শিশু সাহিত্য সংৰক্ষণৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশেষ পদক্ষেপ
এই কৰ্মশালাখনি আমেৰিকাৰ কেলফ'ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ অধীনস্থ আধুনিক বিপদাপন্ন আৰ্কাইভ প্ৰ'গেমৰ অনুদান প্ৰকল্পৰ অংশ হিচাপে অনুষ্ঠিত হয় ।

Published : March 26, 2026 at 4:24 PM IST
তেজপুৰ : ভাৰতৰ অগ্ৰণী শিক্ষনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগ আৰু সমাজবিজ্ঞান বিভাগে যৌথভাৱে ২৫ মাৰ্চত পৰিষদীয় প্ৰেক্ষাগৃহত “Archiving Childhood: Assamese Periodicals for Children (1980–2020)” (শৈশৱৰ সংৰক্ষণ: শিশুৰ বাবে অসমীয়া সাময়িকীসমূহ, ১৯৮০–২০২০) শীৰ্ষক এখন এদিনীয়া কৰ্মশালা আয়োজন কৰে ।
এই কৰ্মশালাখনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলফ'ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ (University of California, Los Angeles (UCLA) Library) অধীনস্থ আধুনিক বিপদাপন্ন আৰ্কাইভ প্ৰ'গেমৰ (Modern Endangered Archives Programme ,MEAP) এক প্ৰতিষ্ঠিত অনুদান প্ৰকল্পৰ অংশ হিচাপে অনুষ্ঠিত হয় । এই প্ৰকল্পৰ প্ৰধান গৱেষক (Principal Investigator) হিচাপে ইংৰাজী বিভাগৰ ডঃ পল্লৱী ঝা আৰু সহকাৰী প্ৰধান গৱেষক (Co-Principal Investigator) হিচাপে সমাজবিজ্ঞান বিভাগৰ ডঃ শুভদীপ্ত ৰয়ৰ লগতে সমাজবিজ্ঞান অধ্যয়ন কেন্দ্ৰ (Centre for Studies in Social Sciences ,CSSS) কলকাতাৰ নথি সংৰক্ষণ বিষয়া অভিজিত ভট্টাচাৰ্য জড়িত আছে ।
কৰ্মশালাৰ আৰম্ভণিতে ইংৰাজী বিভাগৰ মুৰব্বী ডঃ সঞ্জীৱ চাহুৱে আদৰণী ভাষণ আগবঢ়াই আৰ্কাইভৰ বৌদ্ধিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত গুৰুত্বৰ কথা উল্লেখ কৰে । সমাজবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অমিয় কুমাৰ দাসে কয়, "আৰ্কাইভ মানে কেৱল পুথি সংৰক্ষণ নহয়, এয়া এটা সময়ৰ আত্মা সংৰক্ষণৰ উপায়, যাৰ জৰিয়তে আগন্তুক প্ৰজন্মই সমাজৰ পৰিৱর্তন আৰু প্ৰেক্ষাপট বুজিবলৈ সক্ষম হ'ব ।"
অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে নৱপ্ৰজন্মৰ পঢ়াৰ অভ্যাসৰ পৰিবর্তনৰ কথা উল্লেখ কৰি কয় যে ডিজিটেল মাধ্যম যেনে এনিমেচন, ষ্ট্ৰীমিং প্লেটফৰ্ম আৰু বিশ্বজনীন মনোৰঞ্জন বিষয়বস্তুৰ প্ৰভাৱত এই পৰিবর্তন হৈছে । তেওঁ লগতে কয় যে কিতাপ পঢ়া কেৱল সমাজৰ দাপোণ নহয়, এয়া কল্পনাশক্তি বিকাশৰ এক শক্তিশালী উপায় ।
ডঃ পল্লৱী ঝাই প্ৰকল্পটোৰ ওপৰত এক বিস্তৃত পৰ্যালোচনা আগবঢ়াই অসমীয়া শিশু সাহিত্যৰ নথিপত্ৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ইয়াক অসমীয়া প্ৰৱাসী সমাজ আৰু গৱেষণামূলক আলোচনাৰ বৃহৎ পৰিসৰত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে । তেওঁ উল্লেখ কৰে যে উত্তৰ-পূব ভাৰতৰ কোনো বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানে এইদৰে প্ৰতিযোগিতামূলক অনুদান লাভ কৰা এয়াই প্ৰথম ।
তেওঁ লগতে কয় যে শিশু সাহিত্য দীঘলীয়া সময় ধৰি এক উপেক্ষিত গৱেষণাৰ ক্ষেত্ৰ হৈ আছিল যদিও ইয়াৰ সাংস্কৃতিক আৰু শিক্ষামূলক গুৰুত্ব অতি গভীৰ ।
আমন্ত্ৰিত বক্তাসকলৰ ভিতৰত সাহিত্য অকাডেমি বঁটাপ্ৰাপক তথা বিশিষ্ট শিশু সাহিত্যিক যুগললোচন দাসে অসমৰ জনপ্ৰিয় মাহেকীয়া শিশু আলোচনী ‘ৰংমন’ৰ সৈতে জড়িত হৈ থকাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে আৰু অসমীয়াৰ চিত্ৰ-কাহিনী মিশ্ৰিত শিশু আলোচনীৰ বিকাশ সম্পৰ্কে গুৰুত্বপূৰ্ণ অভিমত প্ৰকাশ কৰে ।
তেওঁ কয় যে অসমীয়া সাহিত্যত পূৰ্বে কমিক্সৰ শক্তিশালী পৰম্পৰা নাছিল আৰু ৰংমনে এই ক্ষেত্ৰত পথ প্ৰদৰ্শক হিচাপে আত্মপ্ৰকাশ কৰিছিল । পৌৰাণিক কাহিনী, পৰম্পৰা, ৰসিকতা আৰু কেতিয়াবা ভয়ংকৰ উপাদান সংমিশ্ৰিত আকৰ্ষণীয় কাহিনীৰ জৰিয়তে ৰংমনে শিশুসকলৰ মাজত কৌতুহল, কল্পনা আৰু বৌদ্ধিক বিকাশত সহায় কৰিছে ।
অনুষ্ঠানটোত ৰংমনৰ প্ৰতিষ্ঠাপক ৰমেন বৰদলৈ, প্ৰতিষ্ঠাপক সদস্য ত্ৰিনয়ন ৰাজখোৱা, ‘ৰংমেলা’ আৰু ‘শিশুবাণী’ৰ প্ৰতিষ্ঠাপক অৰুণ ভগৱতী, ‘কংকন’ৰ প্ৰতিষ্ঠাতা তথা বিশিষ্ট কাৰ্টুনিষ্ট নৱপ্ৰতিম দাস, সমাজবিজ্ঞান অধ্যয়ন কেন্দ্ৰ (Centre for Studies in Social Sciences ,CSSS) কলকাতাৰ নথি সংৰক্ষণ বিষয়া অভিজিত ভট্টাচাৰ্য আৰু একেটা প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক ডঃ শৌভিক মুখাৰ্জী উপস্থিত থাকে ।

