বাছতেই জীৱনৰ যাত্রা শেষ কৰা দ্বীপজ্যোতিৰ আদ্যশ্ৰাদ্ধ
২৩ মে’ত লখিমপুৰৰ নাওবৈচাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দ্বীপজ্যোতি বৰাৰ আদ্যশ্ৰাদ্ধ ৷

Published : June 2, 2026 at 5:33 PM IST
মাজুলী: দ্বীপজ্যোতি বৰাৰ মাজুলীৰ ঘৰখন আজি উদং ৷ কিয়নো ১১ দিনৰ পূৰ্বে শান্ত স্বভাৱৰ দ্বীপজ্যোতিয়ে এই ইংসংসাৰ এৰি গুচি গৈছিল ৷ মঙলবাৰে মাজুলীত ধৰ্মীয় ৰীতি-নীতিৰে আয়োজন কৰা হয় দ্বীপজ্যোতি বৰাৰ আদ্যশ্ৰাদ্ধৰ অনুষ্ঠান ৷
যোৱা ২৩ মে’ত লখিমপুৰৰ নাওবৈচাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছিল যুৱকজনে । গুৱাহাটীৰ পৰা কম্পিউটাৰ আইটি শিক্ষকৰ নিযুক্তি পত্ৰ লৈ ঘৰলৈ ঘূৰি আহি থকাৰ পথতে বাছ দুৰ্ঘটনাত পতিত হৈছিল দ্বীপজ্যোতি । ইপিনে, বুকুৰ ধনক হেৰুৱাই শোকত ম্ৰিয়মাণ হৈ পৰিছে দ্বীপজ্যোতিৰ মাতৃ তথা আত্মীয় ।
দ্বীপজ্যোতি বৰাৰ আদ্যশ্ৰাদ্ধৰ দিনা তেওঁৰ ভাতৃয়ে কয়, ‘‘সি বহুত সোনকালে গ’লগৈ ৷ তাৰ সপোনবোৰ আধৰুৱা হৈয়ে ৰ’ল ৷ মাক সি চাকৰি এটাৰ ইণ্টাৰভিউ দিবলৈ যাব বুলি কৈ গৈছিল ৷ উভতি অহাৰ পৰত সি হাতত সেই চাকৰিটোৰ নিযুক্তি পত্ৰ লৈ আহিছিল ৷ কিন্তু সি সেই কামটো কৰিবই নাপালে ৷ সকলো ঠিকে থকা হ'লে অহা মাঘত তাৰ বিয়া হোৱাৰ কথা আছিল ৷ কিন্তু সকলো আধৰুৱা হৈ ৰ’ল ৷’’

দ্বীপজ্যোতি বৰাৰ ভাতৃয়ে লগতে কয়, ‘‘সি বৰ শান্ত স্বভাৱৰ আছিল ৷ সকলোৱে ভাল পাইছিল ৷ আজি সি নোহোৱা হোৱাত সকলোৱে দুখ পাইছে ৷’’

তেওঁ আৰু কয়, ‘‘বাছখনৰ যাত্ৰাই তাৰ শেষ যাত্রা আছিল ৷ বাছখনৰ চালকৰ ভুলৰ বাবেই এই ঘটনাটো সংঘটিত হ’ল ৷ বাছৰ মালিক বা চালকে এবাৰ আহি ক্ষমা বিচৰা বা মাক দেখা দিয়া হ'লে ভাল আছিল ৷ কিন্তু আজিলৈকে তেওঁলোক নাহিল ৷’’

