৫ বছৰ পুৰণি এক হত্যাৰ গোচৰত এজনক যাৱজ্জীৱন কাৰাদণ্ডৰ আদালতৰ
ব্যক্তিগত বিবাদক কেন্দ্ৰ কৰি ২০২১ চনত সংঘটিত হৈছিল হত্যাকাণ্ড । ঢেকীয়াজুলি আৰক্ষী থানাৰ গোচৰটোত অৱশেষত আদালতে দিলে ৰায় ।

Published : June 12, 2026 at 8:21 PM IST
তেজপুৰ: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত সংঘটিত এক হত্যাকাণ্ডৰ গোচৰত শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে । ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত বালিজান কছাৰীগাঁৱত সংঘটিত হত্যাকাণ্ডৰ গোচৰটোত ন্যায়াধীশ কৌশিক হাজৰিকাই অভিযুক্ত তোলন দাসক হত্যাৰ দোষত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা বিহে । জৰিমনা অনাদায়ে অতিৰিক্ত কাৰাদণ্ড ভোগ কৰিব লাগিব বুলিও আদালতে নিৰ্দেশ দিয়ে ।
শোণিতপুৰ আদালতৰ চৰকাৰী অধিবক্তা মুনিন বৰঠাকুৰে এই বিষয়ে সদৰী কৰে । তেওঁ জনোৱা মতে ২০২১ চনৰ ১৪ মে'ৰ সন্ধিয়া প্ৰায় ৬ বজাত বালিজান কছাৰীগাঁৱত ব্যক্তিগত বিবাদক কেন্দ্ৰ কৰি সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড । অভিযোগ অনুসৰি একেখন গাঁৱৰে স্বপ্নীল দাসক কোৰেৰে মূৰত আঘাত কৰিছিল তোলন দাসে । পৰৱৰ্তী সময়ত স্বপ্নীল দাসৰ মৃত্যু হয় । ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ।
ঘটনাটোৰ পিছদিনা নিহত স্বপ্নীল দাসৰ মাতৃ শান্তি দাসে ঢেকীয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত ২৭২/২০২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে । তদন্তৰ অন্তত আৰক্ষীয়ে তোলন দাসক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই আৰু তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
অধিবক্তা বৰঠাকুৰে কয়, "দীঘলীয়া বিচাৰ প্ৰক্ৰিয়া আৰু সাক্ষ্য-প্ৰমাণ পৰ্যালোচনাৰ অন্তত আজি আদালতে দোষী সাব্যস্ত কৰি এই ৰায় দিয়ে ।" ইফালে এই ৰায়ক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গণ্য কৰা হৈছে ।
লগতে পঢ়ক :

