ETV Bharat / state

নগাঁৱৰ বিন্দাচ ধাবাত যৌনতাৰ বিন্দাচ বেহা !

নগাঁৱৰ বাইপাছৰ ধাবাত যৌনতাৰ বেহা । বিন্দাচ ধাবাত চলিছে বিন্দাচ যৌন ব্যৱসায় । আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই তথ্য ৷

Sex Racket busted in Nagaon
নগাঁৱৰ বাইপাছৰ ধাবাত যৌনতাৰ বেহা ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 16, 2025 at 7:29 AM IST

|

Updated : November 16, 2025 at 7:56 AM IST

2 Min Read
Choose ETV Bharat

নগাঁও : নগাঁৱৰ বৰঘাট বাইপাছৰ একাংশ ধাবাত যৌন ব্যৱসায় চলি অহা বুলি দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে ধাবাত যৌনতাৰ বেহা চলাৰ তথ্য । ধাবা খুলি একাংশ লোকে ধাবাৰ নামত কেৱল দেহ ব্যৱসায় চলাই থকাৰ অভিযোগ প্ৰায়েই উত্থাপন হোৱাৰ সময়তে শনিবাৰে নগাঁও আৰক্ষীৰ এটা দলে হঠাৎ অভিযান চলাই নগাঁৱৰ বৰঘাট বাইপাছৰ বিন্দাচ নামৰ ধাবাখনত ।

এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত পোহৰলৈ আহে ধাবাত যৌন ব্যৱসায় চলাৰ তথ্য । শনিবাৰে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হঠাৎ অভিযান চলাই ধাবাখনৰ ভিতৰত ।

বিন্দাচ ধাবাত চলিছে বিন্দাচ যৌন ব্যৱসায় ! (ETV Bharat Assam)

ধাবাৰ ভিতৰত প্ৰৱেশ কৰিয়েই কেবাহাল যুৱক-যুৱতীক অসংযত অৱস্থাত আটক কৰে বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসে ।

বাইপাছৰ বিন্দাচ ধাবাত চলোৱা অভিযানৰ সময়ত তিনিগৰাকী যুৱতীৰ লগতে চাৰিজন যুৱকক আটক কৰে নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ দলটোৱে । অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে । মাদক দ্ৰব্যৰ বটলৰ লগতে গৰ্ভনিৰোধক ঔষধো উদ্ধাৰ হয় বিন্দাচ ধাবাখনৰ পৰা ।

নগাঁৱৰ বিন্দাচ ধাবাত আৰক্ষীৰ দলে চলোৱা অভিযান সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসে কয়, “এই ধাবাখনৰ লগতে ওচৰে পাজৰে থকা ধাবাসমূহতো দেহ ব্যৱসায় চলি আছে বুলি আমি বহুদিনৰ পৰাই শুনি আছিলো । সেইটোৰ ভিত্তিতে আমি এটা অভিযান চলালো । ছোৱালী তিনিজনীৰ লগতে ল’ৰা কেবাজনকো অসংযত অৱস্থাত পাইছো ৷ লগতে গাড়ী এখনো জব্দ কৰিছো ।’’

লগতে পঢ়ক : নিশাৰ মাতাল মহানগৰী আৰু নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়...

লগতে পঢ়ক : সাংস্কৃতিক নগৰীৰ হোমষ্টে-ৰিজ'ৰ্টত চলিছে অভিসাৰ: আৰক্ষীৰ দুৰ্বলতাত জামিন পাই গুচি গ'ল মূল অভিযুক্ত

Last Updated : November 16, 2025 at 7:56 AM IST