ETV Bharat / state

৪২ বছৰৰ পাছত ৰাজহুৱা হ’ল ‘তিৱাৰী আয়োগ’ৰ প্ৰতিবেদন

তিৱাৰী আয়োগৰ প্ৰতিবেদনত উল্লেখ থকা অনুসৰি ’৮৩ সংঘৰ্ষত ২,২৬,৯৫১ গৰাকী গৃহহীন হোৱাৰ লগতে ২,৪৮,২৯২ গৰাকী লোকে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হয় ।

TIWARI COMMISSION REPORT
৪২ বছৰৰ পাছত ৰাজহুৱা হ’ল ‘তিৱাৰী আয়োগ’ৰ প্ৰতিবেদন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 9:39 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : সুদীৰ্ঘ ৪২ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা হ’ল তিৱাৰী আয়োগ । ১৯৮৩ চনত ৰাজ্যত সংঘটিত সংঘৰ্ষক লৈ গঠন হোৱা সংঘৰ্ষময় পৰিস্থিতিৰ তদন্তৰ বাবে ১৯৮৩ চনৰ ১৪ জুলাইত অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ত্ৰিভুবন প্ৰসাদ তিৱাৰীৰ নেতৃত্বত গঠন কৰা হৈছিল তদন্ত আয়োগ । এই আয়োগে ১৯৮৪ ৰ মে’ মাহত চূড়ান্ত প্ৰতিবেদন দাখিল কৰে ।

সুদীৰ্ঘ ৪২ বছৰ ধৰি অন্ধকাৰত থকা ‘তিৱাৰী আয়োগ’ৰ প্ৰতিবেদন তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত সংবাদ প্ৰতিষ্ঠান ‘দ্য ক্ৰছকাৰেণ্ট’এ লাভ কৰিবলৈ সক্ষম হয় । দেওবাৰে মহানগৰীৰ হোটেল এপ’ল’ গ্ৰেণ্ডত অনুষ্ঠিত এক আলোচনা চক্ৰত সংবাদ প্ৰতিষ্ঠানটোৱে এই প্ৰতিবেদন প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰে ।

তিৱাৰী আয়োগৰ প্ৰতিবেদনত ১৯৮৩ চনত ৰাজ্যত সংঘটিত সৰ্বমুঠ ৮,০১৯ টা ঘটনাৰ বিষয়ে উল্লেখ আছে । বিভিন্ন গোষ্ঠীৰ মাজত সংঘটিত এই সংঘৰ্ষত নিহত হয় মুঠ ২০৭২ গৰাকী লোক । আৰক্ষীৰ গুলীত ২৩৫ গৰাকী সাধাৰণ নাগৰিক নিহত হোৱাৰ বিপৰীতে ১৪ গৰাকী চৰকাৰী চাকৰিয়ালৰো মৃত্যু হয় ।

তিৱাৰী আয়োগৰ প্ৰতিবেদনত উল্লেখ থকা অনুসৰি ’৮৩ সংঘৰ্ষত ২,২৬,৯৫১ গৰাকী গৃহহীন হোৱাৰ লগতে ২,৪৮,২৯২ গৰাকী লোকে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হয় । দেওবাৰে অনুষ্ঠিত এই আলোচনা চক্ৰত অৱসৰপ্ৰাপ্ত মুখ্য সচিব জ্যোতি প্ৰসাদ ৰাজখোৱা, অধিবক্তা শান্তনু বৰঠাকুৰ, জ্যেষ্ঠ সাংবাদিক বেদব্ৰত লহকৰে অংশগ্ৰহণ কৰে ।

অধিবক্তা শান্তনু বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত কয়, "৪২ বছৰ আগতে দিয়া প্ৰতিবেদনখন বিধানসভাৰ মজিয়াত দাখিল নকৰাকৈ তথ্য জনা অধিকাৰ আইনৰ অধীনত ৰাজহুৱা কৰিছে । তেনেকুৱা প্ৰতিবেদন এখনৰ ওপৰত আজিৰ দিনত কি ধৰণ ব্যৱস্থা গ্ৰহণ কৰিব, প্ৰশ্ন উত্থাপন হৈছে । অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ পূৰ্বৰ ৰূপটো বদলি হৈছে । এতিয়া নতুন নতুন দিশ আহিছে ।"

তেওঁ লগতে কয়, "তিৱাৰী আয়োগত প্ৰব্ৰজনৰ কথা কৈছিল । ধৰ্ম নিৰ্বিশেষে প্ৰব্ৰজনৰ কথা কৈছিল । তিৱাৰী আয়োগ সঁচা অৰ্থত ৰূপায়ণ কৰিব বিচাৰিলে প্ৰথমে 'কা' বাতিল কৰিব লাগিব । এইটো প্ৰথম কৰণীয় কাম । তদুপৰি বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰূপায়ণ কৰিব লাগিব । এই দুটা কাম নকৰাকৈ তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰিব । মই ভাবোঁ সেইটোত এটা ৰাজনৈতিক উদ্দেশ্যৰ বাহিৰে আন কাৰণ হ'ব নোৱাৰে । "

লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যু গোচৰ : ন্যায়িক আয়োগত অন্তিম দিনা বিভিন্নজনে দাখিল কৰিলে শপতনামা