ETV Bharat / state

ছমাহে নাই বৰষুণ; শুকাইছে গছ, মূৰে-কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কে

টেঙানিৰ ৪২ খন গাঁৱৰ ২০০০ চাহ খেতিয়কৰ হাহাকাৰ অৱস্থা ।

Small tea planters in Sarupathar are facing severe crisis
টেঙানিৰ ৰাইজৰ বাবে একমাত্ৰ উপাৰ্জনৰ পথ চাহ খেতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 1, 2026 at 8:18 PM IST

4 Min Read
Choose ETV Bharat

সৰুপথাৰ: বৰষুণ নাই । চাহ গছ শুকাই গৈছে । ফলত মূৰে-কপালে হাত দিছে টেঙানিৰ ক্ষুদ্ৰ চাহ খেতিয়কে । সৰুপথাৰৰ টেঙানিত বৰষুণৰ অভাৱত চিন্তিত ক্ষুদ্ৰ চাহ খেতিয়ক । সেয়েহে বৰষুণৰ কামনাৰে চাহ বাগিছাতে কৃষক ৰাইজে পূজা-অৰ্চনা কৰলে নেদেখাজনক ।

গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত টেঙানিত চাহ খেতিয়কৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । খৰাং বতৰৰ বাবে সাধাৰণ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । বিঘাই বিঘাই শুকাবলৈ ধৰিছে চাহপাতৰ গছ । দীৰ্ঘদিনে বৰষুণ নোহোৱাৰ ফলত খৰাং বতৰত টেঙানি অঞ্চলৰ ক্ষুদ্ৰ চাহ কৃষকসকল চিন্তিত হৈছে ।

বৰষুণৰ কামনাৰে চাহ বাগিছাতে কৃষক ৰাইজে পূজা-অৰ্চনা কৰলে নেদেখাজনক (ETV Bharat Assam)

বৰষুণৰ অভাৱত টেঙানিত হাজাৰ হাজাৰ চাহ গছৰ লগতে সাঁচি গছ, তামোল পুলি শুকাইছে । টেঙানিত কোনোধৰণৰ পানী যোগান আঁচনিৰ ব্যৱস্থা নথকাৰ কথা উত্থাপন কৰে কৃষকসকলে । বিগত ৬ মাহ ধৰি বৰষুণ নোহোৱাত চিন্তিত হৈছে সাধাৰণ চাহ খেতিয়কসকল ।

উল্লেখ্য় যে টেঙানিৰ ৰাইজৰ বাবে একমাত্ৰ উপাৰ্জনৰ পথ চাহ খেতি । ইটিভি ভাৰতৰ পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি টেঙানি অঞ্চলটোৰ পৰা বছৰি প্ৰায় ১৫ লাখ কেজি কেঁচা চাহপাত উৎপাদিত হয় । প্ৰতিদিনে প্ৰায় ৭৫ হাজাৰ কেজি কেঁচা চাহপাত অঞ্চলটোৰ পৰা বিক্ৰী হয় । স্থানীয় খেতিয়কসকলে জনোৱা অনুসৰি টেঙানি অঞ্চলটোৰ ৪২ খন গাঁৱত প্ৰায় ২০০০ চাহ খেতিয়ক আছে । বৰ্তমান বৰষুণৰ অভাৱত বিঘাই বিঘাই চাহ গছ শুকাবলৈ ধৰিছে ।

Small tea planters in Sarupathar are facing severe crisis
চাহ খেতিয়কৰ মাজত লাগিছে হাহাকাৰ (ETV Bharat Assam)

টেঙানিৰ মুখ্য খেতি চাহ :

দিলীপ ফুকন নামৰ চাহ খেতিয়ক এজনে কয়, "মই গেৰুকানী গাঁৱৰ নিবাসী । টেঙানিৰ মুখ্য সম্পদ হৈছে চাহ খেতি । চাহ খেতিৰ যোগেদিয়েই বছৰি জীৱিকা অৰ্জন কৰি ল’ৰা-ছোৱালী পঢ়া-শুনা, খোৱা-বোৱা সমস্ত পৰিয়াল ইয়াতেই ভৰণ-পোষণ দি চলি আছিলো । এইবাৰ যিটো প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত আমাৰ চাহ খেতিবিলাক যেনেধৰণে শুকাই গৈছে আৰু এনেধৰণৰ হ’লে আমাৰ মানুহৰ একেবাৰে অৱস্থা পানীত হাঁহ নচৰা হ’ব ।"

