সামৰিক মৰ্যাদাৰে শেষ বিদায় সেনা জোৱান অমৰেন্দ্ৰ ৰায়ক
৪ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল জোৱানজন । ৰাজস্থানৰ কোটাত উদ্ধাৰ হয় অমৰেন্দ্ৰ ৰায়ৰ মৃতদেহ ৷

Published : July 13, 2026 at 8:17 PM IST
বঙাইগাঁও: ৰাজস্থানৰ কোটা জংচনত ১১ জুলাইত উদ্ধাৰ হৈছিল সেনাবাহিনীত কৰ্মৰত বঙাইগাঁও জিলাৰ মাণিকপুৰৰ অমৰেন্দ্ৰ ৰায়ৰ নাম ব্যক্তিজনৰ মৃতদেহ ৷ সোমবাৰে সেনা জোৱানজনৰ নশ্বৰদেহ নিজা বাসগৃহত উপস্থিত হোৱাৰ পাছতে শোকাকূল পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত । জানিব পৰা মতে, ছুটী শেষ কৰি ২ জুলাইত কৰ্মক্ষেত্ৰত যোগদান কৰিবলৈ বিজনীৰ পৰা ৰে'লত যাত্ৰা কৰিছিল সেনা জোৱান ৰায়ে ৷
কিন্তু ৪ জুলাইৰ পৰা নিৰুদ্দেশ হৈ পৰে জোৱানজন । এসপ্তাহৰ অন্তত ৰাজস্থানৰ কোটা জংচনত জিআৰপিয়ে তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰিছিল । পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীলৈ অনা হয় জোৱানজনৰ নশ্বৰ দেহ ৷ সোমবাৰে দুপৰীয়াৰ ভাগত নশ্বৰদেহ নিজা বসগৃহত উপস্থিত হোৱাৰ পাছতে কান্দোনত ভাগি পৰে পৰিয়াল তথা আত্মীয় ৷
ইফালে সেনা জোৱানজনক শ্ৰদ্ধাঞ্জলি জনাবলৈ বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ লগতে আৰক্ষীৰ বিষয়া, চিআৰপিএফৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত হয় মৃত ৰায়ৰ বাসগৃত । শেষত সামৰিক মৰ্যাদাৰে মাণিকপুৰৰ শ্মশানত অমৰেন্দ্ৰ ৰায়ৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয় ।
আনহাতে, জোৱানজনৰ মৃত্যুক সহজভাৱে মানি ল'ব পৰা নাই স্থানীয় লোকে । পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে । জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই তদন্তৰ ক্ষেত্ৰত ৰে'ল আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰিব বুলি আশ্বাস প্ৰদান কৰে ।
এই সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক মাহাত্তাই কয়, "তেওঁ ছুটীত ঘৰলৈ আহিছিল ৷ ছুটী শেষ হোৱাত কৰ্তব্যত যোগদানৰ বাবে ৰে'লেৰে যাত্ৰা কৰিছিল ৷ যাত্ৰা কৰাৰ দুদিনৰ ভিতৰত পৰিয়ালৰ লোকে তেওঁক নিৰুদ্দেশ হোৱা বুলি আমাক জনায় ৷ আমি তদন্ত আৰম্ভ কৰি দিলো আৰু তেওঁৰ লোকেশ্ব'ন অন্তিবাৰৰ বাবে আগ্ৰাত পোৱা গৈছিল ৷ পাছত কোটা জংচনত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷"
লগতে পঢ়ক: নীপকোৰ পিছত এইবাৰ এনএইচপিচি ! বানত বুৰ গ'ল লখিমপুৰৰ বহু গাঁও

