বিশ্ব প্ৰসিদ্ধ অসমৰ চাহ : বিভিন্ন দিশ সামৰি এক বিশেষ প্ৰতিবেদন
অসমত এপ্ৰিলত ৫৫.৪১ মিলিয়ন কেজি চাহপাত উৎপাদন হয় । গুৱাহাটী চাহ নিলাম কেন্দ্ৰত দুমাহত ৪৩০ কোটি টকাৰ ১৬.৬৫ মিলিয়ন কেজি চাহপাত বিক্ৰী ।

Published : June 6, 2026 at 7:16 PM IST
গুৱাহাটী : ২০০ বছৰীয়া গৌৰৱময় ইতিহাসেৰে মহিমামণ্ডিত ৰাজ্যৰ চাহ উদ্যোগটোৱে ৰাজ্যখনৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । বিভিন্ন সংকটৰ মাজতো অসমৰ চাহে দেশ-বিদেশৰ সমাদৰ লাভ কৰি আহিছে । সেইদৰে বতৰকে ধৰি বিভিন্ন পৰিস্থিতিৰ মাজতো অসমত চাহৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে বিক্ৰীৰ পৰিসৰো বৃদ্ধি হৈছে ।
গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ অধীনত চাহ ব্যৱসায়ীসকলে পূৰ্বতকৈ অধিক দৰত চাহ বিক্ৰী কৰাৰ সুবিধা পাইছে । দেশৰ ভিতৰত অসমতে আধাতকৈ বেছি চাহ উৎপাদন হয় । অসমৰ চাহ উদ্যোগটোৰ বিভিন্ন দিশ সামৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে । গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ ক্ৰেতা সংঘৰ সাধাৰণ সম্পাদক দীনেশ বিহানীৰে হোৱা ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।
অসমত চাহৰ উৎপাদন আৰু বিক্ৰী
এই সন্দৰ্ভত দীনেশ বিহানীয়ে কয়, "চলিত বৰ্ষৰ এপ্ৰিল মাহত অসমত ৫৫.৪১ মিলিয়ন কেজি চাহপাত উৎপাদন হৈছিল । সেইদৰে বিগত বৰ্ষৰ এপ্ৰিল মাহত ইয়াৰ পৰিমাণ আছিল ৪১.৪৯ মিলিয়ন কেজি । অৰ্থাৎ বিগত বৰ্ষৰ তুলনাত ১৩.৯২ মিলিয়ন কেজি বেছি উৎপাদন হৈছিল । সেইদৰে বিগত বৰ্ষত জানুৱাৰীৰ পৰা এপ্ৰিললৈ ৭১.৮০ মিলিয়ন কেজি চাহপাত অসমত উৎপাদন হৈছিল । এইবাৰ উৎপাদন হৈছে ৭৩.৮০ মিলিয়ন কেজি । বৃদ্ধি হৈছে ২.৫০ মিলিয়ন কেজি ।"

বিহানীয়ে লগতে কয়, "অসমত উৎপাদন হোৱা চাহপাতৰ ৫০ শতাংশ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ যোগেদি বিক্ৰী হয় । বিগত বিত্তীয় বৰ্ষত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ যোগেদি ১৮২.৬৬ মিলিয়ন কেজি চাহপাত বিক্ৰী হৈছিল । যাৰ মূল্য আছিল ৩৮০০ কোটি টকা ।

আনহাতে চলিত বৰ্ষৰ এপ্ৰিল আৰু মে' মাহত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ যোগেদি ১৬.৬৫ মিলিয়ন কেজি চাহপাত বিক্ৰী হৈছিল আৰু যাৰ মূল্য আছিল ৪৩০ কোটি টকা । সেইদৰে বিগত বৰ্ষৰ এপ্ৰিল আৰু মে' মাহত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ যোগেদি ১৫.৬৮ মিলিয়ন কেজি চাহপাত বিক্ৰী হৈছিল আৰু যাৰ মূল্য আছিল ৩৫৮ কোটি টকা ।"

