ন্যস্ত স্বাৰ্থৰ বাবে একাংশই উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতা কৰিছে : মুখ্য ন্যায়াধীশ
উত্তৰ গুৱাহাটীৰ ৰংমহলত নতুন ন্যায়িক আদালতৰ সংহত চৌহদৰ আধাৰশিলা স্থাপন কৰি উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতা কৰা অধিবক্তাসকলক তীব্ৰ সমালোচনা কৰে দেশৰ মুখ্য ন্যায়াধীশে ।

Published : January 11, 2026 at 8:02 PM IST
গুৱাহাটী: দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই উত্তৰ গুৱাহাটীৰ ৰংমহলত নতুন ন্যায়িক আদালতৰ সংহত চৌহদৰ আধাৰশিলা স্থাপন কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণৰ বাবে উত্তৰ গুৱাহাটীৰ ৰংমহলত নতুন বিশাল সংহত ন্যায়িক আদালতৰ আধাৰশিলা স্থাপন কৰি স্থানান্তৰকৰণৰ বিৰোধিতা কৰাসকলক এক প্ৰকাৰ তুলা-ধূনা দিলে ভাৰতৰ মুখ্য ন্যায়াধীশৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি চলি অহা বিতৰ্ক একাষৰীয়া কৰি উত্তৰ গুৱাহাটীৰ ৰংমহলত দেওবাৰে এক বিশাল আয়োজনেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে এটা নতুন চৌহদৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰা হয় । সময়ৰ লগে লগে ন্যায় ব্যৱস্থাৰ বৃদ্ধি পোৱা প্ৰয়োজনসমূহ সামৰি ল'ব পৰাকৈ আৰু আধুনিক সকলো প্ৰয়োজন পূৰণ কৰিব পৰাকৈ মুঠ ১৭০০ কোটি টকাৰ বিশাল বাজেটেৰে এই 'জুডিচিয়েল চিটী'খন নিৰ্মাণ কৰা হ'ব । প্ৰথম পৰ্যায়ত অসম চৰকাৰে ইয়াৰ বাবে ৪৭৯ কোটি টকা মুকলি কৰি দিছে ।

দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে একেলগে প্ৰায় ৪৭৯ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই সংহত ন্যায়িক আদালত চৌহদৰ ভূমিপূজন অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হয় । এই টাউনশ্বিপ ন্যায়িক আন্তঃগাঁথনি উন্নয়নৰ দিশত বলিষ্ঠ পদক্ষেপ হিচাপে নিশ্চিতকৈ বিবেচিত হ'ব ৷
দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন কৰি দেওবাৰৰ দিনটোক এক ঐতিহাসিক দিন আখ্যা দিয়ে । এই ন্যায়িক আন্তঃগাঁথনি নৱপ্ৰজন্মৰ বাবে বুলি মন্তব্য কৰি আদালত চৌহদ উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰোধিতা কৰা বাৰ এছ'চিয়েশ্যনৰ অধিবক্তাসকলক কঠোৰ সমালোচনা কৰে দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে । ব্যক্তিগত স্বাৰ্থৰ বাবে স্থানান্তৰৰ বিৰোধিতা কৰা বুলি অভিহিত কৰি গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ অধিবক্তাই কৰা প্ৰতিবাদক কঠোৰ সমালোচনা কৰিলে মুখ্য ন্যায়ধীশ সূৰ্যকান্তই ।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, "এই নতুন ন্যায়িক আন্তঃগাঁথনি উন্নয়নৰ বাৰ এছ'চিয়েশ্যনৰ একাংশই বিৰোধিতা কৰিছে বুলি যেতিয়া মোৰ প্ৰথম দৃষ্টিগোচৰ কৰা হয় মই তেতিয়া আচৰিত হওঁ ৷ মই ভাবো হয় তেওঁলোক ভুল তথ্যসমৃদ্ধ, নহয় তেওঁলোকে বাৰৰ নৱ প্ৰজন্মৰ সদস্য আৰু এই বৃত্তিত যোগদান কৰিবলৈ ৰৈ থকাসকলৰ প্ৰয়োজনীয়তা হৃদয়ংগম কৰিব পৰা নাই ।"
উল্লেখ্য যে আধাৰশিলা কাৰ্যসূচী চলি থকা সময়তো বাৰ এছ'চিয়েশ্যনৰ সদস্যসকলে লতাশিলস্থিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত উত্তৰ গুৱাহাটীত উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছিল দেওবাৰে ৷ আধাৰশিলা অনুষ্ঠানত মুখ্য ন্যায়াধীশগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ কৰাৰ প্ৰতিবাদ কৰা সকলে বৰ্তমানৰ চৌহদৰ ওচৰে-পাজৰে থকা তেওঁলোকৰ কাৰ্যালয় থকা ন্যস্ত স্বাৰ্থৰ বাবেই ইয়াৰ বিৰোধিতা কৰা বুলি কঠোৰ সমালোচনা কৰে ৷
মুখ্য ন্যায়াধীশ সূৰ্যকান্তই কয়, "মই ভাবো তেওঁলোকে এতিয়াও বুজি পাব - নিজৰ ন্যস্ত স্বাৰ্থৰ বাবে, কেৱল হয়তো পুৰণা চৌহদৰ কাষতেই থকা নিজৰ ভাল কাৰ্যালয়ৰ বাবেই যুক্তিসংগত আৰু ন্যায্য ভিত্তি নথকাকৈ আধুনিক যুগৰ ভৱিষ্যদৰ্শী আন্তঃগাঁথনিগত উন্নয়নত ক্ষতি কৰা উচিত নহয় । মই সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আহ্বান জনাও যে আৰ্থ-সামাজিক আৰু বৃত্তিগত জ্যেষ্ঠতা নেওচি প্ৰতিজন যুৱ অধিবক্তাকে ওকালতি কৰিবলৈ পৰ্যাপ্ত ঠাই দিয়াটো নিশ্চিত কৰিব লাগে ৷"
কি কি থাকিব সংহত ন্যায়িক টাউনশ্বিপত :
- ৩১ টা আদালত কক্ষ ৷ ভৱিষ্যতে আন ১৫ টা আদালত কক্ষ স্থাপনৰ সুবিধা
- নতুন সংহত চৌহদত অধিবক্তাৰ বাবে থাকিব ৩০০ চেম্বাৰ
- ২০০০ অধিবক্তাই একে সময়তে ওকালতিৰ কাম কৰিবৰ বাবে বহাৰ ব্যৱস্থা
- ৬৫ খন চিভিল ক'ৰ্ট, সহস্ৰাধিক লোক বহিব পৰা সভাকক্ষ আৰু চৌহদলৈ ৪ লেনযুক্ত পথ
- ২৪ মাহত এই সংহত ভৱনৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ সম্পূৰ্ণ হব
- ১২৮ বিঘা ভূমি আৱৰি মুঠ ১,৭০৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই সংহত ন্যায়িক চৌহদ
- ১০০০ বাহন আৰু ৪০০ মটৰ চাইকেল পাৰ্কিঙৰ ব্যৱস্থা
লগতে পঢ়ক :উচ্চ ন্যায়ালয়ৰ শিলান্যাসৰ বিপৰীতে গুৱাহাটীত উকীল সন্থাৰ অনশন

