ETV Bharat / state

সত্ৰৰ ভূমি বেদখল কৰা লোকৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ পোষকতা অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ

শনিবাৰে অসম বিধানসভাৰ নৱ-নিৰ্বাচিত অধ্যক্ষ তথা ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে পত্নীৰ সৈতে বৰপেটা সত্ৰ দৰ্শন কৰি অসমবাসীৰ মংগল কামনাৰ্থে শৰাই আগবঢ়ায় ৷

Senior BJP leader Ranjeet Kumar Dass visited Barpeta Satra
বৰপেটা সত্ৰ দৰ্শন ৰণজিৎ কুমাৰ দাসৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2026 at 2:50 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা: "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সত্ৰৰ মাটি বেদখল নকৰিবলৈ সকলোকে মুকলিকৈ আহ্বান জনাইছিল ৷ যদিহে কোনো লোকে সত্ৰৰ মাটি দখল কৰে, তেন্তে নিশ্চয়কৈ তেওঁলোকক উচ্ছেদ কৰা হ’ব ৷ সেই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে ৷ আমি নিজৰ স্থিতিত অটল আছো ৷" এই মন্তব্য অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ ৷

দাসে লগতে কয়, "কোনোৱে যদি সত্ৰৰ মাটি দখল কৰি আছে, তেন্তে অতি সোনকালে সেই ঠাইৰ পৰা আঁতৰি যাওঁক, নহ’লে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ আগন্তুক সময়ত চৰকাৰে কেৱল বেদখলীকৃত মাটিত উচ্ছেদ চলোৱাই নহয়, সেই মাটি দখল কৰা লোকৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে দুনাই কোনো লোকে সত্ৰৰ মাটি দখল কৰিব নোৱাৰে ৷"

বৰপেটা সত্ৰ দৰ্শন ৰণজিৎ কুমাৰ দাসৰ (ETV Bharat Assam)

শনিবাৰে অসম বিধানসভাৰ নৱ-নিৰ্বাচিত অধ্যক্ষ তথা ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে পত্নীৰ সৈতে বৰপেটা সত্ৰ দৰ্শন কৰি অসমবাসীৰ মংগল কামনাৰ্থে বৰপেটা সত্ৰত শৰাই আগবঢ়ায় ৷ বৰপেটা সত্ৰ দৰ্শন কৰি বৰপেটাৰ উন্নয়নৰ ক্ষেত্ৰত আগন্তুক সময়ত ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস দিয়ে ৰণজিৎ কুমাৰ দাসে ৷

Senior BJP leader Ranjeet Kumar Dass visited Barpeta Satra
বৰপেটা সত্ৰত ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)

উল্লেখ্য যে, এইবাৰ বৰপেটাৰ পৰা দীপক কুমাৰ দাস আৰু ভৱানীপুৰ সৰভোগৰ পৰা ৰণজিৎ কুমাৰ দাস বিধায়ক হিচাবে বিধানসভালৈ নিৰ্বাচিত হৈছে ৷ যিহেতু সত্ৰনগৰী বৰপেটা হৈছে দাসৰ জন্মভূমি ৷ সেই সূত্ৰে অগপৰ দীপক কুমাৰ দাসৰ সৈতে লগ লাগি দুয়ো এইবাৰ বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি তেওঁ সংবাদ মাধ্য়মৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মহানগৰীত আন এখন উৰণসেতু মুকলি