ETV Bharat / state

পথ-দলং সংযোগী স্থানতেই তীব্ৰ খহনীয়া: বাঁহৰ প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিয়ে দায়িত্ব সামৰিছে বিভাগে

বিপদসংকুল পৰিস্থিতিত যাত্ৰা কৰিবলগীয়া হৈছে বাহন । যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে দুৰ্ঘটনা ।

Dhansiri River erosion in Sarupathar
ধনশিৰি নৈৰ পথ-দলং সংযোগী স্থানতেই তীব্ৰ খহনী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 2:52 PM IST

4 Min Read
Choose ETV Bharat

সৰুপথাৰ: ৰাজ্যৰ চৌদিশে এতিয়া উন্নয়নৰ ৰঙীন বিজ্ঞাপন দেখিবলৈ পোৱা যায় । দেশৰ পাঁচখন উন্নত ৰাজ্যৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত হ'বই বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰাৰ সময়তো বিভিন্ন ঠাইত ৰাইজে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে । সৰুপথাৰ সমজিলা আৰু কাৰ্বি আংলং জিলাক সংযোগ কৰা ধনশিৰি নৈৰ ওপৰত থকা এখন দলঙে যাতায়তৰ উন্নয়নৰ প্ৰকৃত ছবিখন দাঙি ধৰিছে ।

গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলা আৰু কাৰ্বি আংলং জিলাক সংযোগ কৰা ধনশিৰি নৈৰ ওপৰত থকা দলঙক লৈ শংকাত স্থানীয় ৰাইজৰ লগতে যাত্ৰীসকল । লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত পথ আৰু দলং সংযোগী স্থানতেই তীব্ৰ খহনীয়াৰ সৃষ্টি হৈছে । যাৰ ফলত পথছোৱা আৰু দলঙৰ মাজত সংযোগ বিচ্ছিন্ন হোৱাৰ আশংকা প্ৰকট হৈ উঠিছে ।

ধনশিৰি নৈৰ পথ-দলং সংযোগী স্থানতেই তীব্ৰ খহনী (ETV Bharat Assam)

খহনীয়াৰ বাবে বিপদসংকুল পৰিস্থিতিত যাত্ৰা কৰিবলগীয়া হৈছে বাহনসমূহ । উল্লেখ্য় যে ধনশিৰি নৈৰ ওপৰত থকা দেওপানী পাৰঘাটৰ পকী দলংখনে গোলাঘাটৰ সৰুপথাৰ সমজিলা আৰু কাৰ্বি আংলং জিলাক সংযোগ কৰিছে । সৰুপথাৰ দিশৰ পৰা গৈ ১২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দলংখন নিৰ্মাণ হৈছিল কিছু বছৰ পূৰ্বে । দলংখনৰ পাৰত তীব্ৰ খহনীয়া হোৱাত ৰাইজক সতৰ্ক কৰিবলৈ বাঁহেৰে প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি বিভাগীয় কৰ্তৃপক্ষই সামৰিছে দায়িত্ব।

ৰাইজৰ লগতে যাত্ৰীসকলে আশংকা কৰা মতে, যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে । লগতে এনেধৰণৰ খহনীয়াৰ ফলত যিকোনো সময়তেই দলংখনৰ লগতে পথৰ সংযোগ বিচ্ছিন্ন হ'ব পাৰে বুলিও আশংকা কৰিছে স্থানীয় ৰাইজে । উক্ত পথেৰেই কাৰ্বি আংলং জিলাৰ দেওপানীত থকা ইতিহাস প্ৰসিদ্ধ দেওপানী মন্দিৰলৈ যায় । তদুপৰি ১২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ হৈ এফালে নাগালেণ্ডৰ ডিমাপুৰ আৰু আনফালে গোলাঘাটৰ নুমলীগড়ৰ পথ সংযোগ কৰিছে ।

Dhansiri River erosion in Sarupathar
ধনশিৰি নৈৰ পথ-দলং সংযোগী স্থানতেই তীব্ৰ খহনীয়া (ETV Bharat Assam)

সম্প্ৰতি দলংখনৰ এটা পাৰত তীব্ৰ খহনীয়া হোৱাৰ ফলত যিকোনো মুহূৰ্তত সংযোগ বিচ্ছিন্ন হোৱাৰ আশংকা প্ৰকাশ কৰি এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, "যিসকেল নিৰ্মাণৰ কাম কৰিছিল তেওঁলোকে চাব লাগে, অন্যথা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । কেনেবাকৈ যদি সংযোগ বিচ্ছিন্ন হয় ইপাৰৰ লোক সিপাৰলৈ, সিপাৰৰ লোক আনটো পাৰলৈ অহা-যোৱা কৰাত অসুবিধা হ'ব । গতিকে আমি অনুৰোধ জনাইছো যে সামান্য ভুলৰ কাৰণেই গোটেই দলংখন যাতে বেয়া নহয় । খহনীয়াৰ ফলত এফালৰ পৰা যদি এখন গাড়ী যায় আনটো ফালৰ পৰা গাড়ী যাব নোৱাৰে । এই খহনীয়া ৰোধ কৰিব পাৰিলেহে পকী দলং নিৰ্মাণ হোৱাৰ অৰ্থ সাৰ্থক হ'ব ।"

আন এগৰাকী ব্যক্তিয়ে কয়,"ৰাইজে ক'লে কি হ'ব, বিভাগে একোৱেই নকৰে । এই খহনীয়াৰ ফলত যিকোনো মুহূৰ্তত ছিঙি যাব পাৰে । দলংখন নিৰ্মাণ হোৱাৰ পিছৰে পৰাই এই খহনীয়া আৰম্ভ হৈছে ।" এজন স্থানীয় যুৱকে কয়,"সৰুপথাৰ সমজিলা আৰু কাৰ্বি আংলং জিলাক সংযোগ কৰা এইটো মূল পথ । খহনীয়াৰ ফলত ছিঙি যোৱাৰ অৱস্থালৈ ৰূপান্তৰ হৈছে দলংখন । এই খহনীয়াৰ ফলত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে । তাৰ পূৰ্বেই চৰকাৰে ব্য়ৱস্থা গ্ৰহণ কৰক । লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা আহি সামান্য শিল আৰু ব'ল্ডাৰ দি খহনীয়া ৰোধ কৰাৰ চেষ্টা চলায় । কোনো ধৰণৰ বিজ্ঞানসন্মত প্ৰযুক্তিগতভাৱে খহনীয়া ৰোধ কৰা নাই ।"

এই প্ৰসংগত এজন যুৱকে কয়, "দলংখন নিৰ্মাণ হোৱাৰ পিছৰে পৰাই এই খহনীয়া আৰম্ভ হৈছে । সৰুপথাৰ সমজিলা আৰু কাৰ্বি আংলং জিলাৰ ১২৯ নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰে এই পথটোৱে । সামান্য শিল, ব'ল্ডাৰ দিয়েই দায়িত্ব সামৰাৰ ফলতেই পুনৰ খহনীয়াৰ সৃষ্টি হয় । বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰেই এই দলঙৰ খহনীয়া ৰোধ কৰিবলৈ অনুৰোধ জনাইছো ।"

লগতে পঢ়ক:বহি গ'ল বেকী নদীৰ দলঙৰ মাজ অংশ; নাৱেৰে বিপদসংকুলভাৱে পাৰাপাৰ স্থানীয় ৰাইজৰ

দলং নাই, মৰণত শৰণ দি শিক্ষাৰ্থীৰ আলোক সন্ধানী যাত্ৰা