অসম-মেঘালয়ৰ পাঁচ জিলাত হাতী-মানুহৰ সংঘাত প্ৰতিৰোধ হৈছে কেনেকৈ ?
৮০ কিলোমিটাৰৰো অধিক দৈৰ্ঘৰ সৌৰ বেৰে হাঁহি বিৰিঙাইছে সীমান্তত ।

Published : June 2, 2026 at 3:08 PM IST
গুৱাহাটী: হাতী আৰু মানুহৰ সংঘাতৰ দ্বাৰা প্ৰভাৱিত পূব অসমৰ একাধিক জিলাৰ লগতে মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ বহু গাঁৱত ৰাইজে বিনীদ্ৰ ৰজনী কটাবলগীয়া হৈছিল । আনকি নিশা বন্যহস্তীয়ে চলোৱা উপদ্ৰৱৰ ফলত এসময়ত বহু পৰিয়াল দাৰিদ্ৰতাৰ গ্ৰাসত পৰে । এতিয়া এই অঞ্চলসমূহৰ বাসিন্দাৰ মুখত হাঁহি বিৰিঙিছে ।
বিগত দুটা বছৰত এই অঞ্চলসমূহৰ স্থানীয় লোকসকলে সমূহীয়া পদক্ষেপ আৰু ব্যৱহাৰিক সমাধানৰ সমাহাৰেৰে কেনেকৈ হাতী-মানুহৰ সহাৱস্থান সম্ভৱ কৰিব পাৰি তাৰ নিদৰ্শন দাঙি ধৰিছে । উপদ্ৰৱ তথা বন্যহস্তীয়ে খেতি-বাতি আৰু সম্পত্তি নষ্ট কৰাৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ দলে স্থানীয় লোকৰ সহযোগত মাজুলী, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট আৰু মেঘালয়ৰ গাৰো পাহাৰ জিলাত স্থাপন কৰা ঋতু সাপেক্ষ সৌৰশক্তি চালিত বেৰৰ বাবেই এয়া সম্ভৱ হৈছে ।

স্থায়ীভাৱে সৌৰশক্তি চালিত বেৰ স্থাপন কৰাৰ পৰিবৰ্তে স্থানীয় লোকৰ দ্বাৰা পৰিচালিত আৰু শস্যৰ বতৰত স্থাপন কৰা এই অস্থায়ী বেৰবোৰ সন্ধিয়া সক্ৰিয় কৰা হয় । খেতি চপোৱা বতৰৰ পাছত এইবোৰ উঠাই পেলোৱা হয় ।
ৰক্ষা পৰিছে ১২,৯৮৯ বিঘা ভূমিৰ খেতি :
এই সন্দৰ্ভত আৰণ্যকৰ উপ-কাৰ্যবাহী সঞ্চালক তথা হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মূৰব্বী ডঃ বিভূতি লহকৰে কয়, "বৰ্তমান ৮০ কিলোমিটাৰৰো অধিক দৈৰ্ঘৰ ১৯ খন সৌৰ বেৰেই এই অঞ্চলসমূহত প্ৰায় ১২,৯৮৯ বিঘা (৪২৮৯ একৰ) কৃষিভূমি আৰু প্ৰায় ১১.৭ কোটি টকা মূল্যৰ শস্যক সুৰক্ষা প্ৰদান কৰিছে । সৌৰ বেৰৰ বেষ্টনীত বসবাস কৰা মুঠ ৩,২৬৬ টা পৰিয়ালৰ কোনো শস্য যোৱা দুটা বছৰত বন্যহস্তীৰ উপদ্ৰৱৰ বাবে নষ্ট হোৱা নাই ।"

২৪ খন গ্ৰাম্য বেৰ সমিতি গঠন :
তেওঁ লগতে কয়, "সৌৰশক্তি চালিত বেৰ সম্পৰ্কীয় প্ৰশিক্ষণ পদ্ধতিৰ জৰিয়তে এই অঞ্চলসমূহৰ অধিক মহিলাকে ধৰি মুঠ ৩৪৫ গৰাকী লোকক সৌৰ বেৰ স্থাপন আৰু ইয়াক পৰিচালনা কৰাৰ প্ৰশিক্ষণ দিয়া হয় । গাৰো পাহাৰ জিলাৰ প্ৰশিক্ষাৰ্থীসকলৰ ভিতৰত অধিকাংশ মহিলা আছিল । প্ৰশিক্ষণৰ অন্তত সৌৰশক্তি চালিত বেৰ সমূহীয়াভাৱে চোৱা-চিতা কৰাৰ বাবে ৪৭৫ জন লোকক লৈ মুঠ ২৪ খন গ্ৰাম্য বেৰ সমিতি গঠন কৰা হয় ।"


তেওঁ কয় যে এনে পদক্ষেপে এই কথা প্ৰতীয়মান কৰে যে সংৰক্ষণ মানে কেৱল বন্যপ্ৰাণীৰ সুৰক্ষাই নহয়, স্থানীয় লোকৰ জীৱিকাৰ সুৰক্ষা, স্থানীয় লোকৰ সবলীকৰণ আৰু তৃণমূলত সহাৱস্থানো সমানে গুৰুত্বপূৰ্ণ । স্থানীয় লোকসকলৰ সক্ৰিয় অংশগ্ৰহণ, দায়বদ্ধতা আৰু নিজৰ বুলি ভাবি লোৱা দায়িত্বই আমাৰ এই ঋতু সাপেক্ষ সৌৰশক্তি চালিত বেৰ প্ৰকল্প সম্ভৱপৰ হৈছে । স্থানীয় লোকৰ অংশগ্ৰহণ অবিহনে সংৰক্ষণ প্ৰচেষ্টাৰ কোনো মানে নাই ।"

যিকোনো ধৰণৰ হস্তক্ষেপ প্ৰকৃতপক্ষে সফল হ'বলৈ আৰু বৰ্তি থাকিবলৈ স্থানীয় লোকসকলে তেওঁলোকৰ ওপৰত ইয়াক জাপি দিয়া বুলি অনুভৱ কৰাৰ পৰিবৰ্তে তেওঁলোকক জড়িত কৰি আৰু তেওঁলোকৰ বাবে প্ৰস্তুত কৰা বুলি পতিয়ন যাব লাগিব বুলি কয় আৰণ্যকৰ উপ-কাৰ্যবাহী সঞ্চালকগৰাকীয়ে ।
লগতে পঢ়ক:জোনাইত বন্যহস্তীৰ উপদ্ৰৱ, বিঘাই বিঘাই অনিষ্ট কৃষকৰ শস্য
মাজুলীত বন্য়হস্তীৰ উপদ্ৰৱ অব্য়াহত:প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাক আক্ৰমণ
পৰ্বতঝোৰাত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ, কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ !

