BNSS 208 প্ৰয়োগত অনুমোদনে গোচৰটো আগবঢ়াই নিয়াত সহায় কৰিব: মুন্নাপ্ৰসাদ গুপ্তা
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ চলোৱাৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিশেষ অনুমোদন সন্দৰ্ভত মন্তব্য এছ আই টিৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তাৰ ।

Published : November 18, 2025 at 7:28 PM IST
গুৱাহাটী : জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ চলোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২০৮ ধাৰাৰ অধীনত যাৱতীয় অনুমোদন প্ৰদান কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ পৰা এনে অনুমোদন লাভ কৰা বিষয়টোক জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটনত অতি গুৰুত্বপূৰ্ণ বুলি বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্নাপ্ৰসাদ গুপ্তাই সদৰী কৰিছে ।
মঙলবাৰে সংবাদ মাধ্যমৰ আগত গুপ্তাই কয়, "বিদেশত সংঘটিত হোৱা অপৰাধমূলক ঘটনাত যেতিয়া ভাৰতীয় নাগৰিক জড়িত থাকে, তেন্তে সেই ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে আদালতত গোচৰ চলোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হয় ।"
এয়া আইনীভাৱে বাধ্যতামূলক বুলি উল্লেখ কৰি গুপ্তাই কয়, "জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা যিহেতু বিদেশত হৈছিল, সেই অনুসৰি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২০৮ ধাৰাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অনুমোদন প্ৰদান কৰিছে । এনে অনুমোদন লাভৰ পৰিপ্ৰেক্ষিতত গোচৰটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সুবিধা হ'ব ।"
আনহাতে, সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত এছ আই টিৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তাই কয়, "জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ১০ ডিচেম্বৰৰ পূৰ্বে আদালতত অভিযোগনামা দাখিল কৰাৰ চেষ্টা চলোৱা হ'ব । ছিংগাপুৰৰ পৰা যিখিনি তথ্যৰ প্ৰয়োজন সেয়া বিশেষ তদন্তকাৰী গোটে লাভ কৰিছে ।"
উল্লেখ্য যে ইতিমধ্যে গোচৰ সংক্ৰান্তত ১৬০ জনৰো অধিক লোকৰ সাক্ষ্য লোৱা হৈছে । ফৰেনছিক গৱেষণাগাৰৰ পৰাও যাৱতীয় প্ৰতিবেদন পোৱা বুলি গুপ্তাই সদৰী কৰে ।
আনহাতে, লণ্ডন ভ্ৰমণৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে । মুখ্যমন্ত্ৰীয়ে কয়, “আজি আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন । এই দিনটোৱে আমাক তেওঁৰ সংগীত, তেওঁৰ স্বৰলিপি আৰু অসমৰ হৃদয়ত তেওঁৰ অপৰিহাৰ্য স্থানৰ কথা স্মৰণ কৰাই দিয়ে । এই বিশেষ দিনটোতেই, সন্মানিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ভাৰতীয় নাগৰিক সংহিতাৰ (BNSS) ধাৰা ২০৮ৰ অধীনত প্ৰয়োজনীয় প্ৰয়োগৰ বাবে সন্মতি প্ৰদান কৰিছে, যাতে ছিংগাপুৰত জুবিনৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্তসকলৰ বিৰুদ্ধে তদন্ত আগবঢ়াব পৰা যায় ।”

