ আলোচনা কৰে । তদুপৰি ৰাজ্যিক হজ কমিটীৰ অধীনত ১৬ জনকৈ প্ৰশিক্ষক থাকিব বুলি উল্লেখ কৰি তেওঁ কয়, "প্ৰতিজন হজ যাত্ৰীৰ ম'বাইলত ৰাজ্যিক হজ কমিটীৰ এপ ডাউনলোড কৰি দিয়াৰ লগতে হজ যাত্ৰীসকলক ঘড়ীও দিয়াৰ ব্যৱস্থা কৰা হৈছে । ছৌদী আৰৱত গৈ কোনো হজ যাত্ৰী যদি অসুবিধাৰ সম্মুখীন হ'ব লগাত পৰে নাইবা কোনোবাই হেৰাইও যায় তেতিয়া ৰাজ্যিক হজ কমিটীৰ কৰ্ম-কৰ্তাই প্ৰয়োজন হ'লে সেই ক্ষেত্ৰত লগে লগে যোগাযোগ কৰিব পাৰিব ।"

'ডি' ভোটাৰ,এছ আৰ সন্দৰ্ভত কি ক'লে ?

'ডি' ভোটাৰ, এছ আৰৰ নামত দেশী লোকসকল যাতে হাৰাশাস্তিৰ সম্মুখীন নহয় তাৰ বাবে তেওঁ অসম চৰকাৰক দৃষ্টি দিয়াৰ বাবে আহ্বান জনায় । আনহাতে অসমত খিলঞ্জীয়া দেশী লোকসকল যথেষ্ট হাৰাশাস্তিৰ সম্মুখীন হোৱাৰ কথা উল্লেখ কৰে অসম চৰকাৰৰ ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানে ৷

তেওঁ কয়, "দেশী লোকসকলৰ মৰ্মবেদনা অসম চৰকাৰে বুজি পাব লাগে ।" তেওঁ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰৰলৈকে য'তেই গৈছে তাতেই অসমৰ দেশী লোকসকলক উচ্চ স্থান দি তেওঁলোকৰ সমস্যাৰ সমাধান কৰাৰ বাবে দাবী জনাই আহিছে বুলি উল্লেখ কৰে ৷

তেওঁ কয়, "দেশীসকলে একত্ৰিত হৈ গণতান্ত্ৰিকভাৱে যুঁজ দিয়ক ।" দেশী লোকসকলৰ প্ৰাপ্য মৰ্যাদাখিনি ৰাজ্য চৰকাৰে সোনকালে দিয়াৰ বাবেও তেওঁ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক:চৌদি আৰবৰ সৈতে ভাৰতৰ হজ চুক্তি স্বাক্ষৰ; ২০২৬ চনত কিমানগৰাকী ভাৰতীয়ই হজ কৰিব পাৰিব ?

পুনৰ বিতৰ্কত অসম লোকসেৱা আয়োগ; ঘোষণাৰ পাছতেই বাতিল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ ফলাফল

ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ; মঙলবাৰে যোগদান কৰিব কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে