ETV Bharat / state

জুবিনক বিদেশলৈ লৈ গৈ সাগৰৰ পানীত নামিবলৈ দিয়াটো ভুল আছিল: ডাঃ হিতেশ বৰুৱা

জুবিন গাৰ্গক জুই আৰু পানীৰ পৰা সদায় আঁতৰত থাকিবলৈ চিকিৎসকৰ দলে পৰামৰ্শ প্ৰদান কৰা হৈছিল । SIT এ গ্ৰহণ কৰিলে ডাঃ হিতেশ বৰুৱাৰ ভাষ্য ।

SIT takes Dr. Hitesh Baruah's statement regarding Zubeen Garg's health-related issues
SIT ৰ আগত জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কীয় ভাষ্য প্ৰদান কৰে ডাঃ হিতেশ বৰুৱাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 18, 2025 at 8:46 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কীয় বিষয়ক লৈ বিশেষ তদন্তকাৰী গোটে আজি পুনৰ ডাঃ হিতেশ বৰুৱাৰ ভাষ্য গ্ৰহণ কৰে । জুবিন গাৰ্গে কেনেধৰণৰ ঔষধ প্ৰদান কৰা হৈছিল, স্বাস্থ্য সম্পৰ্কীয় কি কি উপদেশ তেওঁক দিয়া হৈছিল সেই সকলো তথ্য ডাঃ বৰুৱাৰ পৰা বিশেষ তদন্তকাৰী গোটে গ্ৰহণ কৰে ।

ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত ডাঃ বৰুৱাই কয়, "জুবিন গাৰ্গক জুই আৰু পানীৰ পৰা সদাই আঁতৰত থাকিবলৈ চিকিৎসকৰ দলে পৰামৰ্শ প্ৰদান কৰা হৈছিল । পৰিয়ালৰ লগতে তেওঁৰ মেনেজাৰ, বন্ধুক সমগ্ৰ বিষয়টো চিকিৎসকৰ দলে বুজায়ো দিছিল । কিয়নো মৃগী ৰোগত ক'ত, কেতিয়া আক্ৰান্ত হয় সেয়া ধৰিব নোৱাৰি । কিন্তু ইমানৰ পিছতো জুবিনক বিদেশলৈ লৈ গৈ সাগৰৰ পানীত নামিবলৈ দিয়াটো ভুল আছিল ।"

SIT ৰ আগত জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কীয় ভাষ্য প্ৰদান কৰে ডাঃ হিতেশ বৰুৱাই (ETV Bharat Assam)

উল্লেখ্য যে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ খবৰ পোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যবাসী শোকত ভাগি পৰে । ইয়াৰ পিছতেই ৰাজ্যজুৰি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবী উত্থাপন হৈছিল । চি আই ডিত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গোচৰ ৰুজু কৰি এছ আই টিয়ে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, জুবিনৰ সম্বন্ধীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গ, সহশিল্পী অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু জুবিনৰ দুই ব্যক্তিগত দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকে ধৰি মুঠ ৭ গৰাকীক এছ আই টিয়ে গ্রেপ্তাৰ কৰিছিল । বৰ্তমান তেওঁলোক ন্যায়িক জিম্মাত আছে । আনহাতে য়ট পাৰ্টিত থকা ১০ প্ৰবাসী অসমীয়াক জেৰা চলোৱাৰ লগতে জুবিন গাৰ্গৰ বন্ধুবৰ্গৰ পৰা ভাষ্য গ্ৰহণ কৰিছে এছ আই টিয়ে ।

লগতে পঢ়ক: উচ্ছেদিত ভূমিৰ তামোল কোনে কৰিছে অন্তৰ্ধান ?

অসমতো আৰম্ভ হ'ব অসম প্রিমিয়াৰ লীগ: ঘোষণা বি চি চি আইৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াৰ