ETV Bharat / state

কোনে ভাইৰেল কৰিলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ?

জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গোপনে আছে নে নাই ক'লে এছ আই টিৰ মুৰব্বী বিষয়া মুন্না প্ৰসাদ গুপ্তাই ।

SIT Chief Munna Prasad Gupta react on viral Postmortem report of Zubeen Garg
জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ভাইৰেল প্ৰতিবেদন সন্দৰ্ভত এছ আই টিৰ মুৰব্বী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 15, 2025 at 2:34 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: মহানায়কৰ মহাপ্ৰয়াণৰ আজি ২৬ দিন উকলিল । অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্তক লৈ বিগত তিনি সপ্তাহ ধৰি উত্তাল হৈ আছে ৰাজ্য় । সকলোৱে দাবী কৰিছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ । আনহাতে তদন্তকাৰী বিষয়াই এই প্ৰতিবেদন ৰাজহুৱা কৰিব নোৱাৰি বুলি স্পষ্ট কৰাৰ পিছতো সামাজিক মাধ্য়মত ভাইৰেল হৈছে এখন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ।

কোনে কেনেকৈ ভাইৰেল কৰিলে এই গোপন প্ৰতিবেদন ? সামাজিক মাধ্য়মত এই গোপন প্ৰতিবেদন ভাইৰেল হোৱাৰ লগে লগে প্ৰায়ভাগ হোৱাটছ এপ গ্ৰুপতেই সকলোৱে লাভ কৰিছে তথ্য় । পিছে ভাইৰেল হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সঁচা নহয় বুলি স্পষ্ট কৰি দিলে এছ আই টিৰ মুৰব্বী বিষয়া মুন্না প্ৰসাদ গুপ্তাই ।

জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ভাইৰেল প্ৰতিবেদন সন্দৰ্ভত এছ আই টিৰ মুৰব্বী (ETV Bharat Assam)

শেহতীয়াভাৱে ভাইৰেল হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভুৱা বুলি মন্তব্য কৰি এছ আই টিৰ মুৰব্বী বিষয়া মুন্না প্ৰসাদ গুপ্তাই কয় যে সেয়া মৰণোত্তৰ পৰীক্ষাৰ সঁচা প্ৰতিবেদন নহয় । সেই প্ৰতিবেদনখনত চিকিৎসকৰ কোনো স্বাক্ষৰেই নাই । এছ আই টিৰ মুৰব্বী বিষয়াগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত সামাজিক মাধ্য়মত প্ৰকাশিত তথাকথিত প্ৰতিবেদন সেয়া সঁচা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নহয় । সেইটো সত্য বুলি ক'ব নোৱাৰি । তাত কোনো চিকিৎসকৰ স্বাক্ষৰ নাই । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত যিসকলে পৰীক্ষা কৰে সেই চিকিৎসকৰ স্বাক্ষৰ থাকে । আমাৰ হাতত থকা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বেলেগ ধৰণৰ । সেইটো আমি তদন্ত কৰিম । সকলোকে আহ্বান জনাম যাতে ভুৱা বাতৰি প্ৰচাৰ নকৰে । সামাজিক মাধ্যমত নিৰীক্ষণ কৰি আছো । বিভ্ৰান্তিকৰ বাতৰি ৰাইজৰ মাজত প্ৰচাৰ কৰাটো এটা অপৰাধ । আমি ব্যৱস্থা লম । গতিকে মই সকলোকে আহ্বান জনাম ভুৱা বাতৰি যাতে প্ৰচাৰ নকৰে ।"

উল্লেখ্য যে মঙলবাৰে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাইৰেল হৈ পৰিছিল । ইয়াকে লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কেনেকৈ ভাইৰেল হ'ল বিভিন্ন জনে প্ৰশ্ন কৰে । উল্লেখ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা ৰিপ'ৰ্ট দিল্লীস্থিত কেন্দ্ৰীয় ফৰেনচিক লেৱৰেট'ৰীৰ পৰা চি আই ডিৰ হাতত পৰিছিল । সেই প্ৰতিবেদন এছ আই টিয়ে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পাতাললৈ প্ৰেৰণ কৰে । গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পাতালত গঠন কৰা বিশেষজ্ঞ কমিটীয়ে বিবেচনা কৰি মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল ।

লগতে পঢ়ক:জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু-সিদ্ধাৰ্থসহ ৫ অভিযুক্তৰ নতুন ঠিকনা বাক্সাৰ নিকাছিস্থিত নৱ নিৰ্মিত কেন্দ্ৰীয় কাৰাগাৰ

জুবিনৰ মৃত্যুৰ লেহেমীয়া তদন্তত অতিষ্ঠ হৈ চাকৰি এৰিলে চিকিৎসকে