কৃত্ৰিম বানৰ মাজত পাঠদান চলিছে ৰাজধানী গুৱাহাটীৰ চৰকাৰী বিদ্যালয়ত
নাৰেংগী প্ৰাথমিক বিদ্যালয়ত প্ৰাতঃসভা কৰা চোতাল পানীৰ তলত ।

Published : April 24, 2026 at 5:00 PM IST
গুৱাহাটী: কৃত্ৰিম বানত বুৰ যোৱা গুৱাহাটীৰ এখন চৰকাৰী বিদ্যালয়ত ব্য়াঘাত জন্মিছে পাঠদানত । যোৱা দেওবাৰে হোৱা মুষলধাৰ বৰষুণৰ পিছত কৃত্ৰিম বানৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে যোৱা সোমবাৰে মহানগৰীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছিল যদিও যোৱা মঙলবাৰৰ পৰা পুনৰ বিদ্যালয় খোলা হয় । পিছে মহানগৰীৰ কৃত্ৰিম বানত বুৰ যোৱা এই বিদ্য়ালয়খনত শিক্ষাৰ্থীয়ে বহিবলৈ নাই শুকান ঠাই ।
গুৱাহাটী মহানগৰীত কৃত্রিম বান কোনো নতুন কথা নহয় । মহানগৰবাসীৰ এই দীৰ্ঘদিনীয়া সমস্য়াৰ সমাধান নোহোৱাত উপায়ন্তৰ হৈ প্ৰায়ভাগ লোকে এতিয়া কৃত্ৰিম বানৰ সৈতে সহাৱস্থান কৰিবলৈ বাধ্য় হৈছে । আনকি এই বানত মূল্যবান সা-সম্পত্তি হেৰুওৱাটো তেনেই সাধাৰণ বিষয় বুলি গণ্য় কৰিবলৈ লৈছে । ইয়াৰ মাজতেই যিটো বিষয়ক লৈ মহানগৰবাসীৰ চকু কপালত উঠিছে সেয়া হৈছে জলমগ্ন হৈ থকা বিদ্য়ালয়ত পাঠদানত ব্য়াঘাত জন্মাটো ।
যোৱা দেওবাৰে নিশা হোৱা ভয়াৱহ কৃত্রিম বানত এগৰাকী মহিলাৰ মেনহলত পৰি মৃত্যু হৈছিল । আনহাতে পৰৱৰ্তী সময়ত আন তিনিটাকৈ মৃতদেহ উদ্ধাৰ হৈছিল । কৃত্ৰিম বানত বিপৰ্যস্ত হৈ পৰে জনজীৱন । বানৰ কৱলত পৰি মহানগৰীৰ কেতবোৰ অঞ্চলৰ পৰিয়ালৰ লোক গৃহবন্দী হ'বলগীয়া হৈছে । বিগত কেইবাদিন ধৰি কৃত্ৰিম বানৰ কৱলত আছে মহানগৰীৰ কেতবোৰ অঞ্চল । ষষ্ঠ দিনাও অপৰিবৰ্তিত কৃত্ৰিম বানৰ কবলত পৰিছে মহানগৰীৰ মাজমজিয়াৰ এখন চৰকাৰী বিদ্যালয় ।
নাৰেংগী প্ৰাথমিক বিদ্যালয়ত সম্প্ৰতি কৃত্ৰিম বানৰ মাজতেই চলি আছে পাঠদান । এক অস্বাস্থ্যকৰৰ লগতে কদৰ্যময় পৰিবেশৰ মাজতে বিদ্যালয়খনৰ কণ কণ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰিছে । শুকুৰবাৰে পুৱাই বিদ্যালয় খোলাৰ লগে লগে কণ কণ শিক্ষাৰ্থীসকলে লেতেৰা পানী গচকিয়ে বিদ্যালয়ত পাঠগ্ৰহণ কৰিছে । এটা শ্ৰেণী কোঠাতেই শিক্ষা গ্ৰহণ কৰিছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ।
নাৰেংগী প্ৰাথমিক বিদ্যালয়খনৰ চৌদিশে কৃত্ৰিম বান । বিদ্যালয়খনৰ মূল খেলপথাৰখনৰ উপৰি কেইবাটাও শ্ৰেণী কোঠা, মধ্যাহ্ন ভোজন কোঠা, শিক্ষকৰ জিৰণি কোঠা, বিদ্যালয়ৰ কাৰ্যালয় আদি সকলোতে একাঠু পানী । বিদ্যালয়খনত চৌদিশে কৃত্ৰিম বান সৃষ্টি হোৱাৰ ফলতেই দুটা শ্ৰেণীকোঠাত চাৰিটাকৈ শ্ৰেণীৰ পাঠদান কৰিবলগীয়া হৈছে ।
এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিদ্যালয় কৰ্তৃপক্ষই ক্ষোভ উজাৰি কয়, "বিদ্যালয়খনৰ প্ৰাতঃসভা কৰা চোতাল সম্পূৰ্ণৰূপে পানীৰ তলত আছে, যাৰ বাবে আমি প্ৰাতঃসভা অনুষ্ঠিত কৰিব পৰা নাই । গুৱাহাটীৰ বহু বিদ্যালয়ৰ তুলনাত ইয়াত ছাত্ৰ-ছাত্ৰী বেছি । বৰ্তমানে ৩০০তকৈ অধিক ছাত্ৰ-ছাত্ৰীযে অধ্যয়ন কৰি আছে । গতিকে তেওঁলোকক ভাল পৰিৱেশ দিয়াটো চৰকাৰ আৰু আমাৰ দায়িত্ব । এনেকুৱা চৰকাৰী স্কুলৰ দুৰৱস্থাৰ বাবে ব্যক্তিগত স্কুলৰ প্ৰতি গুৰুত্ব বাঢ়িছে । আমাৰ শ্ৰেণী অনুযায়ী শিক্ষক- শিক্ষয়িত্ৰী আছে;কিন্তু পৰিৱেশটো বেয়া হ'লে অভিভাৱকসকলে বেয়া পায় । আমাৰ প্ৰধান শিক্ষকৰ কোঠা, শিক্ষকৰ কোঠা, কাৰ্যালয়, শিক্ষাৰ্থীৰ শ্ৰেণীকোঠা পানীৰ তলত আছে । যাৰ ফলত আমি এটা কোঠাত দুটা শ্ৰেণী লগ লগাই পাঠদান কৰিব লগা হৈছে । সেয়েহে শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মিছে ।"
নাই উপযুক্ত নলা-নৰ্দমাৰ ব্য়ৱস্থা :
বিদ্যালয় কৰ্তৃপক্ষই পুনৰ কয়, "কণ কণ শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছে । ইয়াৰ বাবে চৰকাৰখনেই জগৰীয়া হ'ব । বিদ্যালয়খনত বৰ্তমানে নলা-নৰ্দমা সম্পূৰ্ণৰূপে ব্যাঘাতপ্ৰাপ্ত হোৱা বাবে বৰষুণ দিলেই কৃত্ৰিম বান হয় । চৰকাৰে যাতে সুপৰিকল্পিত ভাবে পৰিৱেশ সৃষ্টি কৰি ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াত সহায় কৰে ।"
উল্লেখ্য যে বিধানসভা নিৰ্বাচনত ইয়াতেই ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছিল । এই নাৰেংগী প্ৰাথমিক বিদ্যালয়খনত এজাক বৰষুণত প্ৰায়ে কৃত্ৰিম বানৰ সৃষ্টি হয় ।উল্লেখ যে ১৯৫০ চনত স্থাপিত বিদ্যালয়খনত বৰ্তমানে ৩০০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে ।
লগতে পঢ়ক:গুৱাহাটীৰ ভয়াৱহ কৃত্রিম বান : নলা নিষ্কাশনত হেমাহি কৰা প্ৰতিষ্ঠানলৈ কাৰণ দৰ্শোৱাৰ জাননী
বানত জুৰুলা গুৱাহাটীৰ জনতা: খবৰ ল’বলৈ আহৰি নহ’ল জনপ্ৰতিনিধিৰ, নাহিল কুংকি চৌধুৰী-বিজয় গুপ্তাও

