জুবিন গাৰ্গক লৈ কোনে কৰিছে ৰাজনীতি ? সীমান্ত শেখৰে দিলে উত্তৰ
জুবিন গাৰ্গক এসময়ত বিৰোধ কৰা লোকসকল এতিয়া তেওঁৰ অনুৰাগী হৈছে । জুবিন গাৰ্গৰ ন্যায়ৰ নামত একাংশই ৰাজনীতি কৰিছে । কিয় ক'লে সীমান্ত শেখৰে ?

Published : March 2, 2026 at 9:48 AM IST
নলবাৰী : "কিছুমানে জুবিন গাৰ্গৰ নাম লৈ ৰাজনীতি কৰিব খুজিছে । বিৰোধীয়ে এসময়ত জুবিন গাৰ্গক অপমান কৰি এতিয়া অনুৰাগী দেখুৱাই আছে ।" এই মন্তব্য কণ্ঠশিল্পী তথা বিজেপি কৰ্মী তথা অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ । নলবাৰীৰ গন্ধিয়াস্থিত শ্ৰীশ্ৰী নৱগ্ৰহ দেৱালয়ত অনুষ্ঠিত নৱগ্ৰহ মহাযজ্ঞৰ কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে সীমান্ত শেখৰে । জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰি সীমান্ত শেখৰে কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সদায় সদিচ্ছাৰে যুঁজি আছে । জুবিনদা যেতিয়া কায়িকভাৱে আমাৰ মাজৰ পৰা নাইকীয়া হৈ গৈছিল, তেতিয়াও মুখ্যমন্ত্ৰীৰ যি তৎপৰতা সেয়াও ৰাইজে দেখিছে । আজিও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীৰ যি তৎপৰতা ৰাইজে মিডিয়াৰ যোগে দেখি আছে ।"
তেওঁ লগতে একাংশ ৰাজনৈতিক নেতাক উদ্দেশ্যি কয়, "কিছুমানে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব খুজি আছে । জুবিন দাৰ নাম লৈ যিসকলে ৰাজনীতি কৰিব বিচাৰিছে, সেইসকলৰ আচল স্বৰূপ জুবিন দাই কৈ গৈছিল । তেওঁক এসময়ত অপমান কৰা ব্যক্তিসকলে আজি অনুৰাগী বুলি কয় । জুবিন দাৰ অসহজ মৃত্যুক তেওঁলোকে ৰাজনীতি কৰিব খুজিছে । তাতকৈ আৰু স্বাৰ্থপৰতা কি থাকিব পাৰে ।"
সীমান্ত শেখৰে কয়, "জুবিন গাৰ্গৰ প্ৰতি অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসমৰ জনতা আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কৰ্মকৰ্তাৰ যি আবেগ, সেই আবেগ জীয়াই ৰাখিছোঁ । এই আবেগক লৈ ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও ৰাজনীতি কৰা নাই । কিন্তু এই আবেগক লৈ যিসকল লোকে ৰাজনীতি কৰিব খুজিছে, যিসকল লোকে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত নোহোৱাৰ বাবে প্ৰচেষ্টা চলাই আছে, যিবোৰ আমি দেখি আছোঁ । গতিকে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনে ৰাজনীতি কৰিছে, কোনে কৰা নাই দেখি আছে ।"

সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত সীমান্ত শেখৰে কয়, "বিৰোধী ক'ত আছে ? বিৰোধী কোন ? যিসকল ব্যক্তিয়ে এসময়ত জুবিন গাৰ্গক জীৱিত অৱস্থাত অপমান কৰি থৈ গৈছে, তেওঁলোক বিৰোধী নেকি ? তেওঁলোক কেৱল ৰাজনৈতিকভাৱে অকল চৰকাৰৰ বিৰোধীয়েই নহয় । জুবিন গাৰ্গৰো বিৰোধী । আজি মুখ্যমন্ত্ৰীয়ে সকলো কৰি গৈছে । ন্যায়ৰ ক্ষেত্ৰত ন্যায়লয়ে ৰায় দিব । আজি ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছতো বিৰোধীয়ে ৰাজনীতি কৰিছিল । তেওঁলোকে অসমৰ আটাইতকৈ হিতৈষী মানুহ । কিন্তু মুখ্যমন্ত্ৰীয়ে ৰাজীৱ শদিয়াৰ পত্নীক চাকৰি দিবলৈ ওলোৱাত কিয় বিৰোধীয়ে এবাৰো ধন্যবাদ নিদিলে ?"

উল্লেখ্য যে নলবাৰীৰ গন্ধিয়াস্থিত শ্ৰীশ্ৰী নৱগ্ৰহ দেৱালয়ত অনুষ্ঠিত নৱগ্ৰহ মহাযজ্ঞৰ শেষৰ দিনৰ কাৰ্যসূচীত উপস্থিত থাকে সীমান্ত শেখৰ । ৪ দিনীয়কৈ অনুষ্ঠিত হোৱা এই যজ্ঞৰ দেওবাৰে অন্তিম দিনা উপস্থিত হৈ দেৱালয়ত সেৱা লয় সীমান্ত শেখৰে । নৱগ্ৰহ মহাযজ্ঞত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :আজি মই যি পৰিচয় পাইছোঁ সেয়া কেৱল জুবিন দাৰ বাবেই সম্ভৱ হৈছে: মৰ্মিতা মিত্ৰ

