ETV Bharat / state

ধনদাবীৰ মূল পৰিকল্পনাকাৰী মানস মানৱ গগৈৰ সন্ধান দিওতাক আৰক্ষীয়ে দিব ৫০ হাজাৰ টকা

শিৱসাগৰৰ গুলীয়াগুলী ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল, ব্যৱসায়ীক ধন দাবীৰ ঘটনাৰ সৈতে মুঠ আঠজন লোক জড়িত ৷

SIVASAGAR POLICE
শিৱসাগৰৰ গুলীয়াগুলী ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 27, 2026 at 2:05 PM IST

3 Min Read
Choose ETV Bharat

শিৱসাগৰ: সোমবাৰে শিৱসাগৰ জিলাৰ নাজিৰা মলাগাঁৱত আৰক্ষী আৰু সন্দেহযুক্ত আলফা স্বাধীনৰ সদস্যৰ মাজত হোৱা গুলীয়াগুলীৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল । বুধবাৰে পূব মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাই সংবাদমেল সম্বোধন কৰি সোমবাৰে শিৱসাগৰত হোৱা গুলীয়াগুলী ঘটনাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ লাচিত গগৈ নামৰ ব্যৱসায়ীজনক ধন দাবীৰ ঘটনাৰ সৈতে মুঠ আঠগৰাকী ব্যক্তি জৰিত আছিল বুলি উল্লেখ কৰি জ্যেষ্ঠ আৰক্ষী বিষয়া হাজৰিকাই কয়,"দাবী কৰা ধন সংগ্ৰহৰ বাবে মলাগাঁৱৰ সেই নিৰ্দিষ্ট স্থানলৈ ছয়খন বাইকত আহিছিল আঠজন লোক ।"

আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়,"পূৰ্বৰে পৰা এখন বলেৰ বাহনত অসামৰিক পোছাকত খাপ পিটি থকা আৰক্ষীৰ দললৈ লক্ষ্য কৰি ধন দাবী কৰা যুৱকৰ দলটোৱে গুলীচালনা কৰে ৷ তাৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে । আৰক্ষীৰ গুলীত ৰিতু গগৈ নামৰ যুৱকজনৰ দেহত চাৰিটাকৈ গুলী লাগে । আৰক্ষীয়ে আহত ৰিতু গগৈক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে ঘটনাস্থলীৰ পৰা জিতুমনি গগৈ, ক্ষিপ্ৰ প্ৰতীম গগৈ আৰু দ্বীপেন গগৈক আটক কৰা হয় । ধন দাবীৰ ঘটনাৰ মূল পৰিকল্পনাকাৰী মানস মানৱ গগৈ লগতে আন তিনিজন যুৱক পলায়ন কৰিবলৈ সক্ষম হয় ৷"

শিৱসাগৰৰ গুলীয়াগুলী ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল (ETV Bharat Assam)

আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে কয়,"ধন দাবীৰ ঘটনাৰ সৈতে প্ৰকৃততে আলফা স্বাধীন জড়িত হয়নে নহয় সেয়া বৰ্তমানলৈকে নিশ্চিত কৰিব পৰা নাই ৷ যদিও তেওঁলোক আলফাৰ লগতে জড়িত বুলি সন্দেহ হয় ৷ কাৰণ ধন দাবী কৰা ফোন কল নাগালেণ্ডৰ পৰা আহিছে ৷ মলাগাঁৱৰ পূৰ্বে নাগিনীমৰাত ব্যৱসায়ী লাচিত গগৈক দাবী কৰা ধন আদায় দিবলৈ নিৰ্দেশ দিছিল যদিও লাচিত গগৈ সেই স্থানত উপস্থিত নহ'ল যাৰ ফলত পুনৰ লাচিত গগৈ নামৰ ব্যৱসায়ীজনক মলাগাঁৱত দাবী কৰা ধন আদায় দিবলৈ নিৰ্দেশ দিয়া হৈছিল ।"

মানস মানৱ গগৈৰ সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে কয়,"ঘটনাৰ নিশা মানস মানৱ গগৈৰ বাসগৃহত অভিযান চলাই এটা ৯ এম এম পিষ্টল উদ্ধাৰ কৰা হৈছে ৷ লগতে গুলীয়াগুলী হোৱা স্থানৰ পৰা ৭.৬৫ ৰ এটা পিষ্টল উদ্ধাৰ কৰা হৈছে । এই ঘটনাৰ মূল পৰিকল্পনাকাৰী মানস মানৱ গগৈ যদিও ৰিতু গগৈ, ক্ষিপ্ৰ প্ৰতীম গগৈ আৰু জিতুমনি গগৈয়ে কেৱল ধনৰ বাবেই এই ঘটনাৰ সৈতে জৰিত হৈছিল বুলি সন্দেহ কৰা হৈছে ৷ ঘটনাৰ মূল পৰিকল্পনাকাৰী মানস মানৱ গগৈৰ আছে অপৰাধৰ এক দীঘলীয়া ইতিহাস । ১৯৯৬ চনত নাজিৰাৰ চিকিৎসক ডাঃ মবিদুল ইছলামক ধনদাবী, ২০১২ চনত আমগুৰিৰ চাহ বাগিচাৰ পৰিচালকক ধনদাবী, শিৱসাগৰৰ এগৰাকী যুৱতীৰ অপহৰণ সৈতেও অভিযুক্ত মানস মানৱ গগৈ ৷"

SIVASAGAR POLICE
ধন দাবীৰ ঘটনাৰ মূল পৰিকল্পনাকাৰী মানস মানৱ গগৈ (ETV Bharat Assam)

ধন দাবীৰ ঘটনাৰ মূল পৰিকল্পনাকাৰী মানস মানৱ গগৈৰ সন্ধান দিয়াজনক আৰক্ষীয়ে ৫০ হাজাৰ টকা নগদ ধন পুৰস্কাৰ দিয়াৰ কথা উল্লেখ কৰিছে আৰক্ষী বিষয়াজনে ৷ আনহাতে সোমবাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুটা গোচৰ ৰুজু কৰিছে । লাচিত গগৈৰ অভিযোগৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ৯৩/২০২৬ গোছৰ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ৩০৮(৪)/৩৫১(৪) ধাৰাত শিৱসাগৰ সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে । সেইদৰে নাজিৰা থানাত আৰক্ষীয়ে এক নিজাববীয়া ২৬/২০২৬ নং গোচৰ ৰুজু কৰি ৬১(২)/৬২/১০৯/১২১(B)/৩০৮(৪)/৩২৪(৬) BNS,RW ২৫(১-A) ২৭ অস্ত্ৰ আইন ধাৰাত অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:অসম বিধানসভাত সমৰূপ নাগৰিক সংহিতাৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন এনডিএ বিধায়কৰ