ভাৰত-ইজৰাইল কৃষি প্ৰকল্পই নৱবৰ্ষত দিব অনেক আশাৰ বতৰা
ক্ষেত্ৰীৰ এক বিশেষ কৃষি প্ৰকল্প, যি কৃষকৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা । আহক জানো ভাৰত-ইজৰাইল কৃষি প্ৰকল্পৰ বিষয়ে ।

Published : January 1, 2026 at 4:25 PM IST
সোণাপুৰ: ৰাজ্যৰ কৃষকৰ বাবে নৱবৰ্ষৰ আশাৰ বতৰা । ২০২৬ চনৰ এই আৰম্ভণিতে ৰাজ্যৰ কৃষি খণ্ডৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়াৰ ক্ষেত্ৰীত অৱস্থিত ইণ্ডো-ইজৰাইল কৃষি প্ৰকল্পই । কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ সপোন দেখাসকলৰ বাবে এই প্ৰকল্প হ'ব পাৰে আশাৰ বতৰা ।
যোৱা ২৪ নৱেম্বৰ, ২০২৫ তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউভেন আজাৰে শুভ উদ্বোধন কৰা এই কেন্দ্ৰটোৱে মাত্ৰ দুমাহৰ ভিতৰতে ৰাজ্যৰ কৃষি ব্যৱস্থাত এক বৈপ্লৱিক পৰিৱৰ্তনৰ ইংগিত দিছে ।
প্ৰকল্পৰ আঁৰৰ কথা আৰু বিত্তীয় দিশ :
ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অনুমোদন মৰ্মে ৫৮৩.৫৮ লাখ টকা ব্যয় সাপেক্ষে এই কেন্দ্ৰটি স্থাপন কৰা হৈছে । উত্তৰ-পূবৰ বাবে বিশেষ 'উদ্যান শস্য অভিযান' (HMNEH) আঁচনিৰ অধীনত উদ্যান শস্য আৰু খাদ্য সংশাধন সঞ্চালকালয়ৰ তত্ত্বাৱধানত এই বিশাল প্ৰকল্পটো গঢ়ি উঠিছে ।
আধুনিক প্ৰযুক্তিৰ চমক(ইজৰাইলী স্পৰ্শ) :
ইজৰাইলৰ প্ৰযুক্তিগত অংশীদাৰ 'মাছাভ' (MASHAV) ৰ নিৰ্দেশনাত ইয়াত ব্যৱহাৰ কৰা হৈছে বিশ্বমানৰ কৃষি প্ৰযুক্তি আচ্ছাদিত কৃষি । ৬৬ বিঘা মাটিকালিৰ এই প্ৰকল্পত প্ৰতিকূল বতৰৰ পৰা সুৰক্ষিত কৰি কৰা হয় উন্নত মানৰ খেতি ।

স্মাৰ্ট জলসিঞ্চন :
ইণ্টাৰনেটৰ জৰিয়তে যিকোনো ঠাইৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰা স্বয়ংচালিত পানী আৰু সাৰ যোগান ব্যৱস্থা ।
উচ্চ প্ৰযুক্তিৰ সেউজগৃহ :
১২০০ বৰ্গমিটাৰৰ সেউজ গৃহত মাটি অবিহনে বৈজ্ঞানিক পদ্ধতিৰে অতি কম সময়ত লাখ লাখ পুলি উৎপাদন কৰা হয় ।

কৃষকৰ বাবে কি কি সুবিধা:
কেন্দ্ৰটো কেৱল এটি প্ৰদৰ্শনীস্থলী নহয়, ই কৃষকৰ বাবে এখন শিক্ষানুষ্ঠান সদৃশ ।
পুলি উৎপাদনৰ কেন্দ্ৰ:
মাত্ৰ ২৫ দিনৰ পৰা ১ মাহৰ ভিতৰত ইয়াত একেলগে ৪.৫০ লাখ উন্নত জাতৰ শাক-পাচলিৰ পুলি উৎপাদন কৰিব পাৰি ।
আৱাসিক প্ৰশিক্ষণ:
এবাৰতে ৩০ গৰাকী কৃষকক থাকি-খাই উন্নত কৃষি পদ্ধতি শিকিব পৰাকৈ আৱাসিক সুবিধা প্ৰদান কৰা হৈছে । ইতিমধ্যে ৭০০ৰো অধিক কৃষক প্ৰশিক্ষিত হৈছে ।

সূলভ মূল্যত পুলি:
কৃষকে নিজে বীজ আনিলে মাত্ৰ ৪০-৫০ পইচাৰ বিনিময়ত ইয়াত পুলি প্ৰস্তুত কৰি নিব পাৰে । লগতে কেন্দ্ৰৰ তৰফৰ পৰাও অতি কম মূল্যত পুলি যোগান ধৰা হয় ।
প্ৰকল্পটো উদ্বোধনৰ দিনা ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী অতুল বৰাই কৈছিল এনেদৰে,"কেন্দ্ৰটোত ইতিমধ্যে কাম আৰম্ভ হৈছে । ইয়াত মাটি নোহোৱাকৈ বিভিন্ন শাক-পাচলি উৎপন্ন হৈছে । ৰাজ্যৰ বিভিন্ন স্থানলৈ প্ৰায় ৭ লাখ মান পুলি চাপ্লাই কৰা হৈছে । কৃষি আৰু উদ্যান শস্যৰ বাবে ঐতিহাসিক দিন । ইয়াৰ জৰিয়তে ৰাজ্যখনৰ লক্ষ্য লক্ষ্য কৃষক উৎসাহিত হ'ব আৰু নতুন নতুন বীজ ৰোপণৰে নতুন পদ্ধতিৰে কৃষি ক্ষেত্ৰখনত তেওঁলোক জড়িত হ'ব পাৰিব আৰু ডাঙৰ কথাটো হ'ল ইয়াৰ টেকনিকেল চাপৰ্টটো আগবঢ়াইছে ইজৰাইল চৰকাৰে । আমাৰ বহু কেইগৰাকী কৃষি বিষয়াক তেওঁলোকে প্ৰশিক্ষিত কৰিছে ।"
কেন্দ্ৰৰ কৃষি বিষয়াগৰাকীয়ে ক'লে, "কৃষকৰ আগ্ৰহ দিনে দিনে বৃদ্ধি পাইছে । বিশেষকৈ মাটি নোহোৱাকৈ কৰা পুলি উৎপাদন পদ্ধতিটোৱে সকলোকে আকৰ্ষিত কৰিছে । কৃষকে বিচাৰিলেই আমি উন্নত মানৰ পুলি যোগান ধৰিবলৈ সাজু শাক-পাচলি উৎকৰ্ষ কেন্দ্ৰটো ।"
উল্লেখ্য যে, এই প্ৰকল্পটোত ১২০০ বর্গমিটাৰ আকাৰৰ এটি উচ্চ প্রযুক্তিসম্পন্ন সেউজ গৃহৰ লগতে ইয়াত স্বয়ংক্রিয়ভাৱে পানী যোগান আৰু উষ্ণতা নিয়ন্ত্ৰণৰ সু-ব্যৱস্থাও আছে । মাটিবিহীন প্রযুক্তি ব্যৱহাৰ কৰি বছৰটোৰ সকলো সময়তে উচ্চ মূল্যৰ শাক-পাচলিৰ পুলি উৎপাদন কৰিব পৰাৰো ব্যৱস্থা আছে । ২৫ দিনৰ পৰা এমাহৰ এটি কৃষিকালত ৪.৫০ লাখ পুলি এবাৰতে উৎপাদন কৰিব পাৰি ।

ইয়াৰ উপৰিও প্ৰকল্পটোত ৩ টা প্রাকৃতিকভাৱে বায়ু চলাচল কৰিব পৰা প্লাষ্টিক গৃহ, ২টা পোক-পৰুৱা প্ৰতিৰোধী প্লাষ্টিক গৃহ আৰু ২ টা কম উচ্চতাৰ প্লাষ্টিক গৃহও আছে । উল্লেখিত প্লাষ্টিক গৃহকেইটিত গোটেই বছৰজুৰি বিভিন্ন শাক-পাচলিৰ প্ৰদৰ্শনমূলক কৃষি-কার্য সম্পন্ন কৰিব ।
কেন্দ্ৰটোৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান হ'ল-স্বয়ংক্রিয়ভাবে সাৰ আৰু পানী যোগানৰ ব্যৱস্থা । এই ব্যৱস্থাটি ইণ্টাৰনেট সংযোগৰ সুবিধা থকা যিকোনো ঠাইৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়।এই কেন্দ্ৰটোত এবাৰতে ৩০ গৰাকী কৃষকক আৱাসিক প্রশিক্ষণ দিয়াৰ সুবিধা । আছে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক কাৰিকৰী প্ৰশিক্ষণ প্ৰদানৰ সু-ব্যৱস্থা ।
পৰম্পৰাগত কৃষিৰ ঠাইত আধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে এই উৎকৰ্ষ কেন্দ্ৰটোৱে কাম কৰি আছে । অধিক জানিবলৈ যোগাযোগ কৰিব পাৰে উদ্যান শস্য আৰু খাদ্য সংশাধন সঞ্চালকালয়, খানাপাৰা অথবা পোনপটীয়াকৈ ক্ষেত্ৰীৰ এই প্ৰকল্পস্থলীত উপস্থিত হৈয়ো সবিশেষ জানিব পাৰিব ।

নতুন বছৰৰ এই শুভক্ষণত ডিমৰীয়াৰ এই প্ৰকল্পটো অসমৰ কৃষি ইতিহাসৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে । ইজৰাইলী প্ৰযুক্তি আৰু অসমৰ কৃষকৰ কঠোৰ পৰিশ্ৰমৰ সংমিশ্ৰণে অনাগত দিনত আমাৰ ৰাজ্যখনক শাক-পাচলি উৎপাদনত আত্মনিৰ্ভৰশীল কৰি তুলিব বুলি আশা কৰিব পাৰি ।