অসমৰ চাহপাতৰ বজাৰ
অসমৰ চাহপাতৰ বজাৰ সন্দৰ্ভত বিহানীয়ে কয়, "দেশত উৎপাদন হোৱা মুঠ চাহপাতৰ ৫২ শতাংশ অসমতে উৎপাদন হয় । ভাৰতবৰ্ষত বছৰি ১৩১৯ মিলিয়ন কেজি চাহপাত উৎপাদন হয় । ইয়াৰ ভিতৰত অসমত উৎপাদন হয় ৭৫০ মিলিয়ন কেজি চাহপাত ।
অসমৰ চাহপাত কৰ্ণাটক, গুজৰাট, দিল্লী, ৰাজস্থান, মধ্যপ্ৰদেশ আদি ৰাজ্যলৈ ৰপ্তানি হয় । আনহাতে ৰাছিয়া, ইৰাণ, ইউকে, আৰৱ দেশকে আদিকে ধৰি বিভিন্ন ৰাষ্ট্ৰলৈ অসমৰ চাহপাত ৰপ্তানি হয় ।"

চাহ উদ্যোগৰ বিশালতা
বিহানীয়ে কয়, "অসমত ৮০০ বৃহৎ চাহ বাগিচা আছে । আনহাতে ক্ষুদ্ৰ চাহ খেতিয়ক ২ লাখৰো বেছি আছে । অসমৰ চাহ উদ্যোগটোত ক্ষুদ্ৰ চাহ খেতিয়কৰ বিশেষ অৱদান আছে । অসমৰ মুঠ উৎপাদিত চাহৰ ৫৫ শতাংশ চাহপাত ক্ষুদ্ৰ চাহ খেতিয়কৰ যোগেদি আহে । অৰ্থাৎ ৫৫ শতাংশ চাহপাত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰে ।

অসমৰ চাহ উদ্যোগটোত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ১০ লাখৰো অধিক লোক জড়িত হৈ আছে । আন এটা উল্লেখনীয় দিশ হৈছে যে চাহ উদ্যোগটোৰ লগত জড়িতসকলৰ ভিতৰত ৫৮ শতাংশই হৈছে মহিলা ।"
চাহ উদ্যোগত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ

এই সন্দৰ্ভত বিহানীয়ে কয়, "মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ অসমৰ চাহ খণ্ডত কিছু পৰিছে যদিও বিশেষ সমস্যা হোৱা নাই । মূল্যবৃদ্ধিৰ বিশেষ প্ৰভাৱ পৰা নাই অসমৰ চাহ খণ্ডত । বিদেশলৈ অসমৰ অৰ্থ'ডক্স চাহপাত ৰপ্তানি হয় । যাৰ বাবে যুদ্ধৰ প্ৰভাৱ পৰা নাই । অসমত উৎপাদিত চাহপাতৰ ৮০ শতাংশ চিটিচি চাহ আৰু ২০ শতাংশ অৰ্থ'ডক্স চাহ । সেইবাবে প্ৰভাৱ পৰা নাই । অসমৰ চিটিচি চাহপাত দেশৰ ভিতৰত বিক্ৰী হয় । দেশতে ইয়াৰ চাহিদা আছে ।"

অসমৰ শ্ৰেষ্ঠ ৫ খন চাহ বাগিচা
অসমৰ ভাল চাহ উৎপাদন হোৱা বাগিচা সন্দৰ্ভত বিহানীয়ে কয়, "অসমৰ সৰ্বশ্ৰেষ্ঠ ৫ খন চাহ বাগিচা হৈছে ঢেকীয়াজুলি চাহ বাগিচা, হাতীমাৰা চাহ বাগিচা, হালমাৰি চাহ বাগিচা, হুকমল চাহ বাগিচা আৰু গাতংগা চাহ বাগিচা ।" বিহানীয়ে লগতে কয়, "বেষ্ট কুৱালিটিৰ চাহ উৎপাদনৰ সময় হৈছে ১৫ মে'ৰ পৰা ১৫ জুনলৈ ।"
লগতে পঢ়ক :

