ETV Bharat / state

ৰ’দ পাই ৰঙা হ’ল সোৱাদ সুমথিৰা, নিয়ৰৰ পাই জিলমিল কৰে… ! সোণবৰণীয়া হৈ পৰিছে সোণাপুৰৰ সেউজ বক্ষ

শীতৰ কোমল ৰ’দ পিঠিত লৈ নিজে গছৰ পৰা সতেজ আৰু ৰসাল কমলা পাৰি খোৱাৰ আনন্দ ল’ব বিচাৰে নেকি ? দেবেন বৰুৱাৰ এক বিশেষ প্ৰতিবেদন ।

SONAPUR ORANGE
সোণবুলীয়া হৈ পৰিছে সোণাপুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 4, 2025 at 3:21 PM IST

|

Updated : December 4, 2025 at 3:27 PM IST

11 Min Read
Choose ETV Bharat

সোণাপুৰ: ৰাজ্যত নামিছে শীত ৷ শীতৰ সমান্তৰালকৈ বজাৰ ভৰি পৰিছে ৰসাল ৰসাল কমলাৰে ৷ বিশেষকৈ বজাৰ দখল কৰিছে সোণাপুৰ, ভূটান আদিৰ পৰা অহা কমলাই ৷ সম্প্ৰতি সোণাপুৰত পূৰ্বৰ তুলনাত কমলাৰ উৎপাদন কিছু কম হ’লেও, বাগিচাৰ কমলাবোৰে এতিয়াও ‘‘মোক খা, মোক খা’’ বুলি যেন সকলোকে আমন্ত্ৰণহে জনাইছে ! শীতকালি প্ৰকৃতিৰ অপৰূপ দান, এই কমলাৰ সোৱাদ নল’লে যেন আধৰুৱা হৈ ৰ’ব আপোনাৰ এই সময় ৷

সোণতৰাৰ দেশত সুমথিৰাৰে ভৰা সোণালী বতৰ

শীতৰ কোমল ৰ’দ পিঠিত লৈ, নিজে গছৰ পৰা সতেজ আৰু ৰসাল কমলা পাৰি খোৱাৰ আনন্দ ল’ব বিচাৰে নেকি ? তেনেহ’লে পলম নকৰি আপুনি আহিব পাৰে সোণাপুৰৰ ডিমৰীয়ালৈ ।

সোণাপুৰৰ কমলাৰে ভৰি পৰিছে বজাৰ (ETV Bharat Assam)

‘‘ৰ’দ পাই ৰঙা হ’ল সোৱাদ সুমথিৰা, নিয়ৰ পাই জিলমিল কৰে… !’’ শিল্পী দিলীপ দাসৰ কণ্ঠৰ এই মধুৰ গীতৰ কলিটোৱে যেন বাস্তৱ ৰূপ লৈছে সোণাপুৰৰ ডিমৰীয়াৰ সেউজীয়া বুকুত । কমলাৰ বাবে বিখ্যাত এই অঞ্চলটোত এতিয়া চলিছে কমলা চপোৱাৰ বতৰ । ধৰালৈ লাহে লাহে শীতৰ আগমন ঘটিছে আৰু এই শীতৰ বতৰতে সোণাপুৰৰ কমলা বাগিচাবোৰত দেখা গৈছে এক অনিন্দ্য সুন্দৰ দৃশ্য ৷

লমালমে গছৰ ডালবোৰত লগা কমলাবোৰ দূৰৈৰ পৰা দেখিলে এনে লাগে যেন সেউজীয়া গছৰ ডালত সোণালী ৰঙৰ একো একোটা মণিহে লাগি আছে । বজাৰবোৰতো এতিয়া মাথোঁ কমলাৰে গোন্ধ ৷

