একেদিনাই জামিন বিচাৰি আদালতৰ দ্বাৰস্থ সিদ্ধাৰ্থ-খেড়া
জামিন আৱেদনখনৰ ভিত্তিত মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে পৱন খেড়াৰ এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব ।

Published : April 20, 2026 at 7:25 PM IST
গুৱাহাটী: জামিন বিচাৰি একেটা দিনতে আদালতত আৱেদন দুগৰাকীকৈ চৰ্চাত থকা লোকৰ ৷ দুয়োগৰাকীয়ে একেটা দিনতে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷ তাৰে এগৰাকী হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত জড়িত অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে একাধিক পাছপ’ৰ্ট থকাৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছ নেতা পৱন খেড়া ৷
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ পিছত এইবাৰ সিদ্ধাৰ্থ শৰ্মাই আদালতত জামিন আৱেদন দাখিল কৰিছে । ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সোমবাৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই জামিন আৱেদন দাখিল কৰে । ইতিমধ্যে এই জামিন আৱেদনৰ প্ৰতিলিপি অসম চৰকাৰৰ লোক অধিবক্তাৰ দলক সোমবাৰে প্ৰদান কৰা হৈছে ।
উল্লেখযোগ্য যে, পূৰ্বে অভিযুক্ত শ্যামকানু মহন্তই আদালতত জামিন আৱেদন দাখিল কৰিছিল ৷ অভিযুক্ত মহন্তৰ জামিন আৱেদনৰ সন্দৰ্ভত ২২ এপ্ৰিলত আদালতে শুনানি গ্ৰহণ কৰিব । সেইদিনাই জিয়াউল কামাৰ নেতৃত্বাধীন লোক অধিবক্তাৰ দলে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আৱেদনৰ বিৰুদ্ধেও যুক্তি প্ৰদৰ্শন কৰিব ।
অগ্ৰিম জামিন বিচাৰি উচ্চ ন্যায়ালয়ত আৱেদন পৱন খেড়াৰ
কংগ্ৰেছ নেতা পৱন খেড়াই গুৱাহাটীৰ অপৰাধ আৰক্ষী শাখাত ৰুজু হোৱা গোচৰৰ ভিত্তিত অগ্ৰিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে । এই আৱেদনখনৰ ভিত্তিত মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে পৱন খেড়াৰ জামিন সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব ।
উল্লেখযোগ্য যে, কংগ্ৰেছ নেতা পৱন খেড়াই এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ তিনিখনকৈ পাছপ'ৰ্ট আৰু বিদেশত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল । এনে অভিযোগক ভিত্তিহীন আখ্যাৰে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই খেড়াৰ বিৰুদ্ধে গুৱাহাটীৰ অপৰাধ আৰক্ষী শাখাত গোচৰ ৰুজু কৰে ৷ এনে গোচৰৰ পিছতে আৰক্ষীয়ে পৱন খেড়াক বিচাৰি দিল্লী পৰ্যন্ত অভিযান চলাই যদিও গ্ৰেপ্তাৰত ব্যৰ্থ হয় । এই গোচৰতে এতিয়া কংগ্ৰেছ নেতাগৰাকীয়ে অগ্ৰিম জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ।
লগতে পঢ়ক: অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত : ২৪ এপ্ৰিলত হ'ব শাস্তি ঘোষণা

