ETV Bharat / state

লক্ষ্য স্থিৰ হ'লে সফলতা নিশ্চিত ! ৰূপহীহাটৰ পৰা নিউয়ৰ্কলৈ শ্বাবানাৰ স্বৰ্ণিল যাত্ৰা

সফলতাৰ বাট বুলি এখন ভিতৰুৱা গাঁৱৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা শ্বাবানা য়াছমিনৰ । সমাজৰ বহু নেতিবাচক কথাক আওকাণ কৰি সফলতাৰ বাটেৰে খোজ দিছে শ্বাবানা য়াছমিনে ।

Shabana Yasmin
শ্বাবানা য়াছমিনৰ সফলতাৰ আখ্যান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 4:28 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও: যদি জীৱনৰ বাটত আমি এটি স্থিৰ লক্ষ্যৰে আগবাঢ়োঁ, তেতিয়া সফলতাই নিজেই আমাক লগ দিয়ে ৷ সফলতা বিচাৰি হাবাথুৰি খোৱাতকৈ নিজৰ লক্ষ্যক অনুসৰণ কৰি একাগ্ৰতাৰে আগুৱাই যোৱাটোৱেই মূল কৰণীয় ৷ দৃঢ়তাৰে লক্ষ্যপ্ৰাপ্তিৰ এক স্বৰ্ণিল অধ্যায় ৰচিবলৈ সক্ষম হৈছে নগাঁৱৰ এগৰাকী জীয়াৰীয়ে ৷ সফলতাৰ বাটেৰে এখন ভিতৰুৱা গাঁৱৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা শ্বাবানা য়াছমিনৰ । সমাজৰ বহু নেতিবাচক কথাক আওকাণ কৰি সফলতাৰ বাটেৰে খোজ দিছে শ্বাবানা য়াছমিনে । ঘৰ এৰি যাব নোখোজা ছোৱালীজনী এতিয়া সফলতাৰ জখলা বগাই থাকিবগৈ লাগিব সাত সাগৰ তেৰ নদীৰ সিপাৰে । সৰুৰে পৰা ব্যতিক্ৰমী কিবা কৰাৰ সপোন দেখা শ্বাবানাক লৈ গৌৰৱাম্বিত নগাঁওবাসী ।

নগাঁও জিলাৰ ভিতৰুৱা ৰূপহীহাটৰ পৰা সফলতাৰ জখলা বগাই এতিয়া সাত সাগৰ তেৰ নদীৰ সিপাৰে নিউয়ৰ্কত সংস্থাপনৰ সুযোগ লাভ কৰিছে এইগৰাকী মেধাৱী ছাত্ৰীয়ে । ৰূপহীহাটৰ লগতে নগাঁও জিলাৰ নাম উজলাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ এটি আন্তঃৰাষ্ট্ৰীয় আইনী সংস্থা মলিক এণ্ড পপিয়েল, পি চি (Malik & popiel, PC)ত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ৰূপহীহাটৰ ছিৰাজুল হক আৰু হাচনাৰা খানমৰ কন্যা শ্বাবানা য়াছমিনে । ৰূপহীহাটৰ শ্বাবানাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কস্থিত আন্তঃৰাষ্ট্ৰীয় আইনী সংস্থাত নিযুক্তি লাভ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে তেওঁৰ পৰিয়ালৰ লগতে আত্মীয় তথা স্থানীয় লোক । বিভিন্নজনে শ্বাবানা য়াছমিনৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জনাইছে ।

নিউয়ৰ্কলৈ যাত্ৰা শ্বাবানা য়াছমিনৰ (ETV Bharat)

শ্বাবানা য়াছমিনৰ অনুভৱ:

সৰুৰে পৰা ব্যতিক্ৰমী কিবা কৰাৰ সপোন দেখা শ্বাবানাই আমেৰিকা যুক্তৰাষ্ট্ৰত কাম কৰাৰ সুযোগ লাভ কৰাত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত শ্বাবানা য়াছমিনে নিজৰ অনুভৱ ব্যক্ত কৰি কয়, “মোৰ এই সফলতা সম্ভৱ হোৱাৰ মূলতে মোৰ পিতৃ-মাতৃ । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰিম বুলি সকলোৱে আশা কৰিছিল যদিও সেই আশা সম্ভৱ কৰিব পৰা নাছিলোঁ । তেতিয়াৰ পৰাই সমাজৰ বিভিন্নজনে বহু নেতিবাচক কথাৰে সমালোচনা কৰিছিল । কিন্তু মোৰ পিতৃ-মাতৃয়ে মোক সাহস দিয়াত মই ভাঙি পৰা নাছিলোঁ ।’’

বিদেশত প্ৰতিষ্ঠা লাভ কৰি শ্বাবানাৰ অনুভৱ (ETV Bharat)

‘‘উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নামভৰ্তি কৰি পিতৃ-মাতৃৰ পৰামৰ্শত ইঞ্জিনিয়াৰিঙৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ । মাত্ৰ এবাৰ চেষ্টা কৰিয়েই সফল নোহোৱাত মই সিদ্ধান্ত সলনি কৰি ব্যতিক্ৰমী সফলতা বুটলিবলৈ সংগ্ৰাম আৰম্ভ কৰিছিলোঁ । প্ৰথমে বেংগালুৰুত পাঁচবছৰীয়া আইনী শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত USTM ৰ পৰা আইনত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি বাহিৰত প্ৰতিষ্ঠা লাভ কৰাৰ যুঁজত অৱতীৰ্ণ হৈছিলোঁ । নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে দেখা সপোন বাস্তৱ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় আইনী সংস্থা মলিক এণ্ড পপিয়েল, পিচিত নিযুক্তিৰ বাবে ইয়াত আবেদন কৰিছিলোঁ । দুটাকৈ সাক্ষাৎকাৰত অৱতীৰ্ণ হৈ সফল হ’বলৈ সক্ষম হওঁ ।” তেওঁ লগতে কয় ৷

সমালোচনাক আওকাণ কৰাৰ পৰামৰ্শ শ্বাবানাৰ (ETV Bharat)

সফলতাৰ বাটত আগুৱাবলৈ শ্বাবানা য়াছমিনৰ মন্ত্ৰণা:

জীৱনত সফলতা বুটলিবলৈ নতুন প্ৰজন্মক উদ্দেশ্যি ই টিভি ভাৰতৰ সন্মুখত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে শ্বাবানা য়াছমিনে । নতুন প্ৰজন্মক উদ্দেশ্যি শ্বাবানা য়াছমিনে কয়, “জীৱনত আগুৱাই যাবলৈ কেতিয়াও কোনো মানুহৰ নেতিবাচক কথাক গুৰুত্ব দিব নালাগে । সকলো নেতিবাচক কথাক আওকাণ কৰি কেৱল নিজকে আগবঢ়াই লৈ যোৱাতহে গুৰুত্ব দিব লাগে । মোক বহুতেই বহু কথা কৈছিল ৷ মোৰ এগৰাকী শিক্ষকেও আশাহত হোৱা বুলি কৈছিল ৷ মই বহু ক্ষেত্ৰত সমালোচনাৰ সন্মুখীন হৈছিলোঁ ৷ কিন্তু মোৰ মা-দেউতাই মোক সাহস দিছিল ৷ মানুহৰ কথা শুনাতকৈ নিজকে শক্তিশালী কৰি আগুৱাই যাব লাগে ৷”

শ্বাবানা য়াছমিনে নিযুক্তি লাভ কৰা মলিক এণ্ড পপিয়েল কি:

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটি আন্তঃৰাষ্ট্ৰীয় আইনী সংস্থা হৈছে মলিক এণ্ড পপিয়েল । মলিক এণ্ড পপিয়েলৰ মুখ্য কাৰ্যালয় হৈছে নিউয়ৰ্ক চহৰত । সংস্থাটো বিশেষকৈ অভিবাসন আইন, ব্যৱসায়িক আইন আৰু ভাৰত-আমেৰিকা সম্পৰ্কীয় আইনী বিষয়ত বিশেষজ্ঞ । আন্তঃৰাষ্ট্ৰীয় আইনৰ ক্ষেত্ৰত বিশেষ সুনাম থকা মলিক এণ্ড পপিয়েল নামৰ আইনী সংস্থাটোৱে বিশেষকৈ বিদেশী বিনিয়োগকাৰীৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক চুক্তি, ভিছা, আন্তৰাষ্ট্ৰীয় কোম্পানীৰ পঞ্জীয়ন, ভাৰতীয় ব্যৱসায়িক আইনৰ ক্ষেত্ৰত সেৱা আগবঢ়ায় ।

শ্বাবানাৰ লগতে স্থান লাভ কেৰালাৰ এগৰাকী ছাত্ৰৰ (ETV Bharat)

আন্তঃৰাষ্ট্ৰীয় আইনী সংস্থাটোত ভাৰতৰ পৰা মাত্ৰ দুগৰাকীয়েহে নিযুক্তি লাভ কৰা বুলি জানিবলৈ দিছে শ্বাবানা য়াছমিনে । কেৰালাৰ এগৰাকী ছাত্ৰই নিযুক্তি লাভ কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা একমাত্ৰ শ্বাবানা য়াছমিনেই নিযুক্তি লাভ কৰিছে এই সংস্থাত ৷

লগতে পঢ়ক:

NYIFF 2026 লৈ নিৰ্বাচিত অসমীয়া ছবি ‘আকূতি’: বিশ্ব প্ৰিমিয়াৰৰ বাবে সাজু পিতৃ-কন্যাৰ আৱেগিক কাহিনী

জীৱনে কোবাই কোবাই শিকালেও ওঁঠৰ হাঁহিটি হেৰোৱা নাই সুজাতা ৰাণীৰ