ETV Bharat / state

জোনাইত বন্যাৰ্তৰ বিননি; পানী কমিলেও কমা নাই দুখ-দুৰ্দশা

বানে ধোৱা জোনাইত পানী কমিছে যদিও বানাক্ৰান্তৰ দুখ-দুৰ্দশা কমা নাই । বিশুদ্ধ খোৱাপানী আৰু খাদ্য সংকটত ককবকাইছে বানাক্ৰান্ত পৰিয়ালে ।

jonai flood
জোনাইত বন্যাৰ্তৰ বিননি; পানী কমিলেও কমা নাই দুখ-দুৰ্দশা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 30, 2026 at 9:21 PM IST

4 Min Read
Choose ETV Bharat

জোনাই : যিসময়ত কৃষক ৰাইজে পথাৰত কঠীয়া ৰোপণ কৰি পথাৰ সেউজীয়া কৰে, সেই সময়তে অৰুণাচলৰ পৰা বৈ অহা বলিয়া বানে চলাইছে তাণ্ডৱ । বিশেষকৈ জোনাইৰ তেলেম গাঁও পঞ্চায়তৰ অন্তৰ্গত অৰুণ চাপৰি, মধুপুৰ, মধুপুৰ জোনকাৰেং, চিকেৰ চেলেক, উজনি মিছামৰা, ৰাঙলী কেমেৰে, লুহিতপৰীয়া আদিকে ধৰি অঞ্চলটোৰ প্ৰায় ২০ খনতকৈও অধিক গাঁৱত বানৰ পানীয়ে ব্যাপক তাণ্ডৱ চলায় ।

বৰ্তমান পানী কিছু কমিলেও অঞ্চলটোৰ বানপীড়িত ৰাইজৰ জীৱন-যাপন এতিয়াও স্বাভাৱিক হোৱা নাই । বিশুদ্ধ খোৱাপানী আৰু খাদ্যৰ অভাৱৰ লগতে স্বাস্থ্যজনিত সমস্যায়ো তেওঁলোকক জুৰুলা কৰি তুলিছে । অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা বলিয়া বানে তচনচ কৰি থৈ গ'ল পাঁচ শতাধিক পৰিয়ালৰ সপোনৰ ঘৰখনৰ সা সম্পত্তি, পশুধন আদি । তদুপৰি ধানখেতিৰ বাবে কঠীয়া পাৰিছিল যদিও এতিয়া সকলো পলসৰ তলত । কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় লোকসকলে ।

jonai flood
জোনাইত বন্যাৰ্তৰ বিননি; পানী কমিলেও কমা নাই দুখ-দুৰ্দশা (ETV Bharat Assam)

বৰ্তমান জাবৰ-জোঁথৰ, খৰি-কাঠ আৰু পলস, বিভিন্ন আৱৰ্জনাৰ মাজৰ পৰা বিচাৰিছে ঘৰৰ সা-সামগ্ৰী, নথি-পত্ৰ । আনহাতে, বাস কৰিবলৈ অনুপযোগী হৈ পৰে আপোন গাঁওখন । বাচি থকা সামগ্ৰীখিনিকে লৈ ওখ স্থানলৈ কিছু লোক ঢাপলি মেলিছে । কোনোৱে আকৌ জাবৰ-জোঁথৰে পুতি পেলোৱা সপোনৰ ঘৰখনতে কোনমতে আশ্ৰয়গ্ৰহণ কৰি আছে ।

jonai flood
জোনাইত বন্যাৰ্তৰ বিননি; পানী কমিলেও কমা নাই দুখ-দুৰ্দশা (ETV Bharat Assam)

বৰ্তমান ভীষণ সমস্যাৰ মাজত ককবকাইছে বন্যাৰ্তই । খাবলৈ নাই বিশুদ্ধ খোৱাপানী । বিশুদ্ধ খোৱাপানী বাবে যাব লাগে প্ৰায় ৮ কিলোমিটাৰ বাট । বানৰ পানীৰ সৈতে ভাহি অহা কাঠ, জাৱৰ-জোঁথৰ আৰু বিভিন্ন আৱৰ্জনাই বহু পৰিয়ালৰ ঘৰ-বাৰী আবদ্ধ কৰি ৰাখিছে । উপায়হীন এগৰাকী বন্যাৰ্তই সকলো ভগৱানৰ ওচৰত এৰি দিয়া বুলি আমাৰ আগত দুখেৰে প্ৰকাশ কৰে ।

jonai flood
জোনাইত বন্যাৰ্তৰ বিননি; পানী কমিলেও কমা নাই দুখ-দুৰ্দশা (ETV Bharat Assam)

