শিৱসাগৰ আৰক্ষীৰ শেনচকু পৰিল ইন্ধনজাত সামগ্ৰীৰ অবৈধ গুদামত
ইন্ধনজাত সামগ্ৰীৰ অবৈধ গুদামত শিৱসাগৰ আৰক্ষীৰ অভিযান । বৃহৎ পৰিমাণৰ ডিজেল-ম'বিল আদি ইন্ধনজাত সামগ্ৰী জব্দ ।

Published : June 2, 2026 at 6:10 PM IST
শিৱসাগৰ: শিৱসাগৰ নগৰৰ মাজমজিয়াত ইন্ধনজাত সামগ্ৰীৰ অবৈধ গুদামত শিৱসাগৰ আৰক্ষীৰ অভিযান । শিৱসাগৰ নগৰৰ নাজিৰা আলিৰ অ'এনজিচি চৌহদৰ কাষত বাঁহ-টিনেৰে নিৰ্মিত দুটা গুদাম ঘৰত প্ৰায় পঞ্চাশটা ড্ৰামত মজুত কৰি থোৱা বৃহৎ পৰিমাণৰ ডিজেল-ম'বিল আদি ইন্ধনজাত সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে ।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি সোমবাৰে মুস্তাক খান নামৰ এজন বাহনৰ চালকক তেওঁৰ মালিক ইচফাকুল আহমেদে আৰক্ষীয়ে অভিযান চলোৱা গুদামৰ পৰা চাৰিটা ডিজেলভৰ্তি ড্ৰাম লৈ নগৰৰ নিমচান্দ মানিক চান্দ পেট্ৰ'ল পাম্পৰ পৰা ডিজেল আনিবলৈ কয় । খানে মুঠ চাৰিটা ড্ৰামত ৭২০ লিটাৰ ডিজেল লৈ উক্ত গুদামত ৰাখে ।
কিন্তু পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই সোমবাৰে প্ৰায় ১৮০০ লিটাৰ ইন্ধন লৈ পইচা পৰিশোধ নকৰাকৈ দুখন বাহনেৰে লৈ যোৱাৰ অভিযোগ সদৰ থানাত দাখিল কৰে । উক্ত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মঙলবাৰে মুস্তাক খানৰ বাহনখন জব্দ কৰি এই অবৈধ গুদামৰ সন্ধান লাভ কৰে ।
উল্লেখযোগ্য যে ইন্ধনৰ এনে অবৈধ ব্যৱসায়ৰ আঁৰত কুখ্যাত সুভাষ দাস নামৰ এজন লোক জড়িত হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে । অবৈধ গুদামৰ সমুখত ভাৰা কৰি থকা দাস বহুদিনৰ পৰা ইন্ধনজাত সামগ্ৰী আৰু খাৰুৱা তেলৰ চোৰাং কাৰবাৰত জড়িত আছিল । ইয়াৰ পূৰ্বেও চোৰাং তেল সৰবৰাহৰ গোচৰত অভিযুক্ত হৈছিল দাস ।
এই অভিযানৰ প্ৰসংগত এগৰাকী আৰক্ষী বিষয়াই কয়,"অভিযানত আমি দুটাকৈ পৰিত্যক্ত গুদামত ড্ৰামত তেল ভৰাই থোৱা অৱস্থাত পাইছোঁ । তেলখিনি চুৰি বুলি সন্দেহ কৰিছোঁ । যিহেতু যিধৰণৰে ৰখা গৈছে, পেট্ৰ'লিয়াম আইনৰ মতে এনেকৈ ৰখাটো অবৈধ । আমি এতিয়া ইয়াৰ সত্যটোৰ সন্ধান কৰি আছোঁ । কোনে ইয়াত ৰাখিলে ?"
আৰক্ষীয়ে জব্দ কৰা গুদামটোত কিমান পৰিমাণৰ ডিজেল-ম'বিল মজুত আছে সেয়া নিশ্চিত নহ'য় যদিও হাজাৰ হাজাৰ লিটাৰ ইন্ধন মজুত থকাৰ সন্দেহ প্ৰকাশ কৰিছে । অৱশ্যে এয়া তেল চুৰি নে ইন্ধনজাত সামগ্ৰীৰ সঘনাই দাম বৃদ্ধিৰ বাবে ভৱিষ্যতৰ দিনত দাম বাঢ়িলে বিক্ৰী কৰাৰ পৰিকল্পনা আছিল তাক লৈ নিশ্চিত নহয় আৰক্ষী ।
পৰৱৰ্তী সময়ত কৰা তদন্তত এই সকলো স্পষ্ট হ'ব । অৱশ্যে বিস্ফোৰক আইনৰ অধীনত এইদৰে কৰা মজুত অবৈধ হোৱাৰ বাবে আৰক্ষীয়ে এই গুদামৰ সামগ্ৰী জব্দ কৰাৰ লগতে সুভাষ দাসৰ ঘৰতো এক অভিযান চলাই বুলি জানিব পৰা গৈছে ।

