ETV Bharat / state

যোৰহাটত ছলনাময়ী যুৱতীৰ বাবে পুত্ৰই ঘৰতে লুটিলে ৬০ লক্ষাধিক টকাৰ অলংকাৰসহ নগদ ধন

২৮ জুলাইত যুৱকজনৰ পিতৃ-মাতৃ ৰাজ্যৰ বাহিৰলৈ যোৱাৰ সময়তে যুৱকজনে সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড । ঘটনাত জড়িত পৰ্টেল সাংবাদিকসহ আন দুজন ।

Jorhat son looted at home
ছলনাময়ী যুৱতীৰ বাবে পুত্ৰই ঘৰতে লুটিলে ৬০ লক্ষাধিক টকাৰ অলংকাৰসহ নগদ ধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 25, 2026 at 6:32 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : যুৱ প্ৰজন্মৰ স্খলনৰ এক ভয়ংকৰ ঘটনাই পুনৰ জোকাৰিছে যোৰহাট । অভিযোগ অনুসৰি এগৰাকী ছলনাময়ী যুৱতীক সন্তুষ্ট কৰিবৰ বাবেই নিজৰ ঘৰতেই লুটপাত চলালে এজন যুৱকে ।

পিতৃ-মাতৃৰ জীৱনত উপাৰ্জিত সমস্ত অলংকাৰ আৰু নগদ ধনেৰে যুৱতীগৰাকীৰ সৈতে যুৱকজনে উদযাপন কৰিলে ব্যক্তিগত জীৱন ।

ছলনাময়ী যুৱতীৰ বাবে পুত্ৰই ঘৰতে লুটিলে ৬০ লক্ষাধিক টকাৰ অলংকাৰসহ নগদ ধন (ETV Bharat Assam)

এই ভয়ংকৰ ঘটনা সংঘতিত কৰা যুৱকজনৰ নাম হৈছে য়শ ধুনুকা । তেওঁ যোৰহাটৰ বাসিন্দা । যুৱকজনৰ পিতৃ হৈছে যোৰহাটৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী ।

যোৱা ২৮ জুলাইত যুৱকজনৰ পিতৃ আৰু মাতৃ পৰিয়ালৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ বাহিৰলৈ গৈছিল । সেইদিনাই যুৱকজনে সংঘটিত কৰে ভয়ংকৰ কাণ্ডটো ।

সন্ধিয়াৰ আড্ডাত যোৰহাটত পৰ্টেল সাংবাদিক জীতেন্দ্ৰ সোমানি আৰু ৰোহিত প্ৰসাদ নামৰ যুৱক দুজনৰ সৈতে য়শ ধুনুকাই কথা পাতি থাকোঁতে তেওঁ টকাৰ সমস্যাত পৰা বুলি কৈছিল । তেতিয়া পৰ্টেল সাংবাদিক জীতেন্দ্ৰ সোমানি আৰু ৰোহিত প্ৰসাদে তেওঁলোকৰ লকাৰত থকা পিতৃ-মাতৃৰ অলংকাৰ তেওঁলোক নথকাৰ সময়তে বিক্ৰী কৰিবলৈ পৰামৰ্শ দিয়ে । এই অলংকাৰ গহনাৰ দোকানত বিক্ৰী কৰাৰ দায়িত্ব জীতেন্দ্ৰ সোমানীয়ে লয়।

সেইদিনাই দুজন ব্যক্তিৰ সহযোগত লকাৰ ভাঙি য়শ ধুনুকাই তাত থকা নগদ টকা আৰু সোণৰ অলংকাৰ উলিয়াই আনে । ইয়াৰ পিছত অলংকাৰসমূহ য়শ ধুনুকাই এদিন এদিনকৈ দুদিন জীতেন্দ্ৰ সোমানীক দিয়ে আৰু সন্ধিয়া হ'লেই সোমানীয়ে অলংকাৰ বিক্ৰী কৰি দুদিনত প্ৰায় সাত লাখ টকা দিয়ে ।

কিন্তু সেই অলংকাৰৰ মূল্য আছিল প্ৰায় ৬০ লাখৰো অধিক । ইফালে অলংকাৰ বিক্ৰীৰ টকাৰে য়শ ধুনুকাই তেওঁৰ প্ৰেমিকাক ডেৰ লাখ টকাৰ এটা আইফোন উপহাৰ দিছিল ।

তদুপৰি যুৱতীগৰাকী অৰুণাচললৈ ফুৰিবলৈ যাবলৈ ১ লাখ আৰু দুবাৰ ৫০ হাজাৰ লৈ আৰু এক লাখ টকা দিছিল । এই সমগ্ৰ ঘটনা সন্দৰ্ভত যুৱকজনৰ পিতৃয়ে আৰক্ষীৰ কাষ চাপিছে আৰু আৰক্ষীয়ে বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰিছে ।

Jorhat son looted at home
অভিযুক্ত পৰ্টেলৰ সাংবাদিক (ETV Bharat Assam)

ইফালে এই ঘটনা সন্দৰ্ভত পৰ্টেল সাংবাদিক জীতেন্দ্ৰ সোমনিয়ে সকলো অভিযোগ অস্বীকাৰ কৰিছে । তেওঁ জানিবলৈ দিয়া মতে, এই সমগ্ৰ পৰিকল্পনা য়শ ধুনুকাই কৰিছিল । তেওঁ মাত্ৰ অলংকাৰ বিক্ৰীৰ বাবে যোগাযোগহে কৰি দিছিল । ইতিমধ্যে অলংকাৰ বিক্ৰীৰ বাবদ পোৱা ১২ লাখ টকা য়শক দিয়া হৈছে বুলি জানিবলৈ দিছে ।

উল্লেখ্য যে ড্ৰাগছ, সুৰা আৰু সুন্দৰী নাৰীৰ কৱলত পৰি এতিয়া যোৰহাটৰ একাংশ যুৱক-যুৱতীৰ বিপথগামী যাত্ৰাই যোৰহাটত এক ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে । আনহাতে, নিজৰ ঘৰতে লুটপাত চলোৱা সমস্ত ঘটনাক লৈ পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে য়শক যোৰহাটৰ পৰা আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :যোৰহাটৰ অন্বেষাকাণ্ডৰে জড়িত দুই অভিযুক্ত যুৱতীক ন্যায়িক জিন্মালৈ প্ৰেৰণ - ANWESHA SAIKIA DEATH CASE
লগতে পঢ়ক :ড্ৰাগছমুক্ত যোৰহাট গঢ়াৰ দাবীৰে আছু-অসম সেনাৰ বিক্ষোভ সমদল - DRUGS PEDDLERS TERROR