ETV Bharat / state

জন্মদিন উপলক্ষে জুবিনক্ষেত্ৰত মূৰ দোৱালে মানস ৰবীনে

নিশা জুবিনক্ষেত্ৰত জন্মদিন পালন কৰিলে মানস ৰবীনে । বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও জনালে শ্ৰদ্ধাঞ্জলি ।

Manas Robin at Zubeen Kshetra
জন্মদিন উপলক্ষে জুবিনক্ষেত্ৰত মূৰ দোৱালে মানস ৰবীনে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 4, 2025 at 12:19 PM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৩ মাহ সম্পূৰ্ণ হোৱাৰ পথত । আজিও একে পৰিৱেশ সোণাপুৰৰ জুবিনক্ষেত্ৰ । কি দিন, কি ৰাতি প্ৰতিটো সময়তে লোকাৰণ্য জুবিনক্ষেত্ৰ । শিল্পীগৰাকীৰ ন্যায়ৰ দাবীৰে প্ৰাৰ্থনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলিও জনাইছে বিভিন্নজনে । জুবিনক্ষেত্ৰৰ সন্মুখৰ পথেৰে যোৱা সকলোৱে এবাৰ হ'লেও তাত ৰৈছে । তাৰ মাজতে বুধবাৰে নিশা জুবিনক্ষেত্ৰত উপস্থিত হ'ল সংগীত শিল্পী মানস ৰবীন । ৪৯ সংখ্যক জন্মদিন উপলক্ষে প্ৰিয় শিল্পীগৰাকীৰ শেষ বিশ্ৰামস্থলীত অলপ সময় অতিবাহিত কৰিলে মানস ৰবীনে । চাকি-বন্তি জ্বলাই সেৱা লোৱাৰ লগতে মনৰ কথাও ক'লে মানস ৰবীনে ।

মানস ৰবীনৰ জন্মদিন উদযাপন কৰিবলৈ জুবিনক্ষেত্ৰলৈ তেওঁৰ সৈতে একেলগে গ'ল সংগীত শিল্পী অজয় ফুকন আৰু কেইবাজনো । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পৰা আশীৰ্বাদ বিচাৰি সেৱা জনোৱাৰ লগতে 'মায়াবিনী' গীতটি পৰিৱেশন কৰে মানস ৰবীন আৰু আন শিল্পীসকলে ।

জন্মদিন উপলক্ষে জুবিনক্ষেত্ৰত মূৰ দোৱালে মানস ৰবীনে (ETV Bharat)

জুবিনক্ষেত্ৰত সেৱা লৈ কণ্ঠশিল্পী মানস ৰবীনে কয়, "আজি মোৰ জন্মদিন । সদায় জন্মদিনৰ দিনা গা-পা ধুই আই-বোপাইক সেৱা কৰোঁ আৰু তাৰ পিছত আমাৰ পৰম্পৰাৰ নিচিনাই নতুনখিনিয়ে সদায় জুবিন দাৰ ওচৰলৈ যাওঁ আশীৰ্বাদ আৰু পৰামৰ্শ ল'বলৈ । আজি তেখেত কায়িকভাৱে নাই যদিও আমি ইয়ালৈ আহিলো মনৰ কথা পাতিলোঁ । তেখেতৰ ৰহস্যময় মহাপ্ৰয়াণৰ বিষয়ে অৱগত হ'বলৈ অধীৰ আগ্ৰহৰে ৰৈ আছে ৰাইজ । তেওঁৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিছোঁ ।"

ইফালে মহানগৰীত আৰোহন গোষ্ঠীয়ে আয়োজন কৰা এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি ওভতাৰ পথত সন্ধিয়া জুবিনক্ষেত্ৰ দৰ্শন কৰিলে নগাঁও বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীসকলে । জুবিনক্ষেত্ৰত উপস্থিত হৈ তেওঁলোক আবেগিক হৈ পৰিল । দুচকুৰে নেদেখিলেও ছাত্ৰ-ছাত্ৰীসকলে মনৰ দাপোণেৰে প্ৰত্যক্ষ কৰি অনুভৱ কৰিলে ইশ্বৰ পুত্ৰৰ শেষ বিশ্ৰামস্থলীৰ ছবি । তেওঁলোকে সকলোৱে 'মায়াবিনী'ৰ লগতে জুবিন গাৰ্গৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰি প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জনালে ।

Zubeen Kshetra
জুবিনক্ষেত্ৰত উপস্থিত বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী (ETV Bharat)

জুবিনক্ষেত্ৰ দৰ্শন কৰি বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ক'লে, "আমাৰ ছাত্ৰ-ছাত্ৰীসকল জুবিনক্ষেত্ৰলৈ অহা নাছিল । সেয়ে তেওঁলোকক জুবিনক্ষেত্ৰ দেখুৱালো আৰু প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ সদগতিৰ আৰু ন্যায়ৰ বাবে তেখেতৰ কালজয়ী গীতেৰে প্ৰাৰ্থনা জনালো ।

লগতে পঢ়ক :শিক্ষক নহ'লেও হ'ব, ৰবটে পঢ়ুৱাব শিক্ষাৰ্থীক !