তেওঁ কয়, "আমাৰ সকলো এতিয়া দিখাৰী নদীৰ পলস, জাবৰ-জোঁথৰ, কাঠ আৰু বিভিন্ন আৱৰ্জনাৰ মাজত । ঘৰ-বাৰী, খেতিপথাৰ সকলো । চৰকাৰ প্ৰশাসনে যদি আমাক থাকিবলৈ সুবিধা কৰি দিয়ে ভাল আছিল । কিয়নো আমাৰ গাঁওখন থকাৰ উপযোগী হৈ থকা নাই । ইয়াত থাকিলে বিভিন্ন ধৰণৰ বেমাৰ হোৱাৰ আশংকা হৈছে । ল'ৰা-ছোৱালী স্কুল-কলেজলৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । পৰীক্ষা দিব নোৱাৰিলে গাঁওখনৰ ছাত্ৰ-ছাত্ৰীসকলে ।"

jonai flood
জোনাইত বন্যাৰ্তৰ বিননি; পানী কমিলেও কমা নাই দুখ-দুৰ্দশা (ETV Bharat Assam)

লগতে কয়, "শ শ হেক্টৰ কৃষিভূমি এতিয়া বালি-পলসে পুচি পেলালে । এতিয়া কি কৰি ঘৰ চলাম । সেয়ে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে আমাক থকা-খোৱাৰ সুবিধা কৰি দিয়ক ।"

উল্লেখ্য যে অসম আৰু অৰুণাচলত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জোনাইৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা ভয়ংকৰ বানে ব্যাপক ক্ষতিসাধন কৰিছে । বৰ্তমান বানৰ পানী কিছু পৰিমাণে কমিলেও বানাক্ৰান্ত শ শ পৰিয়ালৰ দুখ-দুৰ্দশাৰ অন্ত পৰা নাই । বহু পৰিয়াল এতিয়াও বিশুদ্ধ খোৱাপানী, খাদ্য আৰু অন্যান্য নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ তীব্ৰ সংকটৰ সন্মুখীন হৈ আছে ।

জোনাইত বন্যাৰ্তৰ বিননি; পানী কমিলেও কমা নাই দুখ-দুৰ্দশা (ETV Bharat Assam)

এই বানত বিস্তীৰ্ণ কৃষিভূমি বোকা আৰু বালিৰ তলত পোত গৈছে । বহু বাট-পথ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহু ঘৰ-বাৰী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে । লগতে বহু পৰিয়ালৰ গৰু-ছাগলী, হাঁহ-কুকুৰা আদি পশুধনৰ মৃত্যুৰ ফলত আৰ্থিকভাৱে গভীৰ ক্ষতিৰ সন্মুখীন হৈছে বানপীড়িত লোকসকল । এতিয়াও বহু পৰিয়ালৰ বাসগৃহ বোকা-পানীৰ মাজত ডুব গৈ থকাৰ ফলত স্বাভাৱিক জীৱন-যাত্ৰালৈ ঘূৰি অহা সম্ভৱ হোৱা নাই ।

ইফালে বানৰ প্ৰবল সোঁতে বহু পৰিয়ালৰ ঘৰ-বাৰী উটুৱাই নিয়াৰ লগতে বিস্তীৰ্ণ কৃষিভূমি বোকা আৰু বালিৰ তলত পোত যোৱাত কৃষকসকলৰ মাজত গভীৰ হতাশাৰ সৃষ্টি হৈছে ।

জোনাইত বন্যাৰ্তৰ বিননি; পানী কমিলেও কমা নাই দুখ-দুৰ্দশা (ETV Bharat Assam)

উল্লেখ্য যে অসম–অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ ফলত জোনাইৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হয় । এই বানত ৫ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী, বিস্তীৰ্ণ কৃষিভূমি আৰু বহু মূল্যৱান সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হয় । কেইবাটাও পৰিয়ালৰ বাসগৃহ বাঢ়নী পানীয়ে উটুৱাই নিয়ে ।

jonai flood
জোনাইত বন্যাৰ্তৰ বিননি; পানী কমিলেও কমা নাই দুখ-দুৰ্দশা (ETV Bharat Assam)

আনহাতে, বহু বাট-পথ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে । বানাক্ৰান্ত অঞ্চলসমূহত বিশুদ্ধ খোৱাপানী, খাদ্য-সামগ্ৰী আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ তীব্ৰ সংকটে দেখা দিছে ।

লগতে পঢ়ক :দিখাৰী নদীয়ে ভাবুকি কঢ়িয়াইছে জোনাইৰ আন এখন ৰে’লৱে দলঙলৈ
লগতে পঢ়ক :জোনাইত বানত ক্ষতিগ্ৰস্ত পৰিয়াললৈ ১ লাখ ২০ হাজাৰ টকাকৈ চৰকাৰী এককালীন সাহায্য ঘোষণা