ETV Bharat / state

জোনাইত বাঢ়নী পানীৰ সোঁতে ভাঙিলে ৰে'লৱে দলং, ৰে'ল যোগাযোগ বিচ্ছিন্ন, পানীত উটি গ'ল দুজন

চিমেন, গাই নদীৰ ভয়াৱহ ৰূপ ৷ চিমেন নদীৰ ওপৰত থকা ৰে'লৱে দলঙৰ খুঁটা খহাই নিলে সোঁতে, ৰে'ল সেৱা ব্যাহত ৷

Jonai Flood
জোনাই চিমেন চাপৰিত ভাঙিল ৰে'লৱে দলং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 8:56 PM IST

2 Min Read
Choose ETV Bharat

জোনাই : দেওবাৰৰ দুপৰীয়াৰ পৰাই চিমেন নদী, ডিমৌ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে জোনাইৰ ভিন্ন প্ৰান্তত ৷ হঠাৎ ফেনে ফুটুকাৰে চিমেন নদীৰ জলস্তৰ বৃদ্ধি পোৱাত বালিখুটি, হৰিনাথপুৰ হাজং, হৰিনাথপুৰ বেংগলী, হৰিনাথপুৰ খেৰনীবস্তি, জামালপুৰ, গটপট্টা, ছাগলীকটা, জামালপুৰ আৰু লক্ষিমীপাৰা আদি প্ৰায় ১০ খনৰো অধিক গাঁও বানত বুৰ গৈছে ৷

ইফালে বালিখুটি গাঁৱৰ তিনিজনকৈ লোকে একেলগে গৰাৰ ওপৰত ৰৈ প্ৰত্যক্ষ কৰি থকা সময়তে তিনিজনকৈ লোকক উটুৱাই নিছে ৷ ইয়াৰে সুদামা যাদৱ(৭৯), কালু দাস(৬০)ৰ লগতে আন এজন লোকক চিমেন নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে ৷ ইয়াৰে এজনে কোনোমতে সাঁতুৰি প্ৰাণ ৰক্ষা কৰে যদিও বৰ্তমানলৈকে সুদামা যাদৱ আৰু কালু দাসৰ সন্ধান লাভ কৰা নাই বুলি জানিব পৰা গৈছে ৷

জোনাই চিমেন চাপৰিত ভাঙিল ৰে'লৱে দলং (ETV Bharat Assam)

সেই ঘটনাৰ ঠিক কেইমিনিট মানৰ পাছতে চিমেন নদীৰ ওপৰত থকা ৰে'লৱে দলঙৰ এটা খুঁটা খহাই নিয়াৰ ফলত দলঙখনৰ এটা অংশ ভাগি পৰে ৷ ফলত দেওবাৰে মুৰ্কংচেলেক অভিমুখী বা গুৱাহাটী অভিমুখি সকলোবোৰ ৰে'ল সেৱা বাতিল কৰিবলগীয়া হৈছে ৷ এই কথা জানিবলৈ দিছে ৰে'ল বিভাগৰ কৰ্তৃপক্ষই ৷

ইফালে ধেমাজিৰ মাজেৰে বৈ যোৱা গাই নদীৰ উৎপত্তিস্থলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ গাইনদীৰ উৎপত্তিস্থলৰ নামনি চিয়াং জিলাৰ চিজেত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ভূমিস্খলনৰ ফলত চিজিত জলস্তৰ আংশিকভাৱে আৱদ্ধ হৈ পৰিছে ৷ যাৰ বাবে গাইনদী নদীৰ জলস্তৰ ব্যাপকহাৰত বৃদ্ধি পাইছে । ইয়াৰ ফলত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ বৰলুং, আমগুৰি, চিচিবৰগাঁও, বেতনিপাম, শ্ৰীপাণি, নিলখ, মৰিধল আৰু গোহাঁইগাঁও গাঁও পঞ্চায়তৰ কিছু অংশত বানত ডুব যোৱাৰ সম্ভাৱনা আছে ৷

সমগ্ৰ পৰিস্থিতিৰ সন্দৰ্ভত ধেমাজি জিলা প্ৰশাসন, ভাৰতীয় সেনা, এনডিআৰএফ আৰু এছডিআৰএফে সমন্বিতভাবে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে । সংশ্লিষ্ট অঞ্চলসমূহৰ ৰাইজক সতৰ্কতা অৱলম্বন কৰি নিৰাপদ স্থানত থাকিবলৈ বিনম্ৰ অনুৰোধ জনাইছে প্ৰশাসনে ৷

লগতে পঢ়ক:ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী, দুই মন্ত্ৰীক তাৎক্ষণিকভাৱে জিলাখন ভ্ৰমণৰ নিৰ্দেশ