নাগৰিক সম-সংহিতাৰ সপক্ষে-বিপক্ষে কোনে কি কয় ?
নাগৰিক সম-সংহিতা বিধেয়ক ২০২৬ৰ সন্দৰ্ভত কি ক’লে জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু বিজেপি নেতা মমিনুল আৱালে ?

Published : May 27, 2026 at 2:59 PM IST
হায়দৰাবাদ: বৰ্তমান ৰাজ্যজুৰি চৰ্চিত বিষয়টো হৈছে নাগৰিক সম-সংহিতা বিধেয়ক ২০২৬ । ইয়াৰ সপক্ষে বা বিপক্ষে থিয় দিছে বিভিন্ন পক্ষ ৷ আইনীভাৱে কোনোবাই যদিহে ইয়াক গ্ৰহণযোগ্য নহয় বুলি কৈছে আন কোনোজনে আকৌ ইয়াৰ গ্ৰহণযোগ্যতা সম্পৰ্কে যুক্তিসংগত ব্যাখ্যা আগবঢ়াইছে ৷
এই প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে অসম বিধানসভাত দাখিল কৰা সম-নাগৰিক সংহিতা-২০২৬ বিধেয়কখন সংবিধানৰ Article 44 ত উল্লেখ থকা সম-অধিকাৰ আইন নহয় বুলি কয় ৷ ই টিভি ভাৰতক তেওঁ কয়, "সংবিধানৰ Article 44 উল্লেখ কৰা হৈছে যে, ‘The State shall endeavour throughout the territory of India For all Citizens অৰ্থাৎ ৰাজ্যই সমগ্ৰ ভাৰতৰ ভূখণ্ডত নাগৰিকসকলৰ বাবে একেধৰণৰ নাগৰিক সংহিতা নিশ্চিত কৰাৰ প্ৰয়াস কৰিব ৷ এই আইনখনে সকলো শ্ৰেণীৰ মানুহক সাঙুৰি ল’ব লাগিব ৷’ কিন্তু চৰকাৰে যিখন আইন কৰিব বিচাৰিছে সেইখন কেতিয়াও ইউচিচিৰ দ্বাৰা প্ৰভাৱিত হোৱা নাছিল ৷ কাৰণ এই বিধেয়কত উল্লেখ কৰা কেইবাখনো আইন বৰ্তমান আছে ৷"

জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয়, "আমি বিধেয়কখন উত্থাপনৰ এদিন পূৰ্বে সভা পাতি সকলো সম্প্ৰদায়ৰ বিশেষজ্ঞ, ধৰ্মীয় পণ্ডিতৰ লগতে আলোচনা কৰি বিষয়টোৰ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলো ৷ এই বিধেয়কখন গৃহিত কৰাৰ বাবে কোনো খৰখেদা কৰা প্ৰয়োজন নাছিল ৷ কিন্তু তেওঁলোকৰ (চৰকাৰ) ইমান খৰখেদা লাগিছে যে প্ৰথম অধিবেশনতেই এই আইনখন আনিব বিচাৰিছে ৷ তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে বাবেই তেওঁলোকে এইখন জাপি দিব বিচাৰিছে ৷"
এটা সম্প্ৰদায়ক লক্ষ্য কৰি এই আইনখন প্ৰণয়নৰ অভিযোগ তুলি তেওঁ ইয়াৰ দ্বাৰা অশান্তিৰ বিয়পোৱাৰ আশংকা প্ৰকাশ কৰি কয়, "কেৱল মুছলিম আইনৰ বাবেহে এইখন অনা হৈছে ৷ এইটো ৰাজনৈতিক এজেণ্ডা ৷ তেওঁলোকে এটা সম্প্ৰদায়ক লক্ষ্য কৰি লৈছে ৷ তেওঁলোকে ভাবে নেকি ইয়াৰ দ্বাৰা সমগ্ৰ দেশ তথা অসমত শান্তি আহি যাব ৷ অশান্তি বিচাৰিছে তেওঁলোকে, শান্তি বিচৰা নাই ৷"
ইফালে বিজেপি নেতা মমিনুল আৱালে এই বিধেয়কখনক লৈ আপত্তি কৰাৰ পৰিবৰ্তে আদৰণি জনাবলগীয়াহে বিধেয়ক বুলিহে কয় । এই আইনে সকলোকে একে আওঁতাৰ ভিতৰত সাঙুৰি ল’ব বুলি উল্লেখ কৰি তেওঁ কয়, "মুছলমানে অপৰাধ কৰিলে সেইখন বেলেগ আইনৰ জৰিয়তে বেলেগে বিচাৰ হ’ব, সনাতনীয়ে অপৰাধ কৰিলে বেলেগে বিচাৰ হ’ব, জনজাতীয়ে অপৰাধ কৰিলে বেলেগে বিচাৰ হ’ব, সেইটো হ’ব নালাগে ৷ সম আইনৰ যোগেদি ভাৰতীয় নাগৰিক হিচাপে সকলোৰে একে মৰ্যাদা যেতিয়া বিচাৰ প্ৰক্ৰিয়া একেই হ’ব লাগে ৷"

ইফালে বিৰোধীয়ে উমৈহতীয়া দেৱানী বিধি, অসম বিধেয়ক ২০২৬ খন সমালোচনা কৰা সন্দৰ্ভত তেওঁ কংগ্ৰেছ দলক সমালোচনা কৰি কয়, অসমত কংগ্ৰেছ দল অবৈধ বাংলাদেশীৰ দ্বাৰা জীয়াই আছে ৷ তেওঁ কয়, "বিধানসভাত যিখিনি মানুহে অভিযোগ কৰি আছে তেওঁলোক ভাৰতীয় বংশোদ্ভৱ মানুহ নহয় ৷ তেওঁলোকৰ ১৯ জন বিধায়কৰ ১৮ জনেই বাংলাদেশী মূলৰ ৷ তেওঁলোক জন্মসূত্ৰে ভাৰতীয় হৈছে কিন্তু তেওঁলোকৰ চিন্তা-চৰ্চা এতিয়াও সলনি হোৱা নাই ৷ তেওঁলোকেতো এইখন আইন অনাত বেয়া পাবই ৷ অসমৰ সকলো ধৰ্মাৱলম্বী, সকলো জাতি-জনগোষ্ঠী, নাগৰিকৰ কাৰণে যদি এখন আইনৰ জৰিয়তে সকলো মীমাংসা হ’বলৈ ধৰে, তেন্তে তেওঁলোকৰতো অস্তিত্বই নাইকিয়া হ’ব ৷ সেয়ে তেওঁলোকে বিৰোধিতা কৰিছে ৷"
তেওঁ আৰু কয়, "বাংলাদেশীৰ লগতে আলোচনা কৰাৰ কথাই নাহে ৷ যিখিনি মানুহ প্ৰকৃততে বাংলাদেশী, মিঞাৰ লগত আৰু আলোচনা কৰাৰ কথাই নাহে ৷ কাৰ লগত আলোচনা কৰা হৈছে, কাৰ লগত কৰা হোৱা নাই তেওঁলোকে নাজানে ৷ তেওঁলোকে জানে তেওঁলোকৰ লগত আলোচনা কৰা হোৱা নাই ৷"

