ETV Bharat / state

সিদ্ধু মুছেৱালা -জুবিন গাৰ্গৰ আত্মিক সংযোগক সুঁৱৰিলে পঞ্জাবৰ শিখ সমাজে

তেওঁলোকে ঈশ্বৰৰ ওচৰত এক বিশেষ প্ৰাৰ্থনা কৰে- জুবিন গাৰ্গৰ দৰে এগৰাকী মহান সত্তাৰ যেন পুনৰ জন্ম পঞ্জাবৰ শিখ সমাজত হয় !

Sikh community of Punjab trubute to Zubeen Garg in Sonapur Samadhi Khetra
জুবিনক্ষেত্ৰত পঞ্জাবৰ শিখ সমাজে জনালে শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2026 at 8:32 PM IST

3 Min Read
Choose ETV Bharat

সোণাপুৰ : জুবিনক্ষেত্ৰত সোমবাৰে উপস্থিত হ'ল পঞ্জাবৰ শিখ সমাজ । সিদ্ধু মুছেৱালাৰ সৈতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ তুলনা কৰি আৱেগিক হৈ পৰিল পঞ্জাবৰ পৰা অহা অনুৰাগী । সংগীতৰ যে কোনো ভৌগোলিক সীমা নাই এই কথাষাৰকে পুনৰ প্ৰমাণ কৰিলে পঞ্জাবৰ পৰা অহা এদল পৰ্যটকে ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা অগাধ মৰম আৰু সন্মানৰ বাবেই সোমবাৰে পঞ্জাবৰ শিখ খালছা সমাজৰ লোকসকলে জুবিন ক্ষেত্ৰত উপস্থিত হৈ এক আৱেগিক পৰিৱেশত শ্ৰদ্ধাঞ্জলি জনায় ।

জুবিনক্ষেত্ৰত উপস্থিত পঞ্জাবৰ শিখ সমাজ (ETV Bharat Assam)

শিখ ধৰ্মীয় নীতিৰে শ্ৰদ্ধাঞ্জলি :

জুবিনক্ষেত্ৰলৈ আহি এই দলটোৱে শিখ ধৰ্মীয় নীতি অনুসৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কেৱল সেয়াই নহয়, তেওঁলোকে ঈশ্বৰৰ ওচৰত এক বিশেষ প্ৰাৰ্থনা কৰে- জুবিন গাৰ্গৰ দৰে এগৰাকী মহান সত্তাৰ যেন পুনৰ জন্ম পঞ্জাবৰ শিখ সমাজত হয় । তেওঁলোকৰ মতে, জুবিন গাৰ্গৰ দৰে এগৰাকী মহান শিল্পীৰ সান্নিধ্য লাভ কৰাটো তেওঁলোকৰ বাবে গৌৰৱৰ বিষয় হ’ব ।

Sikh community of Punjab trubute to Zubeen Garg in Sonapur Samadhi Khetra
জুবিনক্ষেত্ৰত পঞ্জাবৰ শিখ সমাজে জনালে শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

সিদ্ধু মুছেৱালা আৰু জুবিন গাৰ্গৰ আত্মিক সংযোগ :

এই অনুৰাগীসকলে জুবিন গাৰ্গক পঞ্জাবৰ প্ৰয়াত মহাতাৰকা সিদ্ধু মুছেৱালাৰ সৈতে তুলনা কৰি এক হৃদয়স্পৰ্শী মন্তব্য আগবঢ়ায় । তেওঁলোকে কয়, "আমাৰ সিদ্ধু মুছেৱালা যিদৰে এজন বিখ্যাত শিল্পী আছিল, যাৰ গানবোৰে আমাৰ গাৰ নোম শিয়ৰাই তুলিছিল, ঠিক তেনেদৰে জুবিন ভাইৰ কণ্ঠতো সেই একেই যাদু আছে । তেওঁলোকে অন্তৰৰ পৰা লিখে আৰু অন্তৰৰ পৰা গায় ।"

Sikh community of Punjab trubute to Zubeen Garg in Sonapur Samadhi Khetra
জুবিনক্ষেত্ৰত উপস্থিত পঞ্জাবৰ শিখ সমাজ (ETV Bharat Assam)

তেওঁলোকৰ মতে, মুছেৱালা আৰু জুবিন দুয়োগৰাকী শিল্পীৰ মাজত থকা আটাইতকৈ ডাঙৰ সাদৃশ্যটো হ'ল জনসাধাৰণৰ সৈতে থকা তেওঁলোকৰ পোনপটীয়া সংযোগ । দুয়োগৰাকী শিল্পীয়েই কেৱল মনোৰঞ্জনৰ বাবে নহয়, বৰঞ্চ মানুহৰ আৱেগক স্পৰ্শ কৰিব পৰাকৈ সংগীত সৃষ্টি কৰে ।

Sikh community of Punjab trubute to Zubeen Garg in Sonapur Samadhi Khetra
জুবিনক্ষেত্ৰত পঞ্জাবৰ শিখ সমাজে জনালে শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

জুবিন ক্ষেত্ৰৰ পৰা গামোচা লৈ যাত্ৰা :

জুবিন ক্ষেত্ৰত উপস্থিত হৈ পঞ্জাবৰ দলটোৱে সিদ্ধু মুছেৱালাকো সোঁৱৰণ কৰে । শিল্পীগৰাকীৰ প্ৰতি থকা মৰমৰ চিনস্বৰূপে তেওঁলোকে জুবিন ক্ষেত্ৰৰ পৰা স্মৰণিকা হিচাপে গামোচাও লৈ যায় । তেওঁলোকে কয় যে জুবিন গাৰ্গৰ কিছুমান গানৰ হিন্দী অনুবাদ পঢ়ি আৰু শুনি তেওঁলোক অভিভূত হৈ পৰিছে ।

Sikh community of Punjab trubute to Zubeen Garg in Sonapur Samadhi Khetra
জুবিনক্ষেত্ৰত পঞ্জাবৰ শিখ সমাজে জনালে শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

এই পৰ্যটকসকলে কয় যে এগৰাকী মহান শিল্পী কেনেকুৱা হ'ব পাৰে, সেয়া জুবিন ক্ষেত্ৰলৈ আহিহে অনুভৱ কৰিব পাৰি । শিল্পীগৰাকীৰ প্ৰতি থকা সন্মান আৰু তেওঁৰ সৃষ্টিৰাজিৰ মাজত বিৰাজ কৰা আধ্যাত্মিকতাই তেওঁলোকক মুগ্ধ কৰিছে । এয়ে প্ৰমাণ কৰিছে যে উত্তৰ-পূবৰ পৰা উত্তৰ ভাৰতলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জনপ্ৰিয়তা কেৱল সংগীতৰ মাজতেই সীমাবদ্ধ নহয়, ই এতিয়া এক আৱেগিক আৰু সামাজিক সাঁকোত পৰিণত হৈছে ।

লগতে পঢ়ক:বতাহ-বৰষুণৰ পৰা গ'ল্ডিক সুৰক্ষা দিবলৈ ত্ৰিপাল তৰিলে পত্নী গৰিমা গাৰ্গে

বতাহ-বৰষুণৰ মাজত অকলশৰীয়া গ'ল্ডি, মাজনিশা তেওঁৰ কাষত গৰিমা