মহানগৰীত আৰু এখন জুবিন ক্ষেত্ৰ: আকৰ্ষিত কৰিছে সকলোকে
সোণাপুৰত নহয়, মহানগৰীৰ লখৰাত স্থাপন কৰা হৈছে 'জুবিন ক্ষেত্ৰ' । এই জুবিন ক্ষেত্ৰতো এতিয়া দৰ্শনাৰ্থীৰ লানি নিছিগা সোঁত ।

Published : November 12, 2025 at 8:35 PM IST
গুৱাহাটী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰায় দুমাহ হ'বৰ হ'ল । জুবিনবিহীন এই দুটা মাহতো কমা নাই ৰাইজৰ সেই আৱেগ, যি আৱেগ আৰম্ভ হৈছিল ১৯ ছেপ্টেম্বৰত ।
অসমবাসীয়ে বৰ্তমানেও যেন স্বাভাৱিক হ'ব পৰা নাই জুবিন গাৰ্গৰ মৃত্যুত । প্ৰতিদিনে প্ৰাণৰ শিল্পীগৰাকীক বিচাৰি কাহিলিপাৰাৰ ঘৰখনৰ লগতে সোণাপুৰৰ জুবিন ক্ষেত্ৰত ভিৰ কৰিছে হাজাৰ হাজাৰ অনুৰাগীয়ে ।
সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাস মহোৎসৱ সমিতিসমূহেও প্ৰয়াত শিল্পীগৰাকীক ভিন্ন প্ৰকাৰে শ্ৰদ্ধা নিবেদন কৰিছে । ক'ৰবাত যদি বিশাল প্ৰতিমূৰ্তি, ক'ৰবাত আকৌ জুবিন গাৰ্গৰ আলোকচিত্ৰত ছেলফি পইণ্ট । একেদৰে দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ সমিতিয়ে স্থাপন কৰা 'জুবিন ক্ষেত্ৰ'ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

এই জুবিন ক্ষেত্ৰত ছিংগাপুৰৰ য়ট পাৰ্টীৰ পৰা আৰম্ভ কৰি সোণাপুৰৰ শেষকৃত্য সম্পন্ন কৰা সকলো দৃশ্য প্ৰতীকী আকাৰত প্ৰদৰ্শন কৰা হৈছে । এইবেলি দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ সমিতিয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই 'জুবিন ক্ষেত্ৰ' নামেৰে বিশেষ ঠাই সংৰক্ষণ কৰিছে ।

দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱৰ বিষয়ববীয়া সঞ্জীৱ বৰাই এই সন্দৰ্ভত কয়, "৫ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ ১০ দিনীয়া কাৰ্যসূচীৰে পঞ্চদশ বাৰ্ষিক ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত বিশেষভাৱে ঠাই সংৰক্ষণ কৰা হৈছে, য'ত ছিংগাপুৰ যাত্ৰাৰ য়ট পাৰ্টীৰ পৰা আকাশীযানেৰে বিমানবন্দৰলৈ অনা, সৰুসজাই ষ্টেডিয়ামত ৰাইজৰ সমাগম হোৱা আৰু সোণাপুৰত শেষকৃত্য সম্পন্ন কৰা সকলোখিনি প্ৰতীকী ৰূপত প্ৰদৰ্শন কৰা হৈছে ।"
তেওঁ লগতে কয়, "সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ আহি হাজাৰ হাজাৰ লোকে শ্ৰদ্ধাঞ্জলি জনাই আছে । বহু লোকে বৰ্তমানো আহিব পৰা নাই । সেয়েহে ৰাস মহোৎসৱত সমবেত হোৱাসকলক এটি আভাস দিয়াৰ বাবে প্ৰয়াস কৰা হৈছে ।"

