আইনী সেৱাই দিয়া অধিবক্তা পচন্দ হোৱা নাই শ্যামকানুৰ; সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে উকীল সন্থাক আহ্বান
জুবিন মৃত্যুৰ গোচৰত অভিযুক্তৰ পক্ষত অৱতীৰ্ণ নহ'বলৈ অধিবক্তা সমাজে আহ্বান জনোৱাত হাহাকাৰ শ্যামকানুৰ পত্নীৰ ।

Published : December 12, 2025 at 7:12 PM IST
গুৱাহাটী: ’জুবিন গাৰ্গ হত্যা'ৰ ২৫/২০২৫ নম্বৰ গোচৰৰ তদন্তৰ অভিযোগনামা দাখিলৰ দিনাই আইনী সাহাৰ্যৰ বাবে অধিবক্তা বিচাৰি হাহাকাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পত্নীৰ । শুকুৰবাৰে অসম উকীল সন্থাৰ ওচৰ চাপে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই ৷
অৱশ্য়ে আইন সেৱা প্ৰাধিকাৰীয়ে দিয়া অধিবক্তা পচন্দ হোৱা নাই শ্যামকানু মহন্তৰ পত্নীৰ । সেয়েহে জুবিন হত্যাত অভিযুক্তৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ তেওঁ উকীল সন্থাক অনুৰোধ জনায় ।
মানৱীয়তাৰ খাতিৰত এই সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে অনুৰোধ জনাইছে শ্য়ামকানুৰ পত্নীয়ে ৷ এই কথা সদৰী কৰিছে গুৱাহাটী উকীল সন্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই ।
এই বিষয়ে উল্লেখ কৰি তেওঁ কয়, “শ্যামকানু মহন্তৰ পত্নীয়ে অধিবক্তা সমাজক আহ্বান জনাইছে । ওকালতিৰ বাবে অধিবক্তা সমাজক মিনতি কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে । আইন সেৱা প্ৰাধিকাৰীৰ পৰা অভিযুক্ত সকলে লাভ কৰিছে অধিবক্তা; কিন্তু সেই অধিবক্তা মনপচন্দ হোৱা নাই শ্যামকানু মহন্তৰ পত্নীৰ । সেয়ে নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰিবলৈ বিচাৰি আছে শ্যামকানুৰ পত্নীয়ে ৷”
গুৱাহাটী উকীল সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে লগতে কয়, “জুবিন মৃত্যুৰ গোচৰত অধিবক্তা সমাজে অভিযুক্তৰ পক্ষত অৱতীৰ্ণ নোহোৱাৰ আহ্বান জনাইছিল । সেই আহ্বান বিবেচনা কৰিবলৈ আবেদন দাখিল কৰিছে শ্যামকানুৰ পত্নী অনিতা দেৱী মহন্তই ৷”
স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয় যে যদিহে গোচৰটোত কোনো অধিবক্তাই আইনী যুঁজৰ বাবে শ্যামকানু মহন্ত আৰু হত্যাত অভিযুক্ত আন সকলক সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে তেন্তে কি হ'ব ? এই প্ৰসংগত উকীল সন্থাৰ সভাপতি গৰাকীয়ে কয় যে অভিযুক্তৰ বাবে অধিবক্তা নিয়োগ নকৰিলে শুনানিত অভিযুক্তই ন্যায় নোপোৱাৰ কথা উল্লেখ কৰাৰ সুযোগ পাব ৷
আনহাতে, উকীল সন্থা আৰু গুৱাহাটী হাইক'ৰ্ট বাৰ এছ’চিয়েশ্যনে আজিৰ তাৰিখত নিজৰ সিদ্ধান্তত অটল আছে যে কোনো অধিবক্তাই জুবিন হত্যাত অভিযুক্তৰ হৈ উকালতি বা আইনী সাহাৰ্য আগনবঢ়ায় । আনহাতে, এনে পৰিস্থিতিত লক্ষণীয় হ’ব যে চাৰ্জশ্বীট দাখিলৰ পিছত শ্যামকানু মহন্ত আৰু আন অভিযুক্ত সকলে কি দৰে আইনী সাহাৰ্য লাভ কৰিবলৈ সক্ষম হয় ।

