আৰক্ষীৰ ভুলৰ বাবেই জামিন পালে বিতৰ্কিত এ চি এছ বিষয়া নূপুৰ বৰাই !
মুকলি আকাশৰ তললৈ বিতৰ্কিত এ চি এছ বিষয়া নূপুৰ বৰা । অধিবক্তাৰ যুক্তি খণ্ডন কৰিব নোৱাৰি জামিন প্ৰদান কৰে নূপুৰক ।

Published : November 11, 2025 at 8:49 PM IST
গুৱাহাটী: আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে বিতৰ্কিত এ চি এছ বিষয়া নূপুৰ বৰাই । আয় বহিৰ্ভূত সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চক্ৰ বিষয়া নূপুৰ বৰাৰ জামিন অৱশেষত মঙলবাৰে বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰে । কেতবোৰ চৰ্ত সাপেক্ষে আদালতে অভিযুক্ত বৰাৰ জামিন মঞ্জুৰ কৰে ।
এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কয়, "আদালতত নূপুৰ বৰাৰ অধিবক্তাৰ যুক্তিক খণ্ডন কৰিব নোৱাৰিলে চৰকাৰী অধিবক্তাই । ১৫ ছেপ্টেম্বৰ নিশা গ্ৰেপ্তাৰ কৰা হৈছিল এ চি এছ নূপুৰ বৰাক । যিটো বিধিগতভাৱে গ্ৰহণযোগ্য নহয় মহিলাৰ ক্ষেত্ৰত । ফাষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ অনুমতি অবিহনে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল বিতৰ্কিত নূপুৰ বৰাক । ২৫/২০২৫ নম্বৰত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চত গোচৰ ৰুজু কৰা হৈছিল নূপুৰ বৰাৰ বিৰুদ্ধে । মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চে গোচৰৰ প্ৰতিলিপিত দাখিল কৰিছিল BNSS ৪৭ আৰু ৪৮ ধাৰা য'ত সংলগ্ন আছিল গ্ৰেপ্তাৰ কৰাৰ সময় নিশা ৮ বজাত ।"
উল্লেখ্য যে ২০১৯ চনত স্বচ্ছতাৰে নিযুক্তি পোৱা এ চি এছ বিষয়া নূপুৰ বৰাৰ ঘৰত ওলাইছিল জাপে জাপে টকা । ২০১৯ ত এ পি এছ চিৰ দ্বাৰা বাচনিভূক্ত হৈ ৬ বছৰতে চৰকাৰী পদমৰ্যাদা আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰি কোটিপতি হোৱা নূপুৰ বৰা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জালত পৰিছিল ।
আয় বহিৰ্ভূত সম্পত্তি অৰ্জনৰ গোচৰত গৰৈমাৰী ৰাজহ চক্ৰৰ প্ৰাক্তন ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল । চক্ৰ বিষয়া নূপুৰ বৰাৰ ঘৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলাই ৯০ লাখ ৫০ হাজৰ ৪০০ টকাৰ লগতে প্ৰায় ডেৰ কোটি টকাৰ হীৰাৰ আ-অলংকাৰ জব্দ কৰিছে ।

