ETV Bharat / state

আকৌ নাকচ হ'ল সিদ্ধাৰ্থৰ জামিন আবেদন

ন্যায়ধীশ পাৰ্থৱজ্যোতি শইকীয়াৰ আদালতে গ্ৰহণ নকৰিলে শুনানি ।

Siddharth Sharma's bail plea rejected by the High Court
আকৌ নাকচ হ'ল সিদ্ধাৰ্থৰ জামিন আবেদন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 4, 2026 at 4:23 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ফাষ্টট্ৰেক আদালতত চলি আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি । তাৰ মাজতে এই গোচৰৰ অন্যতম মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি বৃহস্পতিবাৰে গ্ৰহণ কৰে আদালতে । শ্যামকানু মহন্তৰ পাছত জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল জুবিন গাৰ্গ হত্যাকাণ্ডৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা ।

বৃহস্পতিবাৰে আছিল সিদ্ধাৰ্থৰ জামিন আবেদনৰ শুনানি । কিন্তু উচ্চ ন্যায়ালয়ে গ্ৰহণ নকৰিলে সিদ্ধাৰ্থৰ জামিন আবেদন । ন্যায়ধীশ পাৰ্থৱজ্যোতি শইকীয়াৰ আদালতে গ্ৰহণ নকৰিলে শুনানি । অন্য ন্যায়ধীশৰ বিচাৰপীঠলৈ স্থানান্তৰ কৰা হ'ব বিচাৰ । পঞ্জীয়কে অন্য ন্যায়ধীশৰ বিচাৰপীঠলৈ স্থানান্তৰ কৰাৰ পাছতহে শুনানি শুনানি গ্ৰহণ কৰা হ'ব ।

সমান্তৰালভাৱে মহাবীৰ একুৱাৰো শুনানি গ্ৰহণ নকৰিলে আদালতে । এই গোচৰলৈ সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী চেতন ধীৰাচেৰিয়া কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ । বিশেষ ফাষ্টট্রেক আদালতে মহাবীৰ একুৱা জব্দৰ নিৰ্দেশ প্ৰদান কৰাৰ পাছতে চেতন ধীৰাচেৰিয়া উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ।

উল্লেখ্য যে, ২৯ মে'ত মিতালী ঠাকুৰীয়াৰ আদালতে নাকচ কৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অন্য এক মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন । আনহাতে ২৬ মে'ত জুবিন গাৰ্গ হত্যা গোচৰৰ ৭ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জফ্ৰেমৰ ধাৰা আৰোপ কৰাৰ পাছত ৮ জুনৰ পৰা সাক্ষীৰ বাবে দিন ধার্য কৰিছে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে ।

মূল ৭ অভিযুক্তৰ ৬ জনৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগত ধাৰা আৰোপ কৰা হৈছে । ৮ জুনৰ পৰা আদালতত আৰম্ভ হ'ব বিচাৰ প্ৰক্ৰিয়া । ৮ জুনৰ পৰা প্ৰতিদিনে ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলিব । প্ৰায় ৩৪৯ গৰাকী সাক্ষীৰ ভিতৰত বিচাৰটোত সহায় হোৱাকৈ চৰকাৰী অধিবক্তাই সাক্ষী প্ৰদান কৰিব । ৩৬,৩৭,৩৮ ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাৰ অধীনত এই বিচাৰ প্ৰক্ৰিয়া চলিব বুলি প্ৰকাশ কৰিছে চৰকাৰী অধিবক্তাই ।

লগতে পঢ়ক: তিতাতকৈও তিতা তিতাবৰৰ ৰাস্তা-ঘাট, গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বিধস্ত পথ

লক্ষ্য মহিলা সবলীকৰণ : কুঁকুৰা পালন প্ৰকল্পৰ শুভাৰম্ভণি