ETV Bharat / state

ৰাজ্যত নতুনকৈ নিৰ্মাণ হ'ব ৭ খন কাৰাগাৰ : বিধানসভাত ঘোষণা মন্ত্ৰীৰ

ৰাজ্যৰ কাৰাগাৰসমূহত বর্তমান আছে ১১,২৪১ কাৰাবন্দী । ৫ বছৰত বিচাৰাধীন হৈ থকা অভিযুক্তৰ সংখ্যা ২৯,৮৮২ জন ৷

Seven new jails will be built in Assam
বিধানসভা (Assam Legislative Assembly fb post)
author img

By ETV Bharat Assamese Team

Published : November 29, 2025 at 8:13 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : "ৰাজ্যত নতুনকৈ আৰু সাতখন জিলা কাৰাগাৰ নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে । কিয়নো ৰাজ্যৰ প্ৰায়বোৰ কাৰাগাৰ নগৰ বা চহৰৰ মাজত থকাৰ কাৰণে বহু সমস্যা হয় । সেইখিনিও তাৰ পৰা উলিয়াই নি কিছু মুকলি স্থানত নিৰ্মাণ কৰাৰ বাবেও প্ৰস্তাৱ লোৱা হৈছে । ডি পি আৰ প্ৰস্তুত কৰি গড়কাপ্তানী বিভাগক দিয়া হৈছে । এতিয়া পুঁজি সাপেক্ষে কাৰাগাৰসমূহ পৰৱৰ্তী সময়ত নিৰ্মাণ কৰা হ’ব ।" এই বক্তব্য ৰাজ্যৰ গৃহ বিভাগৰ কাৰাগাৰৰ দায়িত্বত থকা মন্ত্ৰী ৰূপেশ গোৱালাৰ ।

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ শনিবাৰে অন্তিম দিনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জিলা কাৰাগাৰ সন্দৰ্ভতত উত্থাপন কৰা প্ৰশ্নৰ আঁত ধৰি বিজেপি বিধায়ক মানৱ ডেকাই সোধা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰূপেশ গোৱালাই ৰাজ্যত আৰু ৭খন নতুন জিলা কাৰাগাৰ নিৰ্মাণ কৰিব বুলি সদৰী কৰে ।

Seven new jails will be built in Assam
বিধানসভাত মন্ত্ৰী ৰূপেশ গোৱালা (ETV Bharat Assam)

মন্ত্ৰী ৰূপেশ গোৱালাই সদনত সদৰী কৰা অনুসৰি এই নতুন সাতখন জিলা কাৰাগাৰ ক্ৰমে শিলচৰ, তেজপুৰ, শিৱসাগৰ, ধুবুৰী, উত্তৰ লখিমপুৰ, মঙলদৈ আৰু গোৱালপাৰা জিলাত নিৰ্মাণ কৰা হ’ব । ইফালে সদনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী ৰূপেশ গোৱালাই কয়, "অসমৰ মুঠ ৩৩ খন জিলা কাৰাগাৰত মুঠ পঞ্জীয়নভুক্ত ক্ষমতা হৈছে ১১,৩৭২ আৰু এই সংখ্যাৰ বিপৰীতে কাৰাগাৰসমূহৰ বৰ্তমান কাৰাবন্দীৰ সংখ্যা হৈছে ১১,২৪১ গৰাকী ।"

আনহাতে বিগত পাঁচ বছৰত জিলা কাৰাগাৰসমূহত বন্দী হৈ থকা অপৰাধীৰ সংখ্যা আৰু বিচাৰাধীন হৈ থকা অভিযুক্তৰ সংখ্যা সদৰী কৰি ৰূপেশ গোৱাই জনাই যে বিগত ২০২০ চনত বন্দী হৈ থকা অপৰাধীৰ সংখ্যা ৫৭৩ জনৰ বিপৰীতে বিচৰাধীন হৈ থকা অভিযুক্ত আছিল ২৩,৭৭২জন ৷

একেদৰে ২০২১ চনত বন্দী হৈ থকা অপৰাধীৰ সংখ্যা ৬৮৭ জনৰ বিপৰীতে বিচৰাধীন হৈ থকা অভিযুক্ত ২৫,১৯৯ জন, ২০২২ চনত বন্দী হৈ থকা অপৰাধীৰ সংখ্যা ১২০৬ জনৰ বিপৰীতে বিচৰাধীন হৈ থকা অভিযুক্ত ৩০,৫৭২ জন, ২০২৩ চনত বন্দী হৈ থকা অপৰাধীৰ সংখ্যা ১৮৪৪ জনৰ বিপৰীতে বিচৰাধীন হৈ থকা অভিযুক্ত ৪০,৭৮৫ জন, ২০২৪ চনত বন্দী হৈ থকা অপৰাধীৰ সংখ্যা ১৯৭৬ জনৰ বিপৰীতে বিচৰাধীন হৈ থকা অভিযুক্ত ৩৪,২৮৭ জন আৰু চলিত ২০২৫ চনৰ পহিলা জানুৱাৰী পৰা বন্দী হৈ থকা অপৰাধীৰ সংখ্যা ১৩৪০ জনৰ বিপৰীতে পহিলা নবেম্বৰলৈ বিচৰাধীন হৈ থকা অভিযুক্ত ২৯,৮৮২ জনলৈ বৃদ্ধি পায় ৷

একেদৰে এই পৰ্যন্ত জিলা কাৰাগাৰসমূহত কাৰাবন্দীৰ সৈতে কোনো যৌন আতিশয্যৰ ঘটনা সংঘটিত হোৱা নাই বুলি সদৰী কৰি মন্ত্ৰী ৰূপেশ গোৱালাই লগতে জনাই যে বৰ্তমান কাৰাগাৰসমূহত মহিলা কাৰাবন্দীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ আছুতীয়া স্থান আছে । আনহাতে কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত মহিলা কাৰাবন্দীৰ পঞ্জীয়নভুক্ত ক্ষমতা ১০০ গৰাকী আৰু তাৰ বিপৰীতে বৰ্তমান ৭৩ গৰাকী মহিলা কাৰাবন্দী আছে ।

মন্ত্রীগৰাকীয়ে কয়, "একেদৰে Prison reform অনুসৰি ভাৰত চৰকাৰৰ "Support to Poor Prisoners" আঁচনিৰ অধীনত Convicts আৰু Under trail Prisoner সকললৈ আর্থিক সাহাৰ্য প্ৰদান কৰা হয় । Convict ৰ জৰিমণাৰ বাবে দিবলগীয়া ধণৰ পৰিমাণ আৰু Under trail Prisoners ৰ জামিণৰ বাবে প্রয়োজনীয় ধণৰ পৰিমাণ এই আঁচনিয়ে বহন কৰে । এই আঁচনিৰ অধীনত এতিয়ালৈকে মুঠ ২২ জন Under trail Prisoners আৰু ১ জন Convict লৈ মুঠ ২,৮৩,০০০ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে । ইয়াৰ উপৰিও Prison reform অনুসৰি কাৰাগাৰসমূহত আধুনিক স্নানাগাৰ, পাকঘৰ আৰু শুবৰ বাবে মেট্রেচ, গাৰু আদিৰ ব্যৱস্থা কৰা হৈছে । অসম দক্ষতা বিকাশ অভিযানৰ অধীনত কাৰাবন্দীসকলৰ দক্ষতা প্রশিক্ষণ দিয়া হয় আৰু এন জি অ'ৰ দ্বাৰা নিয়মীয়াকৈ কাৰাবন্দীসকলক হস্তকৰ্মৰ প্ৰশিক্ষণ দিয়া হয় ।"

লগতে পঢ়ক : তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰসংগত আলোচনা কৰিবলৈ নিদিয়াত কংগ্ৰেছৰ সদন ত্যাগ

লগতে পঢ়ক : গৰু-ম'হক লৈ বিধানসভাত ভীষণ চৰ্চা: ছিণ্ডিকেটৰ কাণ্ডাৰী কোন ? প্ৰশ্নটোৰ উত্তৰ লাগে বিৰোধীক