পানী মেটেকাই বহুতকে দেখুৱাইছে আশাৰ ৰেঙণি, স্বাৱলম্বী হৈছে শতাধিক মহিলা
পানী মেটেকাৰ জৰিয়তে বুলিছে স্বাৱলম্বিতাৰ পথ । তৈয়াৰ কৰিছে ভিন্ন আকৰ্ষণীয় সামগ্ৰী ।

Published : February 27, 2026 at 11:14 AM IST
সোণাপুৰ: এসময়ত যি পানী মেটেকাক মানুহে কেৱল আবৰ্জনা বা অপকাৰী উদ্ভিদ বুলি জ্ঞান কৰিছিল, সেই পানী মেটেকাই এতিয়া এগৰাকী মহিলাৰ জীৱনলৈ আনিছে আশাৰ ৰেঙণি । ক্ষেত্ৰীৰ জুৰি দাসে পানী মেটেকাৰ জৰিয়তে কেৱল নিজেই স্বাৱলম্বী হোৱা নাই, বৰঞ্চ অঞ্চলটোৰ শতাধিক মহিলাক দেখুৱাইছে জীৱন-জীৱিকাৰ এক নতুন পথ ।
সংগ্ৰামৰ পৰা সফলতাৰ শিখৰলৈ:
জীৱন সংগ্ৰামৰ আৰম্ভণিতে জুৰি দাসে অৰ্থনৈতিকভাৱে বহু বাধাৰ সন্মুখীন হৈছিল । কিন্তু থমকি ৰোৱা নাছিল তেওঁ । ২০১৪ চনত ক্ষেত্ৰীস্থিত 'নেডফি' (NEDFI) কেন্দ্ৰত পানী মেটেকাৰ পৰা সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁ এক নতুন যাত্ৰা আৰম্ভ কৰে । নিজৰ একাগ্ৰতা আৰু মনোবলৰ বলত তেওঁ ঘৰতে পানী মেটেকাৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি ব্যৱসায় আৰম্ভ কৰে ।
প্ৰস্তুত প্ৰণালী আৰু সামগ্ৰীসমূহ:
পানী মেটেকাৰ পৰা সামগ্ৰী তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াটো অতি সূক্ষ্ম । স্থানীয় জলাশয়ৰ পৰা পানী মেটেকা সংগ্ৰহ কৰা হয় । মেটেকাবোৰ প্ৰথমে প্ৰখৰ ৰ’দত ভালদৰে শুকুৱাই লোৱা হয় । শুকান মেটেকাবোৰ মেচিনত দি সামান্য চেপেটা কৰি লোৱা হয় যাতে সেইবোৰ গুঠিবলৈ সহজ হয় । পিছত ইয়াৰ পৰা যোগাসনৰ মেট, বিভিন্ন ধৰণৰ বেগ, টুপী, খৰাহি, ফাইল ক'ভাৰ, টিফিন ক'ভাৰ, বটল ক'ভাৰ আনকি চোলা পৰ্যন্ত প্ৰস্তুত কৰা হয় ।

সমাজলৈ অৱদান আৰু প্ৰশিক্ষণ:
জুৰি দাসে কেৱল নিজৰ ব্যৱসায়তে আবদ্ধ নাথাকি ২০২৪ চনত 'বীণাপানী কলা নিকেতন'ৰ জৰিয়তে 'স্কীল ডেভেলপমেন্টৰ জড়িয়তে প্ৰশিক্ষণ প্ৰদান কৰি বহু মহিলাক এই শিল্পৰ সৈতে জড়িত কৰিছে । তেওঁৰ সান্নিধ্যত এতিয়া বহু মহিলাই নিজৰ হাত খৰচ উলিয়াবলৈ সক্ষম হৈছে আৰু আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ চলিব পাৰিছে ।

বজাৰ আৰু চাহিদা:
জুৰি দাসে জনোৱা মতে, তেওঁলোকে প্ৰস্তুত কৰা সামগ্ৰীৰ বজাৰত কোনো অভাৱ নাই । বিভিন্ন এন জি অ’ই (NGO) এই সামগ্ৰীসমূহ ক্ৰয় কৰি নিয়াৰ উপৰিও দেশ-বিদেশতো ইয়াৰ ব্যাপক সমাদৰ লাভ কৰিছে । বৰ্তমান বহু লোকে নিজাববীয়াকৈও সামগ্ৰীৰ অৰ্ডাৰ দিয়ে ।

জুৰি দাসে জনাই,"কাম কোনো সৰু বা ডাঙৰ নহয় । একাগ্ৰতা আৰু ধৈৰ্য থাকিলে যিকোনো কামৰ জৰিয়তে জীৱন সুন্দৰ কৰি তুলিব পাৰি । মই আমাৰ মহিলাসকলক অনুৰোধ জনাওঁ যে ঘৰুৱা কামৰ অন্তত ৰাহি হোৱা সময়খিনি এনে উৎপাদনমুখী কামত খৰচ কৰিলে নিশ্চয়কৈ স্বাৱলম্বী হ’ব পাৰিব ।"


যি সময়ত ৰাজ্যত নিবনুৱা সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিছে, তেনে সময়ত জুৰি দাস এতিয়া অঞ্চলটোৰ বাবে এক আদৰ্শ হৈ পৰিছে । কেৱল চৰকাৰী চাকৰিৰ পিছত দৌৰাতকৈ নিজৰ সৃজনীমূলক চিন্তাৰে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি, তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এইগৰাকী মহিলাই । তেওঁৰ এই যাত্ৰাই প্ৰমাণ কৰিলে যে 'কৰ্মই ধৰ্ম' আৰু একাগ্ৰতা থাকিলে সফলতা নিশ্চিত ।

