মচি পেলোৱা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি পুনৰ উজ্জীৱিত হ'ল দেৰগাঁৱত
চিত্ৰশিল্পী শ্যামল জ্যোতি বৰুৱাৰ হাতৰ পৰশত পুনৰ প্ৰাণ পাই উঠিল হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ।

Published : July 5, 2026 at 12:01 PM IST
দেৰগাঁও: প্ৰসংগ দেৰগাঁৱত হিয়া আমঠু জুবিন গাৰ্গৰ ফটো মচি পেলোৱা ঘটনা । দেৰগাঁৱত শুকুৰবাৰৰ দিনটোত সৃষ্টি হৈছিল এক উত্তেজনাময় পৰিস্থিতিৰ । হিয়াৰ আমঠু জুবিন গাৰ্গৰ এখন ফটো বগা ৰঙেৰে মচি পেলাইছিল মদন কাংকানী নামৰ ব্যৱসায়ীজনে ।
ব্যৱসায়ীগৰাকীৰ বাসগৃহৰ বাহিৰৰ এখন দেৱালত জুবিন গাৰ্গৰ ফটোখন অংকন কৰা হৈছিল । শুকুৰবাৰৰ দিনটোত ব্যৱসায়ীগৰাকীৰ নিৰ্দেশত ফটোখনমচি পেলোৱা হৈছিল । এই খবৰ সৰ্বত্ৰে বিয়পি পৰাৰ লগে লগে দেৰগাঁৱৰ জুবিন অনুৰাগীয়ে ৰুদ্ৰৰূপ ধাৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ।
সহস্ৰাধিক ৰাইজৰ ৰুদ্ৰৰূপ দেখি অৱশেষত নিজৰ ভুল স্বীকাৰ কৰি ব্যৱসায়ী মদন কাংকানীয়ে ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হৈ পৰিছিল । পুনৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবিখন পূৰ্বৰ স্থানতে অংকন কৰিবলৈ ব্যৱসায়ীজনে অনুৰোধ জনাইছিল । ব্যৱসায়ীজনে নিজেই সকলো যাৱতীয় ব্যৱস্থা কৰি দিছিল ।
অৱশেষত শনিবাৰে পুনৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ফটোখন অংকন কৰা হ'ল । ভৱিষ্যতে যাতে এনে ভুল পুনৰ দেৰগাঁৱত নহয় তাৰবাবেও দেৰগাঁৱৰ জুবিন অনুৰাগীয়ে সকীয়নি দিলে ।
প্ৰতিচ্ছবিখন পুনৰ অংকন কৰা সময়ত জুবিন অনুৰাগীসকলে মায়াবিনী গীত জুৰি প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰিলে ৷ নিশা পৰ্যন্ত সহস্ৰাধিক অনুৰাগীয়ে চিত্ৰশিল্পীগৰাকীয়ে ফটো অংকন কৰি থকা সময়লৈকে তেওঁ সংগ দি জুবিন গাৰ্গৰ চিৰযুগমীয়া গীতসমূহ পৰিৱেশন কৰি থাকে ।
এই সন্দৰ্ভত ছবিখন পুনৰ অংকন কৰি থকাৰ সময়তে এগৰাকী স্থানীয় লোকে কয়, "যি এটা ভুল হ'ল, সেই ভুলৰ কাৰণে দেৰগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মদন কাংকানীয়ে সকলোৰে ওচৰত ক্ষমা খুজিলে আৰু ভুল স্বীকাৰ কৰিলে । তাৰপাছত তেওঁ এইটোৱেই ক'লে যে পুনৰ ছবিখন অংকন কৰাই দিব । এতিয়া সেয়া অংকন কৰি থকা হৈছে ।"

