ETV Bharat / state

বাছ-পিকআপ বাহনৰ মুখামুখি সংঘৰ্ষ, কেইবাজনো আহত

প্ৰত্যক্ষদৰ্শীৰ মতে ভুল দিশেৰে আহি পিকআপ বাহনত খুন্দা মাৰিছিল বাছখনে । দুৰ্ঘটনাটোত ৭ ৰো অধিক লোক আহত ।

bus pickup van collision
বাছ-পিকআপ বাহনৰ মুখামুখি সংঘৰ্ষ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 2:55 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: উজনিৰ নৱনিৰ্মিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিদিনে সংঘটিত হ'বলৈ লৈছে এটাৰ পিছত আন এটা পথ দুৰ্ঘটনা । দুৰ্ঘটনা ৰোধৰ বাবে অসম আৰক্ষী আৰু পৰিবহণ বিভাগে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । একাংশ চালকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভুল দিশেৰে বাহন চলাই অহাৰ বাবেই দুৰ্ঘটনাবোৰ বেছিকৈ সংঘটিত হৈছে বুলি একাংশ স্থানীয় লোকে অভিযোগ কৰিছে ।

ডিব্ৰুগড়ৰ খোৱাং বাগান তিনিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । ডিব্ৰুগড় অভিমুখী AS-০২-BC-৯৭৬১ নম্বৰৰ যাত্ৰীবাহী বাছ আৰু মৰাণ অভিমুখী AS-০৬-CC-৭০৪১ নম্বৰৰ পিকআপ বাহনৰ মুখামুখি সংঘৰ্ষ হয় । পিকআপ বাহনখনৰ চালক আৰু কৰ্মচাৰী এজন আহত হয় । লগতে বাছখনৰো কেইবাগৰাকী যাত্ৰী আহত হয় । পিকআপ বাহনখনৰ চালক পাপু সিং আৰু কৰ্মচাৰী শিৱ চাৱাচীৰ আঘাত গুৰুতৰ হোৱাৰ বাবে দুয়োকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

বাছ-পিকআপ বাহনৰ মুখামুখি সংঘৰ্ষ (ETV Bharat)

পিকআপ বাহনখন খোৱাং চাৰিআলিৰ পৰা আহি থকা অৱস্থাত ডিব্ৰুগড় অভিমুখী বাছখনে ভুল দিশেৰে গৈ খুন্দা মাৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে । দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পথটো মুকলি কৰাৰ ব্যৱস্থা কৰে ।

দুৰ্ঘটনাটো সন্দৰ্ভত এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, "বাছখনে ভুল দিশেৰে আহি পিকআপ বাহনখনত খুন্দা মাৰিছে । পিকআপ বাহনখনৰ চালক আৰু সহযোগীজন গুৰুতৰভাৱে আহত হয় । কিন্তু বাছ চালকজনে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে । বাছত থকা বহু যাত্ৰীয়ে আঘাত পাইছে ।"

তেওঁ লগতে কয়, "ভুল পথেৰে বাহন চলোৱাৰ বাবে ইয়াত প্ৰায়ে পথ দুৰ্ঘটনা হৈ আছে । পুৱতি নিশাৰ পৰা নৈশ বাছবোৰ ভুল পথেৰে আহে । খোজকাঢ়ি যাবলৈও ভয় হয় । কিছুদিন পূৰ্বে আৰক্ষীয়ে বাহনবোৰ ধৰি জৰিমনা বিহিছিল কিন্তু আজিকালি সেই ব্যৱস্থা নাই ।" উল্লেখ্য যে ৰাইজে অভিযোগ কৰাৰ দৰে ভয়ংকৰ পথ দুৰ্ঘটনা এটা হোৱাৰ পাছতহে আৰক্ষী আৰু পৰিবহণ বিভাগ সাৰ পায় । কিন্তু পথ দুৰ্ঘটনাৰ পাছত দুটা দিন সক্ৰিয় হৈ দায়িত্ব শেষ কৰে । ফলত মৰাণ আৰু খোৱাঙত নতুনকৈ নিৰ্মাণ কৰা চাৰিলেনযুক্ত পথত প্ৰায়ে পথ দুৰ্ঘটনা সংঘটিত হৈছে ।

লগতে পঢ়ক :

পত্নীৰ হত্যাকাৰীক চৰম শাস্তিৰ দাবী চিকিৎসক ৰঞ্জিত শইকীয়াৰ