ETV Bharat / state

উত্তৰ-পূৰ্বাঞ্চলত কেইবাদিনলৈ অব্য়াহত থাকিব প্ৰচণ্ড শীত; ঘন কুঁৱলীৰ সতৰ্কবাণী

অহা পাঁচ দিনত অসম, মেঘালয়ত সৰ্বাধিক তাপমাত্ৰা ২ৰ পৰা ৩ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাব পাৰে ।

Dense fog warning in Northeast
উত্তৰ-পূৰ্বাঞ্চলত ঘন কুঁৱলীৰ সতৰ্কবাণী (file photo- ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 7:23 AM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: আগন্তুক কেইবাদিনত উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ অঞ্চলত শীত আৰু শুকান বতৰ অব্যাহত থাকিব । অৱশ্যে ঠায়ে ঠায়ে ঘন কুঁৱলীৰ বাবে স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মিব পাৰে । এই সতৰ্কবাণী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীয়ে ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা শেহতীয়া তথ্য অনুসৰি ত্ৰিপুৰা আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বৰ্তমান ঘূৰ্ণিবতাহীয় পৰিসঞ্চালন সক্ৰিয় হৈ আছে, যি সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত । অৰুণাচল প্ৰদেশৰ একাংশ স্থানত পাতল বৰষুণ হোৱাৰ সম্ভাৱনা দেখা গৈছে । অৱশ্য়ে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত শুকান বতৰেই আধিপত্য বিস্তাৰ কৰিছে ।

মিজোৰামত নিশাৰ তাপমাত্ৰা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে যদিও আন ৰাজ্যসমূহত বিশেষ পৰিৱৰ্তন হোৱা নাই । তাপমাত্ৰা মিজোৰামত স্বাভাৱিকতকৈ তলত, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত প্ৰায় স্বাভাৱিক আৰু মণিপুৰত স্বাভাৱিকতকৈ অলপ ওপৰত নথিভুক্ত হৈছে ।

আগন্তুক ৫ দিনৰ পূৰ্বাভাস:

আগন্তুক পাঁচ দিনত অৰুণাচল প্ৰদেশৰ একাংশ স্থানত পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । লগতে ৰাজ্যখনৰ উচ্চ পৰ্বতীয়া অঞ্চলত পাতলৰ পৰা মধ্যমীয়া তুষাৰপাত হোৱাৰো সম্ভাৱনা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

আনহাতে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত শুকান বতৰ অব্যাহত থাকিব । এই সময়ছোৱাত অঞ্চলজুৰি সৰ্বাধিক তাপমাত্ৰা ২ৰ পৰা ৩ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাব পাৰে আৰু স্বাভাৱিকতকৈ তলত বা যথেষ্ট তলত থাকিব । পিছলৈ তাপমাত্ৰা লাহে লাহে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । সৰ্বনিম্ন তাপমাত্ৰাত বিশেষ পৰিৱৰ্তন নোহোৱা বুলি কোৱা হৈছে যদিও অলপ বৃদ্ধি হোৱাৰ অনুমান কৰা হৈছে।

কুঁৱলীৰ সতৰ্কবাণী :

আগন্তুক কেইবাদিন ধৰি অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ একাংশ স্থানত পাতলৰ পৰা মধ্যমীয়া কুঁৱলী পৰাৰ সম্ভাৱনা আছে । বিশেষকৈ পুৱাৰ সময়ছোৱাত ঘন কুঁৱলী পৰাৰ আশংকা সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে ।

প্ৰথম দুদিনত উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ ৰাজ্যত ঠায়ে ঠায়ে ঘন কুঁৱলী পৰিব পাৰে । তৃতীয় দিনৰ পৰা কুঁৱলীৰ প্ৰভাৱ লাহে লাহে হ্ৰাস পাব বুলি অনুমান কৰা হৈছে । পঞ্চম দিনত কোনো ধৰণৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাই । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পথ আৰু আকাশী যাত্ৰা কৰা যাত্ৰীসকলক বিশেষকৈ পুৱতি নিশা আৰু পুৱাৰ সময়ছোৱাত সাৱধানতা অৱলম্বন কৰিবলৈ জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

লগতে পঢ়ক:৩১ ডিচেম্বৰলৈ অসমত অব্যাহত থাকিব ঘন কুঁৱলীৰ লগতে শীতৰ প্ৰকোপ

কুঁৱলী কিছু কমিলেও কমা নাই শীতৰ প্ৰকোপ: আগন্তুক কেইটা দিনৰ বতৰ কেনে থাকিব