গুৱাহাটী মহানগৰীৰ নিচেই ওচৰতে থকা সোণাপুৰ(ডিমৰীয়া) অঞ্চলটোৱে এসময়ত অসমৰ ফল-মূলৰ মানচিত্রত নিজৰ সুকীয়া স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল । ইয়াৰ উৰ্বৰ পাহাৰীয়া ঢালত উৎপাদিত কমলাবোৰৰ সোণালী ৰঙে অঞ্চলটোক এক বিশেষ পৰিচয় দিছিল । ডিমৰীয়াৰ কমলা কেৱল সোৱাদ আৰু গুণগত মানৰ বাবেই নহয়, ঐতিহাসিকভাৱেও গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত । এই সুমথিৰাবোৰ তুলনামূলকভাৱে ডাঙৰ, গাঢ় ৰঙৰ, কোমল ফুটৰ, অত্যন্ত ৰসাল আৰু কম গুটিযুক্ত হোৱা বাবে দেশৰ আন ৰাজ্যৰ সুমথিৰাতকৈ উচ্চমানৰ বুলি বিবেচিত হৈ আহিছে ।

স্থানীয় লোকসকলে আজিও সেই গৌৰৱময় দিনবোৰ সোঁৱৰণ কৰে, যেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু অসমলৈ আহিছিল । ডিমৰীয়াৰ ৰাইজে তেওঁক কমলাৰে সজা এক আদৰণি তোৰণেৰে সম্ভাষণ জনাইছিল ৷ তাৰ পিছত নেতাগৰাকীৰ প্ৰশংসা বুটলিছিল স্থানীয় কমলা খেতিয়কসকলে । কিন্তু তেতিয়াৰ উৎপাদনৰ হাৰৰ বিপৰীতে বৰ্তমানৰ শোচনীয় অৱস্থাই সেই সোণালী দিনবোৰক আজি কেৱল সাধুকথাত পৰিণত কৰিছে ।

SONAPUR ORANGE
গছৰ ডালত পকা কমলা (ETV Bharat Assam)

বৰ্তমান এই সোণালী বাগিচাবোৰৰ জিলিকনি ক্ৰমাৎ ম্লান পৰিব ধৰিছে আৰু খেতিয়কসকল পৰিছে গভীৰ সংকটত ।

ধান খেতিয়েই ইয়াৰ সৰহ সংখ্যক লোকৰ জীৱিকাৰ মূল আধাৰ যদিও পাহাৰৰ ঢালত সুমথিৰা বাগিচা পতাটো এই অঞ্চলৰ কৃষকসকল ঐশ্বৰ্যশালী হোৱাৰ প্ৰতীক আছিল । কিন্তু আজি সেই বাগিচাবোৰ ক্ৰমান্বয়ে পৰিছে ধ্বংসৰ গৰাহত । পূৰ্বৰ উদ্যোগী খেতিয়কসকলৰ বাগিচাৰ উৎপাদন ইতিমধ্যে বহুলাংশে হ্ৰাস পাইছে ।

কৃষকসকলৰ মতে, ইয়াৰ মূল কাৰণ হৈছে মাৰাত্মক 'ডাইবেক' ৰোগৰ প্ৰকোপ । সুমথিৰা গছক ভিতৰৰ পৰা দুৰ্বল কৰি পেলোৱা এই ৰোগ আৰু অন্যান্য পোক-পৰুৱা, ৰোগ-ব্যাধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৈজ্ঞানিক জ্ঞান তথা পদ্ধতিৰ অভাৱ দেখা গৈছে । জলবায়ুৰ পৰিৱৰ্তন, প্ৰদূষণ আদিৰ ফলতো সুমথিৰা বাগিচাবোৰৰ প্ৰাকৃতিক ভাৰসাম্য নষ্ট হৈছে, যাৰ ফলত খেতিয়কসকলে উপযুক্ত উৎপাদন লাভ কৰাত অসুবিধাৰ সৃষ্টি হৈছে ।

বিভিন্ন সমস্যাৰ মাজেৰে যিখিনি সুমথিৰা উৎপাদিত হয়, মধ্যভোগীৰ দপদপনিৰ বাবে সেইখিনিৰো উচিত মূল্য প্ৰকৃত কৃষকে লাভ নকৰা বুলি সততে অভিযোগ উত্থাপিত হৈছে ৷ মধ্যভোগীসকলে খেতিয়কসকলৰ পৰা কম দামতে কমলা বা সুমথিৰাবোৰ ক্ৰয় কৰি দেশৰ বিভিন্ন ঠাইলৈ অধিক দামত চালান দিয়ে । নিৰক্ষৰতা আৰু দৰিদ্ৰতাৰ বাবে এইসকল খেতিয়কে বজাৰৰ প্ৰকৃত মূল্যৰ বিষয়ে জানিব নোৱাৰে, যাৰ ফলত তেওঁলোক উপযুক্ত মূল্য লাভৰ পৰা বঞ্চিত হ’বলগা হয় ।

ডিমৰীয়াৰ সুমথিৰা খেতিয়কসকলৰ সমস্যা আৰু বাগিচাসমূহৰ ক্ৰমশঃ ধ্বংসৰ প্ৰতি চৰকাৰী আৰু কৃষি বিভাগৰ জৰুৰী হস্তক্ষেপৰ প্ৰয়োজন আছে । উন্নত প্ৰযুক্তি, ৰোগ নিবাৰণৰ বিজ্ঞানসন্মত প্ৰশিক্ষণ আৰু এক ন্যায্য বিপণন ব্যৱস্থাৰ অবিহনে এই অঞ্চলৰ ঐতিহাসিক সুমথিৰা খেতি সম্পূৰ্ণৰূপে বিলুপ্ত হোৱাৰ দিশে গতি কৰাৰ আশংকা আছে ।

অসম-মেঘালয়ৰ সীমান্তৱৰ্তী ডিমৰীয়াৰ মাগুৰচিলাৰ এজন অভিজ্ঞ খেতিয়ক ধীৰেণ ৰংপীয়ে ই টিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত এনেদৰে কয়, ‘‘কমলা খেতিৰ লগত মোৰ ৪০ বছৰতকৈও অধিক কালৰ অভিজ্ঞতা আছে । বৰ্তমান মোৰ এহেজাৰ মান কমলা গছ আছে । এই খেতিৰ জৰিয়তে মই বছৰি এক লাখৰ পৰা ডেৰ লাখ টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হওঁ । মই বেছিভাগ ফল নিজেই বিক্ৰী কৰোঁ যদিও কেতিয়াবা বাগানতে অন্য বেপাৰীৰ হাততো বিক্ৰী কৰোঁ ।’’

SONAPUR ORANGE
ক্ৰেতাৰ অপেক্ষাত এগৰাকী কমলা বিক্ৰেতা (ETV Bharat Assam)

বৰ্তমানৰ কমলা খেতিৰ উদ্বেগজনক ছবিৰ বৰ্ণনা কৰি তেওঁ পুনৰ কয়, ‘‘এইবেলি পূৰ্বৰ তুলনাত মোৰ কমলাৰ উৎপাদন যথেষ্ট কমিছে । যি সামান্য ফল লাগিছিল, সেয়াও এক অচিন ৰোগৰ ফলত সৰি পৰি নষ্ট হৈছে । মই নিজা প্ৰচেষ্টাত পৰিচৰ্চা কৰি আছো যদিও এই ব্যৱস্থা পৰ্যাপ্ত নহয় । এয়া মোৰেই সমস্যা নহয়, সমগ্ৰ পাহাৰীয়া অঞ্চলৰ কমলা খেতিয়কৰে সমস্যা ৷’’

‘‘আমাৰ পাহাৰ অঞ্চলৰ প্ৰতিঘৰ লোকেই কম-বেছি পৰিমাণে কমলা বাগিচাৰ মালিক । আমাৰ ইয়াত এজোপা পূৰ্ণবয়স্ক কমলা গছত ৬০-৮০ পোন পৰ্যন্ত ফল লগাৰ পূৰ্বৰ ৰেকৰ্ড আছে । যদি এনেদৰে ফল লাগে, তেন্তে কমলা খেতিয়কসকল যথেষ্ট আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে । কিন্তু বৰ্তমান ডাঙৰ হ'বলৈ লোৱা কমলাসমূহ পোক-পৰুৱাৰ আক্ৰমণত গছতে পচি সৰি পৰাৰ ফলত গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছে । যাৰ ফলত লোকচানৰ বোজা ল’বলগীয়া হৈছে কমলা খেতিয়কসকলে । সোণাপুৰ-ডিমৰীয়াৰ কমলা খেতিৰ এটা গৌৰৱময় ইতিহাস আছে । যদি চৰকাৰীভাৱে আমাক কিছু দিহা-পৰামৰ্শ প্ৰদান কৰা হয় আৰু বিশেষকৈ কমলা পুলি ৰোপণৰ পৰা প্ৰতিপালন আদি বিষয়ত প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়, তেন্তে আমাৰ দৰে কমলা খেতিয়কসকল যথেষ্ট উপকৃত হোৱাই নহয়, সোণাপুৰ, ডিমৰীয়াৰ কমলাৰ গৌৰৱময় ইতিহাস পুনৰ প্ৰতিষ্ঠা হ'ব বুলি মোৰ বিশ্বাস । এইক্ষেত্ৰত কৃষি বিভাগে আমাক সঠিক পথ দেখুৱাওক, তাকেই কামনা কৰিছো’’ বুলি নম্ৰতাৰে উল্লেখ কৰে কমলা খেতিয়ক ধীৰেণ ৰংপীয়ে ।

একেই অঞ্চলৰ আন এগৰাকী কমলা খেতিয়ক টাৰাঙে কয়, ‘‘মোৰ বাগিচাত বৰ্তমান প্ৰায় ১৫০ জোপা কমলা গছ আছে । অত্যন্ত দুখেৰে জনাব লগা হৈছে যে মই আশা কৰা ধৰণে উৎপাদন পোৱা নাই, কাৰণ গছবোৰত বৰ্তমান বেমাৰে ধৰিছে । এই বেমাৰৰ বাবেই মোৰ কষ্টৰ ফল পূৰাকৈ লাভ কৰিব পৰা নাই, যাৰ ফলত খেতিৰ পৰা ভবাৰ দৰে লাভৰ মুখ দেখিবলৈ পোৱা নাই । বৰ্তমান মই মোৰ পকেটৰ ধন খৰচ কৰিহে এই বাগিচাখন কোনোমতে প্ৰতিপালন কৰি আছো । কমলাৰ উপৰিও মই ৰবৰ খেতি কৰিও পৰিয়ালটো পোহপাল দি আছো ৷ সেয়ে মই এজন খেতিয়ক হিচাপে নিজৰ কামৰ প্ৰতি অত্যন্ত দায়বদ্ধ । মোৰ মনত ভৱিষ্যতে আৰু অধিক উন্নত মানৰ পুলি ৰোপণ কৰাৰো চিন্তা-চৰ্চা আছে যদিও উপযুক্ত দিহা আৰু পৰামৰ্শদাতাৰ অভাৱত মই আগুৱাই যাব পৰা নাই । দুৰ্ভাগ্য যে মই কৃষি বিভাগৰ কোনো বিষয়া-কৰ্মচাৰীক ব্যক্তিগতভাৱে চিনি নাপাওঁ বা যোগাযোগ কৰিব পৰা নাই । মোৰ দৃঢ় বিশ্বাস যে যদি মোক সঠিকভাৱে আগুৱাই নিয়াৰ বাবে এজন পথ প্ৰদৰ্শক বা পৰামৰ্শদাতা পালোঁহেঁতেন, তেন্তে মই মোৰ খেতিত যথেষ্ট উন্নতি কৰিব পাৰিলোঁহেঁতেন । কৃষি বিভাগৰ বিষয়াবৰ্গক বিনম্ৰ অনুৰোধ কৃপা কৰি মোৰ বাগিচা পৰিদৰ্শন কৰি কমলা গছত ধৰা বেমাৰৰ সঠিক চিনাক্তকৰণ আৰু চিকিৎসাৰ পৰামৰ্শ প্ৰদান কৰক আৰু আগুৱাই নিয়া মানুহৰ অভাৱ পূৰণ কৰি মোক ভৱিষ্যতৰ খেতিৰ বাবে সঠিক দিহা-পৰামৰ্শ প্ৰদান কৰি সহায় কৰক ।’’

একেটা বিষয়তে 'আম্প্ৰী' অৰেঞ্জ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সঞ্চালক দীপক বৰুৱাই ইটিভি ভাৰতৰ আগত দিয়া এক সাক্ষাত্‍কাৰত এনেদৰে উল্লেখ কৰে, ‘‘অসম চৰকাৰৰ উদ্যান শস্য বিভাগৰ আৰ কে ভি আই (RKVY) আঁচনিৰ অধীনত ২০১৬ চনত গঠিত আম্প্ৰী অৰেঞ্জ প্ৰডিউচাৰ কোম্পানী লিমিটেডে সোণাপুৰ-ডিমৰীয়া অঞ্চলৰ ক্ৰমশঃ হ্ৰাস পাই অহা কমলা খেতিৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ চেষ্টা অব্যাহত ৰাখিছে । ডিমৰীয়াৰ প্ৰায় ডেৰ হাজাৰ কৃষকক লৈ গঠন কৰা এই কোম্পানীটোৰ মূল লক্ষ্য আছিল অঞ্চলটোৰ কমলা খেতিৰ বিকাশ সাধন । পূৰ্বতে এই খেতি প্ৰায় এহেজাৰ হেক্টৰ ভূমিত বিস্তৃত হৈ আছিল যদিও সম্প্ৰতি বিভিন্ন কাৰণত ই সংকুচিত হৈ মাত্ৰ এশ হেক্টৰ মান ভূমিতহে অৱস্থিত হৈ আছে ।’’

SONAPUR ORANGE
বজাৰ ভৰি পৰিছে সোণাপুৰৰ পকা পকা কমলাৰে (ETV Bharat Assam)

উল্লেখ্য যে, কমলা খেতিৰ এই অৱনতিৰ কাৰণসমূহ তথ্যভিত্তিক গৱেষণাৰ জৰিয়তে উলিয়াবলৈ কোম্পানীটোৱে অসম চৰকাৰৰ হৰ্টিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট, যোৰহাট কৃষি বিশ্ববিদ্যালয় আৰু আই চি আৰ(ICAR) দিল্লীৰ মুখ্য বিজ্ঞানীসকলৰ সহযোগ লৈছিল । গৱেষণাৰ অন্তত তেওঁলোকে পোৱা তথ্য মতে, পুৰণিকলীয়া বাগিচা, পানীৰ অভাৱ, খেতিয়কৰ প্ৰশিক্ষণ আৰু সঠিক পৰিচৰ্যাৰ অভাৱৰ লগতে বিভিন্ন ৰোগৰ আক্ৰমণেই এই পৰিস্থিতিৰ মূল কাৰণ । এই সমস্যাসমূহ নিৰাময়ৰ বাবে কোম্পানীটোৱে সদ্যহতে ডিমৰীয়াৰ দহখন ভাল অৱস্থাত থকা কমলা বাগিচা নিৰ্বাচন কৰিছে । এই নিৰ্বাচিত বাগিচাসমূহৰ পৰা ২০ জোপা গছক মাতৃ গছ হিচাপে চিনাক্ত কৰি উন্নত মানদণ্ডৰ পুলি উৎপাদনৰ বাবে কাম আৰম্ভ কৰা হৈছে । কোম্পানীটোৱে নিউচেলাৰ পুলি আৰু গ্ৰাফটিং পদ্ধতিৰ পুলি – এই দুইধৰণে পুলি উৎপাদনৰ বাবে আগবাঢ়িছে ।

বৰুৱাই স্পষ্ট কৰি দিয়ে যে এই বৃহৎ পুনৰুজ্জীৱনৰ কাম কেৱল কোম্পানীটোৱে অকলে কৰিব নোৱাৰে । সেয়েহে, তেওঁলোকে অসম চৰকাৰৰ উদ্যান শস্য বিভাগক অৱগত কৰাৰ লগতে ডিমৰীয়া সমজিলা আয়ুক্তকো বিষয়টো জনাইছে । তেওঁ কয় যে সমজিলা আয়ুক্তই এইক্ষেত্ৰত পূৰ্ণ সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰিছে ।

কমলা উৎপাদন হ্ৰাস হোৱাৰ আন এক অন্যতম কাৰণ হিচাপে তেওঁ 'ডাইবেক' নামৰ ৰোগৰ কথা উল্লেখ কৰে । ইয়াৰোপৰি ফল, মাখি আৰু গান্ধীপোককে ধৰি অন্যান্য কীট-পতংগৰ আক্ৰমণৰ কথাও তেওঁ দাঙি ধৰে । তেওঁ আক্ষেপ কৰে যে প্ৰায়ভাগ কমলা খেতিয়কেই বাগানসমূহৰ সঠিক পৰিচৰ্যা কৰাত অনীহা প্ৰকাশ কৰাৰ লগতে পানীৰ অভাৱেও সমস্যাটোক অধিক জটিল কৰি তুলিছে । তেওঁ কমলা খেতিয়কসকলক বাগিচাতে কেঁচুসাৰ উৎপন্ন কৰি ইয়াৰ ব্যৱহাৰ কৰা, বাগানসমূহ চাফ-চিকুণ কৰি ৰখা আৰু মাজে মাজে কমলা গছত চূণ লগোৱাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিয়ে । এইসমূহ পদক্ষেপ গ্ৰহণ কৰিলেও কৃষকসকলে কিছু পৰিমাণে হ'লেও উপকৃত হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে ।

ইপিনে অসম-মেঘালয়ৰ সীমান্তৱৰ্তী ডিমৰীয়াৰ পাহাৰীয়া অঞ্চলৰ কমলা খেতিয়কসকলে বিগত বৰ্ষৰ পৰা একত্ৰিত হৈ আৰম্ভ কৰিছে ‘‘আম্প্ৰী ভেলী কমলা উৎসৱ’’ ৷ এই উৎসৱৰ জৰিয়তে কমলা খেতিয়কসকলক একত্ৰিত কৰাৰ লগতে বিভিন্ন আলাপ-আলোচনাৰে কমলা খেতিয়কৰ সমস্যা সমাধান কৰি সোণাপুৰ ডিমৰীয়াৰ কমলাৰ সুদিন উভতাই অনাৰ চেষ্টা অব্যাহত ৰখা হৈছে । সকলোৰে আশা পূৰ্বৰ দৰে ঠন ধৰি উঠক সোণাপুৰৰ ডিমৰীয়াৰ কমলা বাগিচাসমূহ । সোণতৰাৰ দেশ আকৌ হৈ পৰক সোণবৰণীয়া ৷

লগতে পঢ়ক: ফটকা-আতচবাজীতো বাদেই, যান-বাহনৰ হৰ্ণো নবজাই গাঁওবাসীয়ে: পক্ষীৰ সুৰক্ষাৰ বাবে কি কৰা নাই গাঁওখনে...

Last Updated : December 4, 2025 at 3:27 PM IST