গুৰুজনাৰ হাতৰ আখৰবোৰ চাবলৈ মন যায় যদি ক'ত চাব পাৰিব?
বৰপেটাৰ পাটবাউসীৰ শ্ৰীশ্ৰীশংকৰদেৱ থান সত্ৰত আজিও সংৰক্ষিত হৈ আছে শংকৰদেৱৰ বহু অমূল্য সম্পদ ।

Published : June 6, 2026 at 2:46 PM IST
|Updated : June 6, 2026 at 4:54 PM IST
বৰপেটা: গুৰুজনাৰ হাতৰ আখৰবোৰ বাৰু কেনেকুৱা আছিল ? গুৰুজনাই বহা পীৰাখন কেনেকুৱা আছিল ? গুৰুজনাই লিখিবলৈ ব্যৱহাৰ কৰা মেজখনেইবা কেনেকুৱা আছিল ? আপোনাৰ বাৰু জানিবলৈ মন নাযায়নে ? বৰপেটাৰ পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ থান সত্ৰত আজিও সংৰক্ষিত কৰি ৰখা হৈছে গুৰুজনাৰ সৃষ্টিৰাজি, তেওঁ ব্যৱহাৰ কৰা সা-সামগ্ৰী ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মভূমি বৰপেটাৰ পাটবাউসীৰ শ্ৰীশ্ৰীশংকৰদেৱ থান সত্ৰত সংৰক্ষিত হৈ আছে গুৰুজনাৰ বহু অমূল্য সম্পদ ৷ মহাপুৰুষ শ্ৰীশ্রীমাধৱদেৱে ১৫৮৩ খ্ৰীষ্টাব্দত এই সত্ৰখন স্থাপন কৰিছিল । ইয়াৰ সংগ্ৰহালয়ত গুৰুজনাৰ হাতৰ আখৰ থকা অতি দুষ্প্ৰাপ্য পুথি আৰু তেওঁ ব্যৱহাৰ কৰা সামগ্ৰীসমূহো অতি শ্ৰদ্ধাৰে সংৰক্ষণ কৰা হৈছে । থানখনৰ চৌহদতে থকা সংগ্ৰহালয়টো সেইবাবে অসমৰ এক অমূল্য সম্পদ ৷
ঐতিহ্যমণ্ডিত সত্ৰখনৰ নামঘৰীয়া থিৰেশ্বৰ দাসে কয়, "গুৰুজনাই সাঁচিপাতত লিখা প্ৰথম স্কন্ধ ভাগৱত, আদ্য দশম, কীৰ্তন ঘোষা আৰু গুণমালা ইয়াতেই সংৰক্ষিত হৈ আছে ৷ তদুপৰি ছখন নাটক নিমি নব সিদ্ধি, পত্নী প্ৰসাদ, কালিয় দমন, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল আৰু ৰাম বিজয় সংৰক্ষিত হৈ আছে ৷ এই সংগ্ৰহালয়তে আছে মাধৱ গুৰুজনাৰ ভক্তি ৰত্নাৱলী, ৰামচৰণ ঠাকুৰৰ কংসবধ আৰু দৈত্যাৰী ঠাকুৰৰ শ্যামন্তক হৰণো ৷"


দাসে লগতে কয়, "গুৰুজনাৰ সময়ত ভাওনাত কাঠৰ মুখা ব্যৱহাৰ কৰা হৈছিল ৷ তেনে কেইবাখনো মুখা সংগ্ৰহালয়টোত সংৰক্ষিত কৰা হৈছে ৷ ইয়াৰোপৰি সত্ৰখনত কালিন্দী আইৰ বিচনা, কালিন্দী আইৰ বাবে মাধৱদেৱৰ অনুৰোধত গোপাল আতাই খান্দি দিয়া কুঁৱাটোও আছে ৷ শ্ৰীমন্ত শংকৰদেৱে গা ধোৱা শিল আৰু তেৰাৰ পদশিলাও ইয়াতেই সংৰক্ষিত হৈ আছে ৷"
তদুপৰি সংগ্ৰহালয়টোত গুৰুজনাৰ স্মৃতি জড়িত ‘গুৰু আসন’সমূহো আছে । গুৰুজনাই ব্যৱহাৰ কৰা মেজ আৰু গুৰুআসনৰ নিৰ্মাণ আছিল চমকপ্ৰদ ৷ মেজখন এনেদৰে তৈয়াৰ কৰা হৈছিল যে তাক বহা পীৰা হিচাপেও ব্যৱহাৰ কৰিব পাৰি আৰু লিখিবলৈ মেজ হিচাপেও ব্যৱহাৰ কৰিব পাৰি ৷


গুৰুজনাই ১৮ বছৰ ছমাহ পাটবাউসীত বাস কৰিছিল ৷ পাটবাউসীত সত্ৰ পাতি তেওঁ চৌদিশে ধৰ্মপ্ৰচাৰ কৰিছিল ৷ পাটবাউসীত সত্ৰখন অসম চৰকাৰৰ সত্ৰ উন্নয়ন আঁচনিৰ অধীনত নতুন ৰূপত সাজি উলিওৱা হৈছে ৷ কেইবা কোটি টকা ব্যয়ৰে সত্ৰখনক দিয়া নতুন ৰূপে সকলোকে আকৰ্ষিত কৰিছে ৷ সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি বীৰেন্দ্ৰ চক্ৰৱৰ্তীয়ে সত্ৰখন পুনৰ্নিমাণৰ ৯৫ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ কথা জানিবলৈ দিয়ে ৷


চক্ৰৱৰ্তীয়ে লগতে কয় যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ ৩ আগষ্ট তাৰিখে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতিবিজড়িত ঐতিহাসিক পাটবাউসী সত্ৰ পৰিদৰ্শন কৰি সত্ৰৰ উন্নয়নমূলক কাম-কাজ পৰ্যালোচনা কৰে আৰু ইয়াৰ উন্নয়ন আৰু সমৰ্থনৰ বাবে পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰে । ইয়াৰ পাছত তেওঁ বাজেটত দুয়োখন সত্ৰৰ বাবে প্ৰায় ১৫ কোটি টকা ধাৰ্য কৰিছিল আৰু ২০২৫ ৰ ১৪ মাৰ্চত থানখনৰ উন্নয়ন কামৰ আৰম্ভ কৰা হৈছিল ৷ তাৰপাছতে থানখনে নতুন ৰূপ লাভ কৰে বুলি তেওঁ সদৰী কৰি ইতিমধ্যে সম্পূৰ্ণ হোৱা কামখিনি দেখিয়েই সত্ৰখন চাবলৈ অহা মানুহৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰে ৷