Small tea planters in Sarupathar are facing severe crisis
চাহগছবোৰৰ বৰ্তমানৰ অৱস্থা (ETV Bharat Assam)

প্ৰায় ছমাহ দিন বৰষুণ নাই :

তেওঁ পুনৰ কয়, "বৰ্তমান আমি ক’ৰবাত গৈ দিন হাজিৰা কৰিবলৈ উপায় নাইকীয়াৰ নিচিনা অৱস্থা হৈছে । চৰকাৰে যাতে ইয়াত কিবা এটা ব্যৱস্থা কৰি দিয়ে যেন । ছমাহ বৰষুণ নাই । জলসিঞ্চন ব্যৱস্থাটো চৰকাৰে কৰি দিলে আমি ধন্যবাদ জ্ঞাপন কৰিম । আমি ক্ষুদ্ৰ চাহ খেতিয়ক হৈ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছো ।"

Small tea planters in Sarupathar are facing severe crisis
ছমাহে নাই বৰষুণ (ETV Bharat Assam)

আন এজন খেতিয়কে কয়, "মই গেৰুকানী গাঁৱৰ চাহ খেতিয়ক । আমি এতিয়া এটা চিন্তাই কৰিছো চৰকাৰৰ পৰা কিবা এটা সাহায্য পাওঁ নেকি । এনেকৈ পানী যোগান নহ’লে আমাৰ এতিয়া যি দেখিছো, জীয়াই জীয়াই মৰিব লাগিব । আমাৰ উপায় নোহোৱা হৈছে । আন বছৰ এনেকুৱা দিনত পাত থাকে, এতিয়া পাত নাই । মোৰ ১০ বিঘা মান চাহ খেতি হ’ব । অৱস্থা সকলোবোৰৰ বেয়া । পানী নাই, এতিয়া আমি তাকেই ভাবিছো কেনেকৈ কি কৰা যায় । ৰাইজ গোট খাই উপায় এটা উলিয়াই সিদ্ধান্ত ল'ব লাগিব ।"

তামোল - সাঁচি গছ শুকাইছে :

এজন কৃষকে কয়, "ইয়াত বৰষুণ নোহোৱাৰ ছয় মাহ হ’ল । আহিনৰ ৪ তাৰিখে বৰষুণ এজাক দিছিল, তাৰ পিছত আৰু বৰ্তমানলৈকে বৰষুণ দিয়া নাই । যাৰ ফলত ইয়াত চাহ গছ পানীৰ অভাৱত শুকাই যাবলৈ আৰম্ভ কৰিছে । মোৰ প্ৰায় ১০ বিঘামান আছে । ৰাইজৰ প্ৰত্যেকৰে চাহ গছ মৰি শেষ হৈছে । ইয়াত পানী যোগান আঁচনি তেনেকৈ নাই আৰু বিগত বছৰবোৰত এই অৱস্থা হোৱা নাই । এই বছৰহে প্ৰথম আমি দেখা পাইছো । টেঙানিৰ প্ৰধান খেতি হৈছে চাহ । চাহগছৰ লগতে তামোল গছ শুকাইছে আৰু আমাৰ ইয়াত প্ৰধান আন এটা খেতি হৈছে সাঁচি গছ । এতিয়া মাজে মাজে সাঁচি গছো শুকাবলৈ আৰম্ভ কৰিছে ।"

লগতে পঢ়ক:অসাৰ হ’ল মন্ত্ৰীৰ প্ৰতিশ্ৰুতি, ৰাইজে খেতিৰ মাটি এৰি দিয়াৰ পিছতো স্থাপন নহ'ল আদৰ্শ বিদ্যালয়

বিগত ৫ বছৰত চাহ বাগিচা অঞ্চলত উন্নয়ন হৈছে নে, কি কয় ডুৰুং চাহ বাগিচাৰ ভোটাৰে